অসমৰ ধেমাজি জিলাৰ সীমামূৰীয়া গেৰুকামুখ অঞ্চলত ২০০৫ চনৰ পৰা এৰাধৰাকৈ যি নদীবান্ধ নির্মাণ কৰি থকা হৈছে, সেই নির্মাণকার্য বর্তমানে প্রায় সমাপ্তিৰ পথত বুলি বাতৰিত প্রকাশ পাইছে৷ এতিয়ালৈ যি ১৫–২০ শতাংশ কাম বাকী আছে, সেইখিনিও সোনকালেই সম্পূর্ণ হৈ উঠাৰ আশা আছে বুলি প্রকাশ৷ ২০০০ মেগাৱাট উৎপাদনক্ষম এই প্রকল্প ২০২৩ চনৰ জুলাইত কার্যক্ষম হৈ উঠিব বুলি হৈ অহা চর্চাৰ বিপৰীতে যোৱা ২৪ আগষ্টত কেন্দ্রীয় শক্তিমন্ত্রী কৃষ্ণপাল গুৰজাৰৰ প্রকল্পস্থলী পৰিদর্শন আৰু ২০২২ চনৰ জুলাইৰ পৰা উৎপাদন আৰম্ভ কৰাৰ নির্দেশ জাৰি কৰাৰ পিছৰ পৰাই কেন্দ্রীয় চৰকাৰৰ অধীনৰ নির্মাণকাৰী প্রতিষ্ঠান এন এইচ পি চিৰ কর্মতৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈ উঠিছে৷ উল্লেখ্য যে বান্ধটোৰ নির্মাণকার্য আসোঁৱাহযুক্ত হোৱাৰ উপৰি ইয়াত বান–খহনীয়া প্রতিৰোধী ব্যৱস্থাৰ অভাৱ আৰু বিশেষকৈ নামনিৰ লোকৰ বাবে প্রয়োজনীয় সুৰক্ষা ব্যৱস্থা নকৰা আদি অভিযোগেৰে কৃষক মুক্তি সমাজ, আছু, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদকে ধৰি ৰাজ্যখনৰ প্রায় এশৰো অধিক জাতীয় সংগঠনে সময়ে সময়ে কৰি অহা প্রতিবাদৰ হেতুকে তথা ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ বাধাৰ হেতুকে ২০১২ চনৰ ডিচেম্বৰৰ পৰা বান্ধ নির্মাণৰ কাম বন্ধ হৈ আছিল৷ ইয়াৰ সমান্তৰালভাৱে অৱশ্যে বান্ধৰ আসোঁৱাহৰ সত্যাসত্য নিৰূপণ আৰু প্রয়োজনীয় সংশোধনীৰ উদ্দেশ্যে কেন্দ্রীয় চৰকাৰৰ ফালৰ পৰা অসমৰ বিশিষ্ট লোকৰ দ্বাৰা গঠিত বিশেষজ্ঞ কমিটী, থাট্টে–ৰেড্ডী কমিটী গঠনৰ বাহিৰেও প্রতিবাদকাৰী সংগঠনৰ লগত নতুন দিল্লীত এখন আলোচনাও অনুষ্ঠিত হৈছিল৷ পিছে আজিকোপতি সর্বসন্মত সিদ্ধান্তত উপনীত হৈ উঠাৰ বার্তা পোৱা হোৱা নাই৷ অৱশ্যে ২০১৯ চনত ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ দ্বাৰা বান্ধ নির্মাণৰ অনুমতি পোৱাৰ পিছৰ পৰাই বান্ধৰ কাম পূর্ণগতিত চলোৱাৰ বতৰা পোৱা গৈছে৷
দৰাচলতে বিদ্যুতৰ চৰম নাটনি চলি থকা অসমৰ দৰে ৰাজ্যখনে এন এইচ পি চিৰ পৰা পোৱা কিছু বিদ্যুতৰ দ্বাৰা উপকৃত হ’ব বুলি ওলাই থকা খবৰে বহুতকে উৎসাহিত কৰিলেও আমাক যে তেনে কৰিব পৰা নাই সেয়া অপ্রিয় হ’লেও সত্য৷ কাৰণ, কণা হাঁহক পতান দিয়াৰ দৰে দেখুওৱা কৃত্রিম দৰদৰ চোকতকৈ যে অনাগত দিনত নদীবান্ধটিয়ে কঢ়িয়াব পৰা ভয়াৱহতাৰ চোক অনেকগুণে বেছি হ’ব, সেই আশংকা বাৰুকৈ ঘনীভূত হ’ব লাগিছে সেয়া ঠিক৷ বান্ধৰ ক্ষতিৰ দিশটো বাদ দিলেও বান্ধৰ পৰা অৱধাৰিতভাৱে এৰি দিয়া পানীৰ দিশটো কেতিয়াও উপেক্ষণীয় হ’ব নোৱাৰে৷ এনে পানীয়ে নামনি অঞ্চলৰ লোকৰ কি বিস্তৰ ক্ষতি কৰিব পাৰে তাৰ প্রমাণ কুৰিশ্বু, ৰঙানদী আৰু দৈয়াং নদীবান্ধৰ পৰা এৰা পানীৰ ক্ষেত্রতে বাৰুকৈ পোৱা গৈছে৷ প্রকৃততে সিবিলাকৰ বাস্তৱ দৃশ্য প্রত্যক্ষ কৰা আৰু তেনেকৈ আমাৰ দেশৰ প্রতিৱেশী ৰাষ্ট্র চীনৰ গৌৰৱস্বৰূপ বিশ্বৰ সর্বশক্তিমান ‘থ্রী গর্জেছ ডেম’ৰ পৰা এৰা পানীয়ে যোৱা দুটা বছৰত, বিশেষকৈ হোবেই প্রদেশত যি ধ্বংসলীলা চলাইছিল তাৰ দৃশ্য টিভিৰ জৰিয়তে প্রত্যক্ষ কৰাৰ পিছত নামনি সোৱণশিৰি বান্ধেও যে আমাৰ মনলৈ গভীৰ আশংকা, অনিৰুদ্ধ হতাশা আৰু দুর্ঘোৰ দুর্ভাবনাৰ আগতীয়া প্রৱাহ বোৱাব লাগিছে, সেয়া অনস্বীকার্য৷
এইখিনিতে উল্লেখনীয় যে নামনি সোৱণশিৰি নদীবান্ধটো আধুনিক প্রযুক্তি প্রয়োগেৰে অতি মজবুত আৰু সুদৃঢ়ভাৱে নির্মাণ কৰি থকাৰ হেতুকে বান্ধৰ সুৰক্ষাক লৈ সন্দিহান হোৱাৰ কোনো স্থল থাকিব নোৱাৰে বুলি নির্মাণকাৰী প্রতিষ্ঠান এন এইচ পি চিয়ে বাৰম্বাৰ দোহাৰি অহাৰ লগতে পুনৰ ১৪ ছেপ্ঢেম্বৰত ‘দ্য আসাম ট্রিবিউন’ৰ ‘লেটার্ছ টু দ্য এডিটৰ’ শিতানত’Dam Contention’ শিৰোনামত এক স্পষ্টীকৰণৰ জৰিয়তেও দৃঢ়তা প্রকাশ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে৷ সেই স্পষ্টীকৰণত প্রতিষ্ঠানটিৰ মহাপ্রবন্ধক লুকাচ গুৰীয়াই ব্যক্ত কৰে যে বাতৰিত প্রকাশ পোৱাৰ দৰে চলিত বছৰত বান্ধটোৰ কোনো গার্ডৱাল ভগা নাই৷ প্রকৃততে দুটামান বৈদ্যুতিন চেনেলে গার্ডৱাল ভাগি পানী বাগৰাৰ যি দৃশ্য অলপতে দেখুৱাইছিল, সেয়া সম্পূর্ণ উদ্দেশ্যপ্রণোদিতভাৱে যোৱা বছৰত ক্লেডিংৱাল ভাগি পানী বাগৰাৰ দৃশ্যহে আছিল আৰু তাৰ ভিত্তিতেই বাতৰি কাকতবোৰেও মিথ্যা প্রচাৰৰ দিহা কৰিছিল৷ লগতে এইটোও স্পষ্ট কৰি দিয়া হয় যে প্রকল্পটোৰ আন্তঃগাঁথনি যেনে– বান্ধ, পাৱাৰ হাউছ আৰু ইয়াৰ টানেলসমূহৰ নির্মাণ অতি মজবুত আৰু নিখুঁতকৈ কৰা হৈছে আৰু সেইখিনি বান্ধৰ নির্মাণক লৈ সময়ে সময়ে গঠিত কমিটীসমূহৰ পৰামর্শৰ ভিত্তিত কৰাৰ লগতে ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ অনুমতিসাপেক্ষে ২০১৯ চনৰ ৩১ অক্টোবৰ তাৰিখৰ পৰা নির্মাণকার্য পুনৰ আৰম্ভ কৰা হৈছে৷ তাৎপর্যপূর্ণ যে মহাপ্রবন্ধকজনে উল্লেখ কৰিছে যে বান্ধৰ নামনিৰ ২৩ কিলোমিটাৰ পর্যন্ত সুৰক্ষিত ৰখাৰ ব্যৱস্থা কৰা হৈছে আৰু বান্ধটো কোনো বৃহৎ বান্ধ Big Dam) নহয় প্রকল্পটো অৱশ্যে বৃহদাকাৰৰ Mega one)৷
উল্লেখ্য, নামনি সোৱণশিৰি নদীবান্ধটো মজবুত, ভূমিকম্প প্রতিৰোধী হোৱাৰ উপৰি ই ভাগি পৰাৰ কোনো সম্ভাৱনাই নাই বুলি এন এইচ পি চিয়ে নিশ্চিতি দি আহিলেও ইয়াৰ স্থায়িত্বতা আৰু সময়বিশেষে কঢ়িয়াব পৰা ধ্বংসবিভীষিকাক লৈ কিন্তু আমি এতিয়ালৈ শংকামুক্ত হ’ব পৰা নাই৷ তাৰ কাৰণ কেইবাটাও৷ প্রথমতে, আমি জ্ঞাত যে বর্তমানে নদীবান্ধটো গেৰুকামুখৰ যি স্থানত নির্মাণ কৰি থকা হৈছে, সেই অঞ্চলৰ শিলাস্তৰ ভূতাত্ত্বিকৰ ভাষাত শিৱালিক শৈলসমষ্টি Siwalik Group)ৰ অন্তর্ভুক্ত, যি শিলাস্তৰ ভূ–প্রাকৃতিকভাৱেই ঠুনুকা fragile) আৰু অদৃঢ় Unconsolidated) প্রকৃতিৰ৷ গতিকে তেনে শিলাস্তৰত, অতি ভাৰবাহী নদীবান্ধ এটা অসমৰ বিশেষজ্ঞ কমিটীয়ে কোৱাৰ দৰেই নিৰাপদ নহয় বুলি ভবাৰ যথেষ্ট স্থল আছে বুলি ভাবিব পাৰি৷ তাতেই আকৌ অঞ্চলটো দেশৰ ভূমিকম্পপ্রৱণ অঞ্চলৰ সর্বাধিক প্রাবল্যসম্ভৱা হোৱাত বিষয়টো চিন্তনীয় হৈ পৰাটো অতি স্বাভাৱিক৷ দ্বিতীয়তে, বান্ধটোৰ উচ্চতা ব্রহ্মপুত্র বোর্ডৰ পৰামর্শৱলীৰ লগত সংগতি ৰাখি নির্মাণ কৰা হৈছে যদিও তাতকৈ গুৰুত্বপূর্ণ দিশ (বান্ধৰ গভীৰতা)টোক উলাই কৰি পৰামর্শাৱলীত নির্দিষ্ট কৰি দিয়া ১৭ মিটাৰৰ পোতন কমাই ৯ মিটাৰত ৰখাটো যে কিমান ভয়ানক অকর্ম কৰা হৈছে তাক উল্লেখ কৰাৰ প্রয়োজন নিশ্চয় নাই৷ তাৰ বিপৰীতে বদনামৰ দায়সৰাৰ বাবে উপৰুৱাকৈ পিছত কিছু বিকল্প ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি প্রতিষ্ঠানটিয়ে উল্লেখ কৰিলেও সিবিলাকৰ যথাযোগ্যতা সময়েহে নির্ণয় কৰিব হয়তো তৃতীয়তে, কোনো নদীবান্ধেই নভগাৰ নিশ্চিতি দিয়া, অর্থাৎ ভাঙনৰোধী বুলি দৃঢ়তা প্রকাশ কৰাটো পতিয়নযুক্ত হ’ব নোৱাৰে৷ কাৰণ, বিশ্বৰ নদীবান্ধ ধ্বংসৰ তালিকালৈ মন কৰিলে যুগে যুগে অলেখ নদীবান্ধ বিভিন্ন কাৰণত ভাগি ধ্বংসপ্রাপ্ত হোৱাৰ নজিৰ পোৱা যায়৷ লগতে সময়বিশেষ বান্ধৰ আগত গোটখোৱা পানীয়ে সৃষ্টি কৰা বিপদ আঁতৰোৱাৰ স্বার্থত ব্যাপক ৰূপত পানী এৰি দি বিপদমুক্ত হোৱাৰ বহু নিদর্শনো পোৱা যায়৷ এনে দিশত চীনদেশ আৰু আমাৰ দেশত হোৱা কেইটামান বান্ধৰ দুৰৱস্থাৰ কথা উল্লেখ কৰিলেই যথেষ্ট হ’ব বুলি ক’ব পৰা যায়৷ কোৱা বাহুল্য যে অতিবৃষ্টি আৰু সাগৰীয় ঘূর্ণীবতাহৰ ফলত ১৯৭৫ চনত চীনৰ হেনান প্রদেশত বেনকিয়’ৰ Bangio) লগতে মুঠতে ৬১টা নদীবান্ধ ভাগি চূড়মাৰ হোৱাৰ ফলত চৰকাৰী হিচাপতে ২৬,০০০ লোকৰ মৃত্যুৰ বিপৰীতে ৮৫,৬০০ৰ পৰা ২,৪০,০০০ লোকৰ মৃত্যু ঘটাৰ সমান্তৰালভাৱে ব্যাপক ক্ষতি হৈছিল বুলি প্রকাশ পাইছিল৷ তেনেকৈ ২০২০ আৰু ২০২১ চনত বিশ্বৰ সর্ববৃহৎ ‘থ্রী গর্জেছ বান্ধ’ৰ সমুখত গোটখোৱা অভূতপূর্ব পানীৰ হেঁচাই বান্ধটোলৈ কঢ়িওৱা বিপদগ্রস্ততা দূৰীকৰণৰ লক্ষ্যৰে বাধ্যতামূলকভাৱে এৰি দিয়া জলস্রোতে সামগ্রিকভাৱে হোবেই প্রদেশত যি অভাৱনীয় দুর্যোগৰ সৃষ্টি কৰিছিল সি সঁচাই বর্ণনাতীত৷
দুখৰ বিষয়, ২০১৩ চনত হোৱা ডাৱৰ বিস্ফোৰণ আৰু চলিত বছৰত হোৱা হিমবাহ বিস্ফোৰণৰ ফলত উত্তৰাখণ্ডত হোৱা অপ্রত্যাশিত জলৰাশিৰ হেঁচাই ক্রমে যমুনা নদীত থকা সৰু–বৰ নদীবান্ধবোৰ ভাঙি নিশ্চিহ্ণ কৰাৰ পৰিপ্রেক্ষিতত আমাৰ দেশৰ ৰাজধানী চহৰব্যাপী হোৱা বানে কৰা ক্ষতি আৰু তেনেকৈ চলিত বছৰত ধলিগংগা আৰু তপোবন বান্ধ ভাঙি উটুৱাই দিয়াৰ জীয়া খবৰবোৰে নদীবান্ধৰ লগত অংগাংগিভাৱে সাঙোৰ খাই থকা পানী এৰি দিয়া ব্যৱস্থাই আমাক বাৰুকৈ ব্যথিত কৰি তোলে৷ গতিকে এনে প্রেক্ষাপটত, যুক্তিৰ খাতিৰত বান্ধ নাভাগে বুলি ধৰি ল’লেও নামনি সোৱণশিৰি বান্ধৰ পৰা এৰি দিয়া পানীয়ে সময়ে সময়ে নামনিৰ লোকক ক্ষতিগ্রস্ত নকৰাতো কোনো নিশ্চিয়তা নাই বুলি আমি ভাবোঁ৷ গতিকে এই বান্ধে ভৱিষ্যতে নামনিৰ লোকৰ কোনো ক্ষতি নকৰাৰ বা কৰিলে যথার্থ ক্ষতিপূৰণেৰে উপকৃত কৰা হ’ব বুলি এন এইচ পিচিয়ে লিখিত প্রতিশ্রুতি দিয়াটো নিতান্তই প্রয়োজনীয়৷ কিন্তু ক’তা তেনে প্রতিশ্রুতিচোন আজিলৈ পোৱা হোৱা নাই৷ সেয়ে ভাব হয়– খাই কাৰশলা ডালত উঠিব, কিন্তু সময়ত কাঠী চেলেকাৰহে মৰণ মিলিব নেকি?
উপসংহাৰঃ এইটো অনস্বীকার্য যে আজিৰ যুগত বিদ্যুতৰ সার্বজনীন প্রয়োজনীয়তা আৰু ক্রমবর্ধিত চাহিদা কাৰো পক্ষেই উপক্ষেণীয় হ’ব নোৱাৰে৷ সেয়ে হ’লেও কিন্তু জনসাধাৰণৰ অপূৰণীয় ক্ষতিৰ ঊর্ধ্বত বিদ্যুৎ লাভ কেতিয়াও হ’ব নোৱাৰে৷ আমাৰ বিশ্বাস যে নদীবান্ধে কঢ়িয়াব পৰা বিভীষিকাৰ সন্দর্ভত সাম্প্রতিক সময়ত বেছিভাগ লোকেই জ্ঞাত হৈ উঠিছে৷ আনহাতে নামনি সোৱণশিৰি নদীবান্ধ প্রকল্পটি বর্তমানলৈ যি অৱস্থাত উপনীত হ’ব লাগিছে তালৈ চালে ইয়াৰ বাতিলকৰণ বাস্তৱত যে সম্ভৱ হৈ উঠিব তাৰ আশা নাই বুলি ক’লেও হয়তো বঢ়াই কোৱা নহ’ব৷ সেয়ে আমাৰ বোধেৰে, ‘সাপো মৰক আৰু লাঠীও নাভাগক নীতি’ অৱলম্বনৰ দ্বাৰাইহে সমস্যা লাঘৱৰ উপায়ৰ প্রাসংগিকতা হয়তো আহি পৰিছে৷ তাৰ বাবে নামনিৰ লোকৰ যাতে কোনো প্রকাৰৰ ক্ষতি নহয় তাৰ সঠিক উপায় বিদ্যুৎ উৎপাদনৰ পূর্বে কৰি তোলাৰ বাবে এন এইচ পি চিক কেন্দ্রীয় চৰকাৰ তথা অসম চৰকাৰে বাধ্য কৰোৱাৰ লগতে বিদ্যুৎ লাভৰ বিনিময়ত ক্ষতিগ্রস্ত হোৱাৰ সর্বাধিক সম্ভাৱনাময়ী ৰাজ্য হিচাপে অসমক কমেও ৫০০ মেগাৱাট বিদ্যুতৰ বিনামূলীয়া যোগান নিশ্চিত কৰাটো অপৰিহার্য হ’ব লাগিব৷ উক্ত ব্যৱস্থাদ্বয়ক উলাই কৰি দমন নীতি গ্রহণেৰে কিন্তু সমস্যা সমাধানৰ ব্যৱস্থা কৰাটো যে মুঠও বাঞ্ছনীয় হ’ব নোৱাৰে তাক দোহৰাৰ প্রয়োজন নাই নিশ্চয়৷