নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শাইলধাৰাত অঘটনঃ গা ধুবলৈ গৈ ব্ৰক্ষপুত্ৰত নিখোজ শিশু; উদ্ধাৰ অভিযান অব্যাহত

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত মায়াৰ চৰ গাওঁ পঞ্চায়তৰ শাইলধাৰা গাঁৱৰ ছফিয়ৰ ৰহমানৰ পুত্ৰ যোৱা কালি দুই বজাৰ পৰা ব্ৰক্ষপুত্ৰ নদীত নিখোজ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

পৰিয়ালৰ লোকে জনোৱা মতে ৰহমানৰ পুত্ৰ আলামিন সেখ সহপাঠীৰ লগত আধা কিলোমিটাৰ দুৰত ব্ৰক্ষপুত্ৰ নদীত গা ধুবলৈ যায়৷গা ধোৱতেই নদীৰ সোতত ডুবি নিখোজ হয়৷  পিছত এছডিআৰএফ বাহিনীক খবৰ দিয়াত আজি ১২বজাত উক্ত বাহিনীয়ে উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে৷

-মতিয়ৰ ৰহমানৰ, বগৰীবাৰী

You might also like