নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত নগ্ন ফটো ভাইৰেল কৰাৰ ভাবুকিৰে মহিলাক ধর্ষণ লম্পট পিতা–পুত্রৰ

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ: বঙাইগাঁৱত সংঘটিত হৈছে এটা চৰম লজ্জাজনক ঘটনা৷ পিতা–পুত্রই মিলি এগৰাকী মহিলাক ধর্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এই জঘন্য ঘটনা সংঘটিত হৈছে নিউ বঙাইগাঁৱৰ ভাওলাগুৰিত৷

কিছু পলমকৈ পোহৰলৈ অহা ঘটনাৰ বিৱৰণী অনুসৰি, স্থানীয় মহিলা এগৰাকীৰ স্বামী কর্মসূত্রে বহিঃৰাজ্যত থকাৰ সুযোগ গ্রহণ কৰি পিতা–পুত্রই দীর্ঘদিনে শাৰীৰিক তথা যৌন নির্যাতন চলাইছিল৷ বদিয়ত জামাল আৰু তেওঁৰ পুত্র আবেদ আলীয়ে সংঘটিত কৰিছে জঘন্য ঘটনা৷

বদিয়ত জামাল গাঁওৰক্ষী বাহিনীৰ সম্পাদক হোৱাৰ লগতে এলেকাটোত মাতব্বৰ হিচাপে পৰিচিত৷ ইপিনে, বঙাইগাঁও সদৰ থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি, মহিলাগৰাকীৰ এখন নগ্ন ফটো উঠাই দীর্ঘদিনৰে পৰা ব্লেক মেইলিং কৰি আহিছে৷ আনকি এই ফটো স্থানীয় ৰহেন আলী আৰু মিথুন আলীৰ হাতত পৰাত এই দুই যুৱকেও মহিলাগৰাকীক ব্লেক মেইলিং কৰি চলাই আহিছে যৌন নির্যাতন৷

শেহতীয়াকৈ মহিলাগৰাকীৰ স্বামী ঘৰলৈ উভতি অহাত সকলো কথা জানিব পাৰি থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰ দাখিল কৰাৰ পিছতে মাতব্বৰ বদিয়ত জামালৰ একাংশ সমর্থকে মহিলাগৰাকীক মুখত ৰং সানি তালিবানী শাস্তি প্রদান কৰে৷ বর্তমানলৈ ঘটনাৰ মূল অভিযুক্ত বদিয়ত জামাল, আবেদ আলী, ৰহেন আলী আৰু মিথুন আলীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷

আনহাতে, মহিলাগৰাকীৰ নগ্ন ফটো ভাইৰেল কৰাৰ বাবে তিনিজনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ গ্রেপ্তাৰ হৈছে আনিকুল শ্বেখ নামৰ এজন যুৱক আৰু দুজন কিশোৰ৷ সমগ্র ঘটনা সংক্রান্তত বঙাইগাঁও সদৰ থানাত ৮০৮/২১ নম্বৰত গোচৰ এটা পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে৷ লক্ষণীয় যে মাতব্বৰ বদিয়ত জামালক ৰক্ষণাবেক্ষণ দিবলৈ এটা পক্ষই মহিলাগৰাকী দুঃচৰিত্রৰ বুলি সদৰ থানাত এজাহাৰ এখন দাখিল কৰিছে৷ পিতা–পুত্রৰ এই কু–কর্মই সভ্য সমাজক চৰম লজ্জানত কৰাৰ লগতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

You might also like