চাৰিশ বছৰ অতিক্ৰম কৰিলে ধুবুৰীৰ গৌৰীপুৰৰ ৰাজপৰিয়ালৰ ঐতিহ্যমণ্ডিত ৰজাঘৰীয়া দুৰ্গা পূজাই
নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ মহালয়াৰ পিছদিনা প্ৰতিপদৰ পুৱাৰ পৰাই আৰম্ভ হৈছে ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰাজ পৰিয়ালৰ ঐতিহ্যমণ্ডিত দুৰ্গা পূজা৷ পুৰণি গৰিমা, কেতবোৰ বিশেষ পৰম্পৰাকে ধৰি বিভিন্ন ধৰ্মাৱলম্বী লোকৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আৰু স্বকীয় বৈশিষ্টৰ এই পূজাখন এইবেলি ৪০১ বছৰত ভৰি দিলে৷
উল্লেখ্য যে, ১৬২০ চনতেই ৰজা কবিশেখৰে আৰম্ভ কৰা এই বিশেষ দুৰ্গা পূজাখন তেতিয়াৰ পৰাই বৰ্তমানলৈ নিৰৱিচ্ছন্ন ভাৱে চলি আছে৷ এই পূজাখনৰ অতীত ইতিহাস সন্দৰ্ভে ৰাজপৰিয়ালটোৰ সদস্য প্ৰৱীৰ বৰুৱাই কয় যে, “আমাৰ পূৰ্বপুৰুষ ৰাজা কবিশেখৰে এদিন ঢলপুৱাতে ৰাঙামাটিৰ ৰাজ ভৱনৰ কাষৰ নৈত গা ধুবলৈ গৈ পাইছিল এটি সৰু সোণৰ দূৰ্গা প্ৰতিমা আৰু হাতত থকা তথ্য মতে ১৬২০ চনৰ পৰা আৰম্ভ হৈছিল আমাৰ দুৰ্গা পূজাখন৷”
উল্লেখনীয় যে, সোণৰ সেই প্ৰতিমাটোকে ৰাজ পৰিয়ালটোৰ ঘৰত থকা মহামায়া মন্দিৰত কূলদেৱী মহামায়া ৰূপে পূজা কৰা হলেও প্ৰতিবছৰ মহালয়াৰ পিছদিনা পুৱা মুল মন্দিৰৰ পৰা শোভাযাত্ৰা কৰি গৌৰীপুৰ চহৰৰ মহামায়া খেলপথাৰত থকা মহামায়া দুৰ্গা মন্দিৰলৈ অনা হয়৷
অৱশ্যে ষাঠিৰ দশকত ৰাজ পৰিয়ালটোৰ সেই সোণৰ দুৰ্গা প্ৰতিমাটো চুৰি হয়। তেতিয়াৰে পৰা সুদূৰ বেনাৰচৰ পৰা অনা পূৰ্বৰ মূৰ্তিটোৰ অনুৰূপ আকাৰ আৰু শৈলীৰ এটি অষ্টধাতুৰ প্ৰতিমাক পূজা-অৰ্চনা কৰি আহিছে পৰিয়ালটোৱে৷
উল্লেখ্য যে, ৰজাঘৰীয়া এই পূজাখনৰ এটি বিশেষ পৰম্পৰা হ’ল কুঁহিলাৰে নিৰ্মিত দেৱী দুৰ্গাৰ পট৷ ৰজাঘৰীয়া এই দুৰ্গা পূজাত ৰাজবংশী সম্প্ৰদায়ৰ পূজাৰ অৱিচ্ছেদ্য অংগ কুঁহিলাৰ পটত মা দুৰ্গাৰ আৰোধনা কৰা হয় আৰু মা মহামায়াৰ পূজা কৰা হয় ৰাজ পৰিয়ালৰ সেই বিশেষ মহামায়া মূৰ্তিটোত৷ দুয়ো দেৱীৰে পৃথকে পৃথকে ঘট বহুৱাই কৰা এই বিশেষ পূজাখনত পৰিয়ালটোৰ কূল পুৰোহিতৰ পৰিচালনাত মা মহামায়াৰ পূজা অনুষ্ঠিত হোৱাৰ বিপৰীতে পূজাৰীয়ে সম্পণ্ণ কৰে দেৱী দুৰ্গাৰ আৰাধনা৷
মন কৰিবলগীয়া যে আৰম্ভণীৰে পৰা পূজাখনত কূল পুৰোহিত, পূজাৰী আৰু দেউৰী ৰূপে নিযুক্তি পোৱা পৰিয়ালৰ সদস্যইহে কেৱল এই পূজাখন পৰিচালনা কৰাৰ দায়িত্ব লভে৷ প্ৰতিপদৰ পৰা আৰম্ভ হোৱা এই ৰজাঘৰীয়া পূজাখনৰ আছে কেতবোৰ বিশেষ লোকাচাৰ৷ ষষ্ঠীৰ দিনা অনুষ্ঠিত হোৱা পূজাখনৰ বেলবৰণৰ আনুষ্ঠানিকতা সম্পণ্ণ কৰা হয় গৌৰীপুৰৰ কাষেৰে বৈ যোৱা গদাধৰ নৈৰ পাৰত নিৰ্মিত এক অস্থায়ী মন্দিৰত৷ সেই এই অস্থায়ী মন্দিৰত কুঁহিলাৰে নিৰ্মিত দুৰ্গাপটক দোলাৰে শোভাযাত্ৰা কৰি নিয়া হয় আৰু পিছত পুনৰ দোলাৰে লৈ অনা হয় মহামায়া দুৰ্গা মন্দিৰলৈ৷ ৰজাঘৰীয়া এই পূজাখনৰ আছে কেতবোৰ বিশেষ ৰীতি–নিয়মও।
সেই অনুসৰি প্ৰতিপদৰ পৰা পঞ্চমীলৈকে দুৰ্গাদেৱী আৰু মা মহামায়াক পৃথকে পৃথকে এটাকৈ পাৰ চৰাই বলি দি উৎসৰ্গিত কৰা হয়। ষষ্ঠী পূজাৰ বেলবৰণৰ সময়ত এটা বগা ৰঙৰ পঠা বলি দিয়া হোৱাৰ বিপৰীতে অষ্টমীৰ সন্ধি পূজাৰ সময়ত বলি দিয়া কলা ৰঙৰ পাঠাৰ মাংসেৰে যজ্ঞ কৰা হয়৷ অষ্টমীৰ দিনা ১০০৮টা বেল পাতেৰে দেৱী দুৰ্গাৰ আৰাধনা এই পূজাখনৰ এক স্বকীয় বৈশিষ্ট৷
উল্লেখ্য যে, দশমীৰ দিনা পৰিয়ালটোৰ কূলদেৱী মা মহামায়াৰ মূৰ্তিটো পুনৰ শোভাযাত্ৰা কৰি ৰাজ পৰিয়ালৰ নিজৰ মন্দিৰলৈ ওভোতাই নিয়াৰ বিপৰীতে কুঁহিলাৰ দুৰ্গাপটক বিসৰ্জন দিয়া হয় গৌৰীপুৰৰ গদাধৰ আৰু ব্ৰহ্মপুত্ৰৰ সংগম থলীত৷ আনহাতে বিসৰ্জনৰ পিছত প্ৰজাৰ মংগলৰ বাবে ৰাজ ভৱনৰ এটি কামানত মংগলচণ্ডী পূজা কৰাৰ পুৰণি পৰম্পৰা বৰ্তমানেও অৱ্যাহত থকাৰ লগতে দুৰ্গা পূজাত প্ৰতিনিধিত্ব কৰা ৰাজ পৰিয়ালৰ সদস্যগৰাকীয়ে উক্ত মংগলচণ্ডী পূজা সম্পণ্ণ হোৱাৰ লগে লগে তিনিদিনৰ বাবে গৃহত্যাগ কৰাৰ পূৰ্বৰ সেই নিয়ম আজিও মানি চলা হয়৷
অৱশ্যে জাকজমকতা হ্ৰাস পালেও পূৰ্বৰ পৰম্পৰা আৰু ঐতিহ্যবাহী এই পূজাখনত কেৱল গৌৰীপুৰ অথৱা ধুবুৰী জিলাৰেই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উপৰিও চুবুৰীয়া পশ্চিমবংগৰো বিভিন্ন অঞ্চলৰ পৰা ৰাইজৰ আগমন ঘটে দেৱী দুৰ্গাৰ আশীষ ল’বলৈ।
-অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী