নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইৰ ৩ স্থানত অভিযান এনচিবিৰ ২০ অক্টোবৰলৈ জে’লত আৰিয়ান

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ: বিলাসী জাহাজত ৰেভ পার্টী গোচৰক লৈ তদন্ত চলাই থকা এনচিবিয়ে আজি পুনৰ মুম্বাইৰ তিনিটা স্থানত অভিযান চলায়৷ নার্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰ’, চমুকৈ এনচিবিয়ে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্র আৰিয়ান খানসহ আঠজনক গ্রেপ্তাৰ কৰাৰ পিছত এই গোচৰৰ তদন্তৰ বাবেই মুম্বাইৰ বিভিন্ন স্থানত তালাচী চলাই কেইবাজনকো গ্রেপ্তাৰ কৰিছে৷ আজিও মুম্বাইৰ বান্দ্রা, আন্ধেৰী আৰু পোৱাইত এনচিবিয়ে অভিযান চলায়৷

ইপিনে, শ্বাহৰুখ পুত্র আৰিয়ান খানে অহা ২০ অক্টোবৰলৈ জে’লত কটাব লাগিব৷ মুম্বাইৰ আর্থাৰ ৰোড কাৰাগাৰত কোৱাৰেণ্টাইনত থকাৰ পিছত সম্প্রতি আৰিয়ানক সাধাৰণ কয়দীৰ সৈতে ৰাখিছে৷ আদালতে আৰিয়ান খানৰ জামিন আবেদনৰ শুনানি ১৩ অক্টোবৰত গ্রহণ কৰাৰ পিছত ৰায় ২০ অক্টোবৰলৈ সংৰক্ষিত ৰখাৰ পৰিপ্রেক্ষিতত ২০ অক্টোবৰলৈ জে’লতেই থাকিব আৰিয়ান৷

উল্লেখ্য যে জে’লৰ ভিতৰত থকা আৰিয়ান খানে দুদিন পূর্বে তেওঁৰ পিতৃ আৰু মাতৃৰ সৈতে ভিডিঅ’ কলযোগে বার্তালাপ কৰাৰ সুযোগ লাভ কৰিছে৷ তদুপৰি, জে’লৰ ভিতৰত খাদ্য ক্রয় কৰি খোৱাৰ বাবে নির্ধাৰিত ধনো পৰিয়ালৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে আৰিয়ানে৷

You might also like