নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৱাৰগ্রিডৰ প্রকল্পৰ নামত বিধ্বস্ত ৰাজপথঃ পাইপ পুতিয়েই দায়িত্ব সামৰিছে ঠিকাদাৰী প্রতিষ্ঠানে

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ পাৱাৰগ্রিড কর্প’ৰেচন অৱ ইণ্ডিয়া লিমিটেড, চমুকৈ পাৱাৰগ্রিডে প্রকল্প ৰূপায়ণৰ নামত মহানগৰীৰ বহু গুৰুত্বপূর্ণ পথ খান্দি পেলোৱাত যাতায়াতত দুর্ভোগ ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে৷ পাৱাৰগ্রিডে নর্থ–ইষ্ট ৰিজন পাৱাৰ ছিষ্টেম ইমপ্রুভমেণ্ট প্রজেক্টৰ অধীনত গুৱাহাটীত মাটিৰ তলেৰে পাইপ বহুওৱাৰ কাম আৰম্ভ কৰিছে৷

ৱর্ল্ড বেংকে প্রদান কৰা ২৬৯ কোটি টকা ব্যয়ৰে গুৱাহাটী মহানগৰীত ১৩২ কে ভি আৰু ৩৩ কে ভি কেব্ল স্থাপনৰ কাম আৰম্ভ কৰিছে৷ কেৱল কেব্ল স্থাপনৰ নামতে ঠিকাদাৰী প্রতিষ্ঠানে হকে–বিহকে মহানগৰীৰ সদাব্যস্ত বহুকেইটা গুৰুত্বপূর্ণ পথ খান্দি কেব্ল স্থাপন কৰি আহিছে৷ ঠিকাদাৰী প্রতিষ্ঠানে কেব্ল স্থাপন কৰিয়েই দায়িত্ব সামৰাত যাতায়াতৰ ক্ষেত্রত দুর্ভোগ ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে৷ পাৱাৰগ্রিডৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই কেব্ল স্থাপন কৰা পথসমূহত কেৱল যাতায়াতৰ ক্ষেত্রত দুর্ভোগ ভোগ কৰাই নহয়, বহুকেইটা সৰু–বৰ পথ দুর্ঘটনাও সংঘটিত হৈছে৷

তথ্য অনুসৰি পাৱাৰগ্রিডে নর্থ–ইষ্ট ৰিজন পাৱাৰ ছিষ্টেম ইমপ্রুভমেণ্ট প্রজেক্টৰ অধীনত মাটিৰ তলত কেব্ল পোতাৰ দায়িত্ব অর্পণ কৰিছে কলকাতাৰ টেকন’ ইলেক্ট্রিকেল এণ্ড ইঞ্জিনীয়াৰিং কোম্পানী আৰু যোৰহাটৰ নেকন পাৱাৰ এণ্ড ইনফাকছাৰ লিমিটেড নামৰ প্রতিষ্ঠান দুটাক৷ এই ঠিকাদাৰী প্রতিষ্ঠান দুটাই অদক্ষ শ্রমিক নিয়োগ কৰি মহানগৰীৰ ৰাজপথ খান্দি কেব্ল স্থাপনৰ কাম কৰাৰ বাবে যাতায়াতৰ ক্ষেত্রত মহানগৰবাসীয়ে দুর্ভোগ ভুগিবলগীয়া হৈ আহিছে৷

২০১৭ চনতে নর্থ–ইষ্ট ৰিজন পাৱাৰ ছিষ্টেম ইমপ্রুভমেণ্ট প্রজেক্টৰ অধীনত গুৱাহাটীত কেব্ল স্থাপনৰ কাম আৰম্ভ হৈছিল৷ কিন্তু বিগত চাৰি বছৰ ধৰি ঠিকাদাৰী প্রতিষ্ঠান দুটাৰ দায়িত্বজ্ঞানহীনতা আৰু হেমাহিৰ বাবে আজিলৈ কেব্ল স্থাপনৰ কাম সম্পূর্ণ হৈ উঠা নাই৷ পাৱাৰগ্রিডে নর্থ–ইষ্ট ৰিজন পাৱাৰ ছিষ্টেম ইমপ্রুভমেণ্ট প্রজেক্টৰ অধীনত ফাঁচীবজাৰ জে’ল ৰোডৰ পৰা পল্টন বজাৰলৈ প্রায় ১.১ কিঃমিঃ, নেহৰু ষ্টেডিয়ামৰ পৰা পল্টন বজাৰলৈ ১.৬ কিঃমিঃ, জর্জ ফিল্ডৰ পৰা পল্টন বজাৰলৈ ১.৬ কিঃমিঃ পাইপ স্থাপনৰ কাম চলাই আছে৷ ইয়াৰ উপৰি পাৱাৰগ্রিডে জিএমজিএইচ, কাহিলিপাৰা, উলুবাৰী, ছাবিপুল, বিৰুবাৰী আর্য কলেজ অঞ্চলতো পাইপ স্থাপনৰ কাম চলাই আছে৷

পাৱাৰগ্রিডৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি ইতিমধ্যে গুৱাহাটীত পাইপ স্থাপনৰ ৭০ শতাংশহে কাম সম্পূর্ণ হৈছে৷ গুৱাহাটীৰ দৰে এখন মহানগৰীত পাৱাৰগ্রিডে নর্থ–ইষ্ট ৰিজন পাৱাৰ ছিষ্টেম ইমপ্রুভমেণ্ট প্রজেক্টৰ অধীনত পাইপ স্থাপনৰ কাম লেহেমীয়া গতিত কৰি অহাৰ পৰিণতিত মহানগৰীত বসবাস কৰা লোকসকলে যাতায়াতত দুর্ভোগ ভুগিবলগীয়া হৈছে৷ কেৱল পাৱাৰগ্রিডেই নহয়, পানীৰ পাইৰ স্থাপনৰ নামতো জাইকাই হকে–বিহকে ৰাজপথ খান্দি এক কদর্যময় পৰিৱেশলৈ পর্যবসিত কৰিছে গুৱাহাটী মহানগৰীক৷

You might also like