নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ অক্টোবৰত বিবদমান অঞ্চল পৰিদর্শন সীমা সমিতিৰ

মেঘালয়ৰ উপ–মুখ্যমন্ত্রীৰে বৈঠক মন্ত্রী পীয়ূষৰ

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশমর্মে মন্ত্রী তথা সীমা সমস্যা সমাধান সমিতিৰ অধ্যক্ষ পীয়ূষ হাজৰিকাই শ্বিলঙত মেঘালয়ৰ উপ–মুখ্যমন্ত্রী প্রেষ্টেন টিনঙৰ সৈতে বিধায়কদ্বয় অতুল বৰা আৰু ৰমেন্দ্র নাৰায়ণ কলিতাসহ এখন বৈঠকত মিলিত হয়৷ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিট সিং উপস্থিত থকা বৈঠকখনত দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধান সমিতিৰ সদস্যসকলে অহা ৯ অক্টোবৰত পিলিংকটা, বৰপথাৰ, গণেশ নগৰ আৰু ২ নং খানাপাৰা আদি সীমান্তৱর্তী বিবদমান অঞ্চল পর্যবেক্ষণ কৰি চৰজমিন তদন্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷

পাছত মন্ত্রী পীয়ূষ হাজৰিকাই মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাক তেওঁৰ কার্যালয়ত সৌজন্যমূলক সাক্ষাৎ কৰে৷ এই সাক্ষাৎকালত মন্ত্রীজনে দীর্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ ঐতিহাসিক পদক্ষেপৰ বাবে দুয়োগৰাকী নেতাকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু আশা প্রকাশ কৰে যে ৰাজ্য দুখনৰ সীমা বিবাদে অতি সোনকালেই এক স্থায়ী সমাধান লাভ কৰিব৷

You might also like