নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মথাউৰি ভঙাটো বছৰেকীয়া উৎসৱ নেকি?

-ভাস্কৰজ্যোতি দাস

বানপানী এক প্রাকৃতিক পৰিঘটনা৷ প্রতিবছৰে বিধ্বংসী বানে সা–সম্পত্তি, জীৱ–জন্তু আদিকে ধৰি সকলোৰে নানান অনিষ্টসাধন কৰি আহিছে৷ সচৰাচৰ দেখিবলৈ পোৱা যায় যে নদীৰ বাঢ়নী পানীৰ বাবে হোৱা বানপানীৰ সময়তহে কেৱল মথাউৰিৰ কথা চর্চাত আহে৷ কিন্তু ইয়াৰ ভয়াৱহতাৰ পৰা হ’ব পৰা অনিষ্টৰ মাত্রা কমাবলৈ বানপানীক নিয়ন্ত্রণ কৰি বহু পৰিমাণে ৰোধ কৰিব পাৰি৷ বানপানীক নিয়ন্ত্রণ কৰিবলৈ বহুতো উপায়ৰ ভিতৰত এটা হ’ল মথাউৰি নির্মাণ, যাক ক্রিয়াত্মকভাৱে সক্ষম কৰি ৰাখিবলৈ স্থায়ী ৰূপে নির্মাণ কৰিব নোৱাৰাৰ কথাই নাই৷ মথাউৰি Embankment) হৈছেCivil Engineering Structures, যিবোৰ সম্পূর্ণ নিৰাপদ হিচাপে ডিজাইন কৰি আৰু এক নির্দিষ্ট উচ্চতালৈ নির্মাণ কৰি বানপানীৰ চাপ আৰু নদীৰ উচ্চ পানীৰ সীমাক সম্পূর্ণভাৱে বাধা দি মানুহ আৰু সা–সম্পত্তিক নিৰাপত্তা দিব পাৰি৷
আচলতে দেখা যায় বহু বছৰ ধৰি হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি মথাউৰি নির্মাণ বা মেৰামতি কৰি থকা হৈছে, কিন্তু প্রতিবছৰে মথাউৰিবোৰে আশানুৰূপ ফল দিয়াৰ সলনি বানপানীৰ প্রভাৱত বিধ্বস্ত হৈ ছিগি পৰাৰ খবৰ বাতৰিত পালে মনটোত অলপ হ’লেও হতাশা আহে, চিন্তা জন্মে৷ কিয়নো উপযুক্ত প্রযুক্তিবিজ্ঞান ব্যৱহাৰ নকৰি নির্মাণ কৰা মথাউৰি একোটাই বানপানীৰ সময়ৰ সুবিশাল পানীক বাধা দি ৰাখিব নোৱাৰাৰ ফলত যেতিয়া পানীৰ ধল হোৰাহোৰে চহৰলৈ বা সুৰক্ষিত স্থানলৈ সোমাই আহে, তেতিয়াই সেই স্থানবোৰক বিপদসংকুল অৱস্থালৈ ঠেলি দি মানুহ–জন্তু, সা–সম্পত্তিকে আদি কৰি নানান অনিষ্ট কৰে৷
মথাউৰি বনাবলৈ প্রাকৃতিকভাৱে উপলব্ধ উপযুক্ত মাটিহে suitable & appropriate soil) ব্যৱহাৰ কৰা হয়, যিবোৰৰ কিছুমান বিশেষ গুণ characteristics) থাকিব লাগে৷ সেই গুণাগুণবোৰ বিভিন্নIndian Standard নিয়মাৱলীৰ মতেlaboratory আৰুfield tests কৰি নির্ধাৰণ কৰা হয় আৰু তেতিয়াহে কিছুমান মাটিক ব্যৱহাৰৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা হয়৷ যিকোনো ধৰণৰ মাটি মথাউৰি এটা বনাবলৈ ব্যৱহাৰ কৰিব নোৱাৰি৷ এটা মথাউৰি নির্মাণৰ ক্ষেত্রত মাটিৰ গুণাগুণ নির্ধাৰণ, নিয়ন্ত্রিত ৰূপত মাটিৰ ব্যৱহাৰ আৰু মথাউৰিটোৰ স্থায়িত্বৰ বিশ্লেষণ stability analysis) আদি সকলোGeotechnical Engineering বাSoil Mechanicsৰ অন্তর্গত৷ আজিৰ প্রযুক্তিবিদ্যাৰ যুগত ইয়াৰ আয়ুস আৰু দক্ষতা সম্পূর্ণৰূপে মূল্যায়ন আৰু পূর্বানুমান কৰিব পৰা যায়৷
মথাউৰি এটা নির্মাণ কৰাৰ আগতে প্রথমে ইয়াৰ উচ্চতা height) আৰু দুয়োফালে নিৰাপদ হেলনীয়া safe slopes) নির্ণয় কৰি ইয়াক নির্দিষ্ট আকাৰত ডিজাইন কৰা হয়৷ মথাউৰিটোৰ উচ্চতাৰ বাবে নদীৰ উচ্চ পানীৰ সীমা high flood level) আৰু নির্দিষ্ট আকাৰৰ cross-sectio) বাবে উপযুক্ত বুলি বিবেচনা কৰা মাটিখিনিৰ গুণাগুণৰ characteristics) ওপৰত নির্ভৰশীল, যিবোৰৰ ভিতৰত মাটিখিনিৰ আঠা আৰু মাটিৰ কণিকাবোৰৰ মাজত থকা ঘর্ষণ অন্যতম৷
এইখিনি হৈ উঠাৰ পিছত মথাউৰি নির্দিষ্ট ঠাইত নির্মাণ কৰিবলৈGeotechnical Engineeringত বিশেষcompaction methods আছে৷ এই পদ্ধতিত উপযুক্ত বুলি বিবেচিত হোৱা মাটি ব্যৱহাৰ কৰি মথাউৰিটোৰ সর্বোচ্চ উচ্চতালৈ স্তৰ হিচাপে নির্মাণ কৰা হয় আৰু প্রতিটো স্তৰক এক নির্দিষ্ট ৰোলাৰেৰে Roller) হেঁচা দিয়া হয়, যাতে ঢ়িলা মাটিখিনিৰ ঘনত্ব বৃদ্ধি হৈ একেখিনি মাটিৰেই গৱেষণাগাৰত ইতিমধ্যে নির্ণিত সর্বোচ্চ ঘনত্বৰ maximum dry density) প্রায় সমান হৈ পৰে৷ এনেকৈ সর্বোচ্চ ঘনত্ব পাবলৈ মাটিখিনিৰ লগত এক নির্দিষ্ট পৰিমাণৰ পানী optimum moisture content) ব্যৱহাৰ কৰিব লগা হয়, যিখিনি পানী সর্বোচ্চ ঘনত্ব পোৱাত সহায়ক হয়৷ প্রতিটো মাটিৰ স্তৰ নির্ভুলকৈ নির্মাণ হোৱাটো চাবলৈ দুবিধ ক্ষেত্র পদ্ধতি field test) আছে, যিবোৰ ব্যৱহাৰ কৰি মাটিখিন বিচৰা ধৰণে টান হৈছে নে নাই পৰীক্ষা কৰি লোৱাৰ দৰকাৰ৷ এইদৰে মথাউৰি নির্মাণ নকৰিলে বিভিন্ন কাৰকৰ বাবে মথাউৰি বিফল হোৱা দেখা যায়৷
এনেকুৱা মাটিৰে নির্মিত মথাউৰি দুই ধৰণৰ আছে৷ এবিধত কেৱল একেধৰণৰ মাটি ব্যৱহাৰ কৰা হয়, যাক সমজাতীয় মথাউৰি homogeneous embankment) বুলি কয় আৰু আনবিধত দুই প্রকাৰৰ মাটি ব্যৱহাৰ কৰা হয়, যাকzoned embankment বুলি কোৱা হয়৷ এইবিধ মথাউৰিৰ মাজৰ অংশতো সৰু সৰু কণিকাৰে গঠিত মাটি যেনে– আঠালতীয়া বোকা আৰু পলসুৱা মাটিৰ সংমিশ্রণ mixture of clay and silt) ব্যৱহাৰ কৰা হয়, যাতে পানী মথাউৰিৰ মাজেৰে নদীৰ পৰা আনটো ফালৰ সুৰক্ষিত অঞ্চললৈ বৈ যাব নোৱাৰে আৰু যদি নদীৰ ফালৰ পৰা মথাউৰিটোৰ মাজেৰে আনটো দিশলৈ অলপ পানী বয় seepage), তেতিয়া মথাউৰিটোৰ ভাটিৰ ফালে downstream) তলত toe level) এটা নলা drainage filter) ডিজাইন কৰি সংস্থাপিত কৰা হয় বৈ অহা পানীখিনি জলনির্গমন drainage) কৰি বোৱাই নিবলৈ৷ এনেদৰে মথাউৰিৰ মাজেৰে বৈ অহা পানীখিনিক সংস্থাপিত নলাই সঠিকভাৱে সংগ্রহ কৰি নিৰৱচ্ছিন্নভাৱে বোৱাই নিয়াত সহায় কৰি মথাউৰিটোক নিৰাপত্তা প্রদান কৰি থাকে৷ মথাউৰিটোৰ মাজৰ অংশৰ দুয়োফালে ডাঙৰ ডাঙৰ কণিকাৰে গঠিত বালিমাটি ব্যৱহাৰ কৰিব পাৰি৷ কেতিয়াবা মথাউৰিৰ মাজেৰে পানী বৈ নাযাবলৈ মাজৰ অংশত কংক্রিট বা ইটাৰ বেৰ impermeable barrier)ও দিব পৰা যায়, যেতিয়া সহজে উপযুক্ত মাটি উপলব্ধ নহয়৷
মথাউৰিটোৰ তলত থকা মাটিৰ স্তৰেৰেও নদীৰ পানী চহৰৰ দিশলৈ গতি কৰাব পাৰে৷ পানীৰ সেই গতিবেগ ৰোধ কৰিবলৈ বা পানীৰ চলাচল সম্পূর্ণৰূপে বন্ধ কৰিবলৈ লোহাৰ আচ্ছাদনী sheet pile) বাcut-off wall সংস্থাপন কৰিব লাগে৷ তাৰ পিছত মথাউৰিটোৰ দুয়োফাল কিমান হেলনীয়া slope) কৰিব লাগিব সেইটোslope stability analysis পদ্ধতিৰে নির্ণয় কৰা হয়, যাতে যিকোনো কাৰণতেই বিফল slope failure) নহয়৷ উপৰিউক্ত বিশ্লেষণ পদ্ধতিত সর্বোচ্চ বানপানী (aximum flood water—, হঠাতে নামি যোৱা পানী (udden drawdown of water—, ভূমিকম্পৰ কম্পন আদি বিবেচনা কৰি মথাউৰিৰ দুইটা হেলনীয়া অংশ ৰূপাংকন (lope design— কৰি মথাউৰি নির্মাণ কৰিব লাগে, যাতে ই নির্দিষ্ট জীৱন পৰিক্রমাত (ife period— সদায় নিৰাপদে থিয় হৈ থাকিব পাৰে৷
মথাউৰিবোৰ যিবোৰ কাৰকৰ বাবে বিফল হৈ ভাগি পৰিব পাৰে, সেই কাৰকবোৰ বিশ্লেষণ কৰি ইয়াৰ ডিজাইন কৰা উচিত, যাতে মথাউৰিটো যিকোনো সময়ত নিৰাপদ আৰু স্থায়ী হৈ থাকে৷ মথাউৰিৰ উচ্চতা নির্ধাৰণ কৰোঁতে এটা কথাত মন দিব লাগে যাতে বানপানীৰ সময়ত মথাউৰিৰ ওপৰেৰে পানী বাগৰি নাযায়, যাক ত্থertopping õলি কোৱা হয় আৰু ইয়াক ৰোধ কৰিবলৈ মথাউৰিটোৰ উপৰিভাগ সর্বোচ্চ পানীৰ সীমাতকৈ কমেও এক মিটাৰ ওপৰত থাকিব লাগে৷ মথাউৰিৰ পানীৰ ফালৰ হেলনীয়া অংশটো পানীৰ সোঁতৰ বাবে খহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰি ৰাখিবলৈ বিশেষ ৰক্ষণাত্মক পদ্ধতি প্রয়োগ কৰিব লাগে আৰু আন ফালৰ হেলনীয়া অংশটোক বতাহ– বৰষুণে যাতে খহাই পেলাব নোৱাৰে তাৰ বাবে ৰক্ষণাত্মক পদ্ধতি যেনে– ঘাঁহ–বন আদি ৰুই (ব্ধrfing— ৰক্ষা কৰিব পৰা যায়৷ মথাউৰিৰ মাজেৰে বা মথাউৰিৰ তলেৰে মুক্তভাৱে চলাচল কৰিব বিচৰা পানীক বাধা দিব লাগে, নহ’লে এই পানীয়ে লাহে লাহে মাটিৰ কণিকাবোৰকো লগত লৈ গৈ থাকিব আৰু এটা সময়ত পানী বৈ যোৱা ৰাস্তাৰ সৃষ্টি হৈ গোটেই মথাউৰিটো ধ্বংস কৰি পেলাব পাৰে, যাক হ্মping failure õলি কোৱা হয়, ইয়াক ৰোধ কৰিবলৈ ফিল্টাৰ ব্যৱহাৰ কৰিব লাগে৷ সেইবাবেই বিভিন্ন স্তৰত মাটি হেঁচা দি দি মথাউৰি বনাব লাগে, যাতে ব্যৱহাৰ কৰা ঢ়িলা মাটিবোৰ টান হৈ পানী সৰবৰাহত বাধা দি খহনীয়া ৰোধ কৰে৷ মাটিৰে তৈয়াৰ কৰা মথাউৰিৰ মাজেৰে বা মথাউৰিৰ তলৰ মাটিৰে সামান্য হ’লেও পানী বৈ যাব পাৰে, কিন্তু তীব্রতাৰে আৰু অনিয়ন্ত্রিতভাৱে গতি কৰা পানীয়ে সম্পূর্ণভাৱে মথাউৰি ভাঙি পেলাব পাৰে৷ কেতিয়াবা মাটিৰ লগত থকা গছৰ শিপা পচি বা বিভিন্ন কীট–পতংগয়ো পানীৰ বাবে সুৰুঙা সৃষ্টি কৰিব পাৰে, যাৰবাবে উপযুক্ত সাৱধানতা লোৱাৰ দৰকাৰ৷ মথাউৰিৰ দুয়োটা হেলনীয়া অংশত গছ–গছনি ৰোপণ কৰিব নালাগে, নহ’লে তাৰ শিপাই তললৈ গতি কৰিব আৰু গছ ডাল মৰাৰ পিছত ইয়াৰ শিপা পচি পানী যোৱাৰ ৰাস্তা উলিয়াব পাৰে৷ কেঁকোৰা, এন্দুৰ আদিয়েও মথাউৰিত গাঁতৰ সৃষ্টি কৰিব পাৰে আৰু সময় যোৱাৰ লগে লগে সেই গাঁতবোৰ লগ লাগি পানী বৈ যোৱাৰ এক সুষম বাটৰ সৃষ্টি কৰি মথাউৰিৰ বিফলতাত অৰিহণা যোগাব পাৰে৷ মথাউৰিৰ উপৰিভাগ যাতে বৰষুণ বা নদীৰ পানীৰ ঢ়ৌৱে ক্ষতি কৰিব নোৱাৰে তাৰবাবে উপযুক্ত ৰক্ষণাত্মক স্তৰৰ ব্যৱস্থা কৰিব লাগে৷ মথাউৰিটোৰ নদীৰ ফালৰ হেলনীয়া অংশটো পানীৰ ঢ়ৌৰ প্রভাৱত পৰি হ’বলগা খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ উপযুক্ত ৰক্ষণাত্মক ব্যৱস্থা গ্রহণ কৰা হয় আৰু বিশেষভাৱে এক নির্দিষ্ট আকাৰ আৰু ওজনৰ ৩০ চেঃমিঃ মান প্রস্থৰ শিলৰ স্তৰ নির্মাণ কৰি খহনীয়া প্রতিৰোধ কৰা হয়, যাক ব্জck riprap Âবুলি কয়৷ ইয়ে মথাউৰিৰ ভিতৰৰ মাটিখিনিকো ৰক্ষণাবেক্ষণ দি মথাউৰিৰ স্থায়িত্ব বঢ়ায়৷ মথাউৰি নির্মাণ কৰাৰ আগতে তাৰ তলৰ মাটিখিনি (ব্দbgrade— পৰীক্ষা কৰি উপযুক্তভাৱে সাজু কৰি ল’ব লাগে, যাতে মথাউৰিৰ সম্পূর্ণ ওজন ই ল’ব পাৰে৷
কিন্তু এইদৰে মথাউৰিবোৰ নির্মাণ কৰিলে প্রতিবছৰে ভাঙিব জানো? তথাপিও আমি বহুতো মথাউৰি দেখিবলৈ পাওঁ, যিবোৰে অতি সুন্দৰকৈ ইয়াৰ দক্ষতা প্রতিপন্ন কৰি আছে৷

You might also like