পূজাৰ আনন্দ
ক’ভিডে কোঙা কৰি যোৱা সমাজখনক সামান্য উজ্জীৱিত কৰি তুলিছে আৰম্ভ হোৱা দুর্গাপূজাই৷ দুবছৰ আগলৈকে এই পূজাৰ আয়োজকসকলৰ মাজত যি প্রতিযোগিতামূলক ভাব আছিল, এইবাৰ সেই ভাব নাই৷ প্রায় সকলোৱেই সীমিত বাজেট আৰু সীমিত সাধনৰ মাজত থাকিয়েই পূজাভাগ আয়োজন কৰিছে৷ এটা কথা ঠিক যে দুর্গাপূজাখন এতিয়া অকল হিন্দুধর্মৰ শাক্ত উপাসকসকলৰ উপাসনাই হৈ থকা নাই, ই ধর্মৰ ঊর্ধ্বৰ এটা সামাজিক অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে৷ এই উৎসৱৰ কেন্দ্রবিন্দুত যদিও ধর্ম আচৰণৰ কথাটো থাকে, বাস্তৱ ক্ষেত্রত এই কেন্দ্রীয় ধাৰণাৰ চাৰিওপিনে ইমানবোৰ উপাদানৰ সন্মিলন ঘটিছিল যে চৌদিশৰ কোলাহল আৰু চকু ছাট মৰা দৃশ্যৰ প্রকোপত অনুষ্ঠানটোৰ মূল কথাটো অদৃশ্যপ্রায় হৈ পৰিছিল৷ একেই কথা বিহু বা ৰাসৰ ক্ষেত্রতো সমানেই প্রযোজ্য হৈ পৰিছিল৷ এতিয়া ক’ভিড–আক্রান্ত পৰিৱেশত পূজা আয়োজনৰ ক্ষেত্রত যি পৰিৱর্তনৰ কথা আহি পৰিছে, সি সামগ্রিকভাৱে আমাৰ সামাজিক সচেতনতা আৰু দায়িত্বশীলতাৰ পৰিচায়ক৷ দুর্গাপূজাৰ আয়োজন বুলি ক’লেই পূজা এভাগৰ কথা আহে আৰু সেই পূজাভাগ বিধিসন্মতভাৱে আৰু ধর্মীয় আচৰণৰ গাম্ভীর্য আৰু সৌন্দর্য ৰক্ষা কৰি পালিত হ’ব লাগে৷ কিন্তু য’তেই মানুহৰ সমাগম বেছি হয়, তাতেই আন কিছু উপাদানে আহি ভিৰ কৰেহি৷ অধিকসংখ্যক মানুহৰ দৃষ্টি আকর্ষণ কৰাৰ সুযোগ থাকে বাবেই পূজা মণ্ডপবোৰত বিজ্ঞাপন কোম্পানীয়ে ভিৰ কৰে, বিজ্ঞাপন মানেই পইচাপ্রাপ্তি আৰু সেইবাবেই পূজাৰ আয়োজকসকলৰ মাজত অলিখিত প্রতিযোগিতাৰ আয়োজন হৈ যায় অধিকসংখ্যক বিজ্ঞাপন কোম্পানীক আকর্ষণ কৰাৰ আৰু তেনেদৰেই পূজাথলী হৈ পৰে বিজ্ঞাপনথলী, অদৃশ্য হৈ পৰে পূজাৰ মাধুর্য৷ পূজাথলী হৈ পৰে ড্রেডফেয়াৰৰ সমতুল্য মেলা৷ কিন্তু ক’ভিডৰ দয়াত পূজাৰ পুৰণি ৰূপ অলপ হ’লেও উভতি আহিবলৈ ধৰিছে৷ অকল পূজা বুলিয়েই নহয়, জনসমাগম হ’ব পৰা সকলো ৰাজহুৱা অনুষ্ঠানেই এনেদৰে পৰিৱর্তিত আৰু বিকৃত হৈ গৈ আছে৷ বিহুৰ নামত যিবোৰ সাংস্কৃতিক সন্ধিয়া পতা হয়, তাৰ গান–বাজনাবোৰে জাতীয় উৎসৱ এটাক কোনোধৰণে প্রতিনিধিত্ব নকৰে৷ সুৰা কোম্পানীয়ে আয়োজন কৰা সংগীত সন্ধিয়াৰ লগত জাতীয় উৎসৱ এটাৰ অনুষ্ঠানৰ কোনো পার্থক্য নথকাটোৱেই জাতিটোৰ সাংস্কৃতিক চৰিত্রৰ কথা বুজায়৷ মহাপুৰুষজনাৰ তিথি উপলক্ষে যদি সাধাৰণ স্তৰৰ আধুনিক গীতৰ সন্ধিয়াৰ আয়োজন কৰা হয়, তেতিয়াই বুজি পোৱা যায় আয়োজকসকলৰ মানসিক স্তৰ কিমানৰ আৰু এইটোও বুজা যায় যে সেই আয়োজকৰ দ্বাৰা মহাপুৰুষজনাৰো একো আলোচনা নহয়, আধুনিক গীতৰো একো উন্নতি নহয়৷
ক’ভিডৰ আক্রমণে পূজাৰে আৰম্ভ হোৱা এই ৰাজহুৱা সাংস্কৃতিক অনুষ্ঠানবোৰৰ চৰিত্র হয়তো সামান্য পৰিমাণে সলনি কৰি দিব পাৰে৷ কিন্তু এই পৰিৱর্তন ভালৰ বাবে হ’ব নে পৰিৱেশৰ উন্নতি হ’লেই সি গৈ নিগনিটোৰ ৰূপ ল’বগৈ, তাক কোৱা বিশেষ টান নহয়৷ এই ৰাজহুৱা সাংস্কৃতিক কামবোৰৰ অভিভাৱকসকলৰ সাংস্কৃতিক চেতনা আৰু ঐতিহ্য চেতনাৰ বিকাশ নহ’লে আৰু ভৱিষ্যমুখী দৃষ্টিৰে আমাৰ সাংস্কৃতিক পৰম্পৰা আৰু চেতনাক বিচাৰ কৰিব নোৱাৰিলে পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্যই অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিব৷ সময়ৰ লগে লগে সমাজ আৰু জীৱনৰ ভালেখিনিপৰিৱর্তন হয় আৰু সেই পৰিৱর্তন এটা স্বাভাৱিক প্রক্রিয়া আৰু মানুহৰ যোগেৰেই হোৱা এই পৰিৱর্তনৰ গতি নির্ধাৰণ কৰা কেইটামান মানুহৰ ওপৰতেই নির্ভৰ কৰে আমাৰ অসমৰ দৰে ৰাজ্য একোখনৰ সাংস্কৃতিক ভৱিষ্যৎ৷ সাংস্কৃতিক পৰিৱর্তন এদিনতে নহয়, এজন মানুহেও এই পৰিৱর্তন আনিব নোৱাৰে, কিন্তু মাত্র এজন মানুহেই এই পৰিৱর্তনৰ নেতৃত্ব বহন কৰিব পাৰে৷ আটাইতকৈ ডাঙৰ কথা হ’ল– জনপ্রিয় সংবাদ মাধ্যমে সাংস্কৃতিক পৰিৱর্তনৰ কথা চিন্তা কৰিব পাৰে, কিন্তু তেওঁলোকে সামান্য ৰাজহৰ আশাতেই বিজ্ঞাপন কোম্পানীয়ে নির্ধাৰণ কৰি দিয়া সাংস্কৃতিক পথেৰে গতি কৰে৷ বিজ্ঞাপনে সাংস্কৃতিক জগতখনক যিদৰে আৱৰি ৰাখিছে, তাৰ পৰা পৰিত্রাণৰ উপায় হ’ল সাংস্কৃতিক–আধ্যাত্মিক কাম–কাজক আৰোপিত গ্লেমাৰৰ পৰা দূৰৈত ৰাখি নান্দনিক দিশত বিকাশ হ’বলৈ দিয়াটো৷ বিজ্ঞাপন কোম্পানী আকর্ষিত হয় জনসমাগমত অথবা অনুষ্ঠানটোৰ মূল্যত৷ অনুষ্ঠানটোৰ মূল্যমান উন্নত হ’লেই বিজ্ঞাপনদাতাই অনুষ্ঠানৰ আয়োজকৰ চর্ত মানিবলৈ বাধ্য হ’ব৷ বিজ্ঞাপন কোম্পানীৰ সহায় এৰাব পৰা কথা নহয়, কিন্তু টকা আৰু সাংস্কৃতিক সম্পদ– দুয়োটাৰ মা