স্বাগতম–প্রতিটো নতুন দিন
জীৱনটো ভালকৈ যাপন কৰিবলৈ আৰু লগতে তাক অর্থপূর্ণ কৰি তুলিবলৈ সহায় কৰিব পৰা যিকোনো লেখাই প্রবলভাৱে মোৰ দৃষ্টি আকর্ষণ কৰে– তেহেলৈ লাগে সি বকৰাণিত পৰি থকা লেখাই হওক৷ কেইমাহমানৰ আগতে মই এখন কিতাপত তেনে এটা সত্য কাহিনী পঢ়িবলৈ পালোঁ৷ আপোনালোককো মই কাহিনীটো কৈ শুনাব পাৰোঁ৷
শ্রীমতী জোনছ নামৰ এগৰাকী ৯২ বছৰীয়া অন্ধ মহিলাই তেওঁৰ স্বামীৰ লগত এখন বৃদ্ধাশ্রমত বাস কৰিছিল৷ অৱশ্যে আমেৰিকাত বৃদ্ধাশ্রম নামৰ শব্দটো প্রচলিত হয় নে নহয় সেই কথা মই নাজানো৷ সুদীর্ঘ ৭০ বছৰ যুগ্ম জীৱন কটোৱাৰ পিছত তেওঁৰ স্বামীৰ মৃত্যু হ’ল৷ ফলত বৃদ্ধাশ্রমখনৰ দুজনীয়া কোঠাটোৰ পৰা এটা এজনীয়া কোঠালৈ মহিলাগৰাকীক স্থানান্তৰ কৰাৰ প্রয়োজন হ’ল৷
নতুন কোঠাটোলৈ যাবলৈ মহিলাগৰাকীয়ে ধুনীয়া আৰু পৰিপাটি সাজপাৰ পিন্ধি এখন চকীত শান্তভাৱে বহি অপেক্ষা কৰি আছে৷ ঘণ্টাৰ পিছত ঘণ্টা পাৰ হৈ গ’ল, কিন্তু যিগৰাকী নার্ছে তেওঁক নতুন কোঠাটোলৈ লৈ যোৱাৰ কথা, তেওঁৰ কিন্তু দেখা–সাক্ষাতেই নাই৷ কিন্তু তাৰ কাৰণে বৃদ্ধ মহিলাগৰাকীৰ মুখত বিৰক্তিৰ কোনো চিন ফুটি উঠা নাই বৰং তেওঁৰ মুখত গভীৰ প্রশান্তিহে বিৰাজ কৰিছে৷ অৱশেষত নার্ছগৰাকী আহিল৷ বৃদ্ধ মহিলাগৰাকীয়ে এটা মধুৰ হাঁহিৰে তেওঁক সম্ভাষণ জনালে৷ নার্ছগৰাকীৰ পিছে পিছে মহিলাগৰাকীয়ে তেওঁৰ নতুন কোঠালৈ খোজ ল’লে৷ কোঠাটোলৈ যাবলৈ এলিভেটৰত উঠাৰ প্রয়োজন হ’ল৷ এলিভেটৰটো ওপৰলৈ উঠি গৈ থাকে মানে নার্ছগৰাকীয়ে তেওঁক নতুন কোঠাটোৰ বর্ণনা দিবলৈ ধৰিলে৷ বর্ণনা শুনি মহিলাগৰাকীয়ে অতি উচ্ছ্বাসেৰে ক’লে– ‘নতুন কোঠাটো মোৰ খুব ভাল লাগিছে৷ সেই কোঠাটোত থাকিবলৈ মই নিশ্চয় খুব ভাল পাম৷’ তেওঁৰ উচ্ছ্বাস দেখি নার্ছগৰাকীয়ে অলপ আচৰিত হৈ ক’লে– ‘আপুনি দেখোন নতুন কোঠাটো দেখাই নাই৷ কোঠাটো নৌদেখোঁতেই আপুনি ইমান আনন্দ অনুভৱ কৰিছে কেনেকৈ?’
বৃদ্ধ মহিলাগৰাকীয়ে ক’লে– ‘হয়, তুমি ঠিকেই কৈছা, মই মোৰ নতুন কোঠাটো এতিয়াও দেখাই নাই৷ কিন্তু মোৰ মনৰ আনন্দৰ লগত কোঠাটো দেখা–নেদেখাৰ কোনো সম্পর্ক নাই৷ মই আচলতে সুখী হ’বলৈ কিবা কাৰণ ঘটাৰ আগতেই মই সুখী হ’ম বুলি মনে মনে ঠিক কৰি লওঁ৷ তুমি ভাবিছা যে মই কোঠাটোলৈ গৈ তাৰ আচবাব আৰু বস্তু–বাহানিবোৰ ঠিকঠাক কৰি সজাই লোৱাৰ পিছতহে মই কোঠাটো ভাল পাম৷ কিন্তু মোৰ ক্ষেত্রত সেই কথা সঁচা নহয়৷ কোঠাটো মই কেনেকৈ সজাম তাৰ ওপৰত মোৰ সুখ বা আনন্দ নির্ভৰ নকৰে সি নির্ভৰ কৰে মই মোৰ মনটো কেনেকৈ সজাম তাৰ ওপৰতহে৷ মোৰ নতুন কোঠাটো নেদেখাকৈয়ে কোঠাটো ভাল পাম বুলি মই ইতিমধ্যেই ঠিক কৰি পেলাইছোঁ৷ মই মোৰ জীৱনটো তেনেকৈয়ে যাপন কৰোঁ৷ প্রতিদিনে ৰাতিপুৱা শুই উঠিয়েই মই এইবুলি সংকল্প লওঁ যে আহিব ধৰা দিনটোক মই ভাল পাম৷ মোৰ সন্মুুখত থকা দুটা কামৰ ভিতৰত মই যিকোনো এটাহে কৰিব পাৰোঁ ঃ মোৰ শৰীৰৰ যিকেইটা অংগ–প্রত্যংগই বার্ধক্যৰ হেঁচাত পৰি অকামিলা হৈ মোক নানা প্রকাৰৰ কষ্ট দিছে, সেইবোৰৰ কথা ভাবি ভাবি বিছনাত ছটফটাই মই মানুহৰ ভাগ্যক গালি পাৰিব পাৰোঁ অথবা মোৰ শৰীৰৰ যিকেইটা অংগ এতিয়াও সুস্থ আৰু সক্রিয় হৈ আছে তাৰ কাৰণে মই ঈশ্বৰক ধন্যবাদ দি নতুন উৎসাহেৰে বিছনাৰ পৰা উঠি দৈনন্দিন জীৱন আৰম্ভ কৰিব পাৰোঁ৷ মই যিমান দিন জীয়াই থাকোঁ সিমান দিনলৈকে মই প্রতিটো নতুন দিন উপভোগ কৰিম, আৰু মোৰ জীৱনৰ এই বয়সত উপভোগ কৰিম বুলি ভাবি জীৱনৰ যিবোৰ মধুৰ স্মৃতি মনত সাঁচি ৰাখিছিলোঁ, সেই গোটেইবোৰ স্মৃতি ৰোমন্থন কৰি কৰি জীৱনৰ বাকী থকা দিনবোৰ মই উপভোগ কৰিম৷’