উপ–নির্বাচনত কংগ্রেছৰ বিৰুদ্ধে একালৰ মিত্রই অৱতীর্ণ হৈছে শত্রুৰ ৰূপত
নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ–নির্বাচনক লৈ ইতিমধ্যে ৰাজনৈতিক দল আৰু প্রার্থীসকলৰ মাজত হাইভ’ল্টেজ প্রচাৰ আৰম্ভ হৈছে৷ বিজেপি মিত্রজোঁটৰ হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেওবাৰে তামুলপুৰত নির্বাচনী প্রচাৰ চলোৱাৰ পাছত গোসাঁইগাঁৱত নির্বাচনী প্রচাৰ চলাবলৈ সোমবাৰে সমষ্টিটোত উপস্থিত হৈছে৷ মন কৰিবলগীয়া এয়ে যে যোৱা বিধানসভা নির্বাচনৰ ফলাফল অনুসৰি এইবাৰ উপ–নির্বাচন হ’বলগীয়া পাঁচ সমষ্টিৰ ভিতৰত চাৰিটাই বিৰোধী মহাজোঁটে দখল কৰিছিল৷ থাওৰা, মৰিয়নি কংগ্রেছে লাভ কৰাৰ বিপৰীতে ভৱানীপুৰ এ আই ইউ ডি এফে আৰু গোসাঁইগাঁৱত বি পি এফে জয়লাভ কৰিছিল৷
কিন্তু এইবাৰ উপ–নির্বাচনক লৈ বিৰোধীৰ বিগ ব্রাদাৰ কংগ্রেছ সাংঘাতিক ধৰণে চিন্তিত হ’বলগীয়া হৈছে৷ কাৰণ এইবাৰৰ উপ–নির্বাচনত কংগ্রেছৰ বিৰুদ্ধে একালৰ মিত্রই অৱতীর্ণ হৈছে শত্রুৰ ৰূপত৷ সৌ সিদিনালৈ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ সৈতে ‘মন মিলা’ অখিল গগৈয়েও এইবাৰ উপ–নির্বাচনত শত্রু হিচাপে থাওৰা আৰু মৰিয়নিত নির্বাচনী যুঁজত নামিছে৷ একেদৰে ভৱানীপুৰত কংগ্রেছৰ বিৰুদ্ধে ৰণত নামিছে পুৰণি বন্ধু বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে৷ অনুৰূপ ধৰণে গোসাঁইগাঁৱত কংগ্রেছৰ বিৰুদ্ধে যুঁজত নামিছে পুৰণি বন্ধু হাগ্রামা মহিলাৰীৰ বি পি এফ দলৰ লগতে আজমলৰ দলো৷ তামুলপুৰতো কংগ্রেছৰ বিৰুদ্ধে নির্দলীয়ৰ বেশত যুঁজত নামিছে বি পি এফৰ গণেশ কছাৰী৷ এনে অৱস্থাত এইবাৰৰ উপ–নির্বাচন কংগ্রেছৰ বাবে একপ্রকাৰ অস্বস্তিকৰ হৈ পৰা বুলি ক’লেও ভুল কোৱা নহ’ব৷
উল্লেখ্য যে গোসাঁইগাঁও সমষ্টিত এইবাৰ উপ–নির্বাচনত মুঠ আঠগৰাকী প্রার্থী অৱতীর্ণ হৈছে৷ কংগ্রেছৰ জুৱেল টুডু, ইউ পি পি এলৰ জিৰণ বসুমতাৰী, বি পি এফৰ ধ্রুৱ কুমাৰ ব্রহ্ম নার্জাৰী, এ আই ইউ ডি এফৰ খাইৰুল আনম খন্দকাৰ আৰু নির্দলীয় উত্তম কুমাৰ তালুকদাৰ, কমল ৰায়, ওছমান গনি শ্বেখ আৰু আব্দুল হাছেম নির্বাচনত অৱতীর্ণ হৈছে৷ যোৱা বিধানসভা নির্বাচনত সমষ্টিটোৰ পৰা ১১গৰাকী প্রার্থী নির্বাচনত অৱতীর্ণ হৈছিল যদিও মহাজোঁটৰ হৈ বি পি এফৰ মাজেন্দ্র নার্জাৰীয়ে প্রতিদ্বন্দ্বিতা কৰিছিল৷ সমষ্টিটোত কংগ্রেছ, এ আই ইউ ডি এফৰ কোনো প্রার্থী নাছিল৷ কংগ্রেছ, বি পি এফ, এ আই ইউ ডি এফ ঐক্যবদ্ধভাৱে নির্বাচনত অৱতীর্ণ হোৱাৰ পাছতো সমষ্টিটোত মহাজোঁটে মাত্র ১০,৩৪৩টা ভোটৰ ব্যৱধানতহে বিজয়ৰ মুখ দেখিবলৈ সক্ষম হৈছিল৷ এইবাৰ সমষ্টিটোত কংগ্রেছ, বি পি এফ, এ আই ইউ ডি এফ তিনিওটা দলে মিত্রৰ পৰিৱর্তে শত্রুৰ ৰূপত অৱতীর্ণ হৈছে৷ সেইদৰে ভৱানীপুৰ সমষ্টিত এইবাৰ উপ–নির্বাচনত মুঠ ৮গৰাকী প্রার্থী অৱতীর্ণ হৈছে৷ তেওঁলোক হৈছে বিজেপিৰ ফণীধৰ তালুকদাৰ, কংগ্রেছৰ শৈলেন্দ্র নাথ দাস, এ আই ইউ ডি এফৰ জুব্বাৰ আলী, ৰোডমেপ পার্টীৰ মেৰিজুল হক, ভোটার্ছ পার্টী ইণ্টাৰনেচনেলৰ শিৱেন দাস, নির্দলীয় চৌকত আলী আহমেদ, খাম্ফা খুংগুৰ গয়াৰী আৰু আৰিফুল ইছলাম৷
যোৱা বিধানসভা নির্বাচনত সমষ্টিটোত মুঠ ১২গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও মহাজোঁটৰ পৰা এ আই ইউ ডি এফৰ ফণীধৰ তালুকদাৰ আছিল৷ যোৱা নির্বাচনত সমষ্টিটোত কংগ্রেছৰ কোনো প্রার্থী নাছিল৷ এইবাৰ সমষ্টিটোত কংগ্রেছ আৰু এ আই ইউ ডি এফ উভয়ে শত্রু হিচাপে নির্বাচনী যুঁজত নামিছে৷ একেই প্রতিচ্ছবি থাওৰা আৰু মৰিয়নিৰ ক্ষেত্রতো৷ থাওৰাত যোৱা বিধানসভা নির্বাচনত মহাজোঁটৰ হৈ কংগ্রেছৰ সুশান্ত বৰগোহাঁই অৱতীর্ণ হয়৷ কিন্তু এইবাৰ সমষ্টিটোত কংগ্রেছ, চি পি আই, ৰাইজৰ দল নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ যোৱা বিধানসভা নির্বাচনত মহাজোঁটৰ অংশীদাৰ দল হিচাপে চি পি আয়ে প্রার্থিত্ব দিয়া নাছিল আৰু ৰাইজৰ দলেও প্রতিদ্বন্দ্বিতা আগবঢ়োৱা নাছিল৷ অনুৰূপ ধৰণে মৰিয়নিত যোৱা বিধানসভা নির্বাচনত মহাজোঁটৰ প্রার্থী হিচাপে কংগ্রেছৰ ৰূপজ্যোতি কুর্মীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়ায়৷ সমষ্টিটোত ৰাইজৰ দলৰ অখিল গগৈয়ে প্রার্থিত্ব দিছিল যদিও শেষমুহূর্তত প্রত্যাহাৰ কৰে৷ এইবাৰ মৰিয়নিত কংগ্রেছৰ লগতে ৰাইজৰ দলেও প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ একেই পৰিৱেশ দেখা গৈছে তামুলপুৰৰ ক্ষেত্রতো৷ যোৱা বিধানসভা নির্বাচনত তামুলপুৰ সমষ্টিটো মহাজোঁটে বি পি এফক এৰি দিছিল৷ এইবাৰ সমষ্টিটোত কংগ্রেছে প্রার্থিত্ব আগবঢ়াইছে৷ সমান্তৰালভাৱে বি পি এফৰ প্রভাৱশালী নেতা গণেশ কছাৰীয়ে নির্দলীয় ৰূপত সমষ্টিটোৰ পৰা এইবাৰ নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ আটাইকেইটা সমষ্টিলৈ লক্ষ্য কৰিলে এইবাৰ এটা কথাই স্পষ্ট হয় যে উপ–নির্বাচনত কংগ্রেছৰ বিৰুদ্ধে একালৰ মিত্রই শত্রুৰ ৰূপত অৱতীর্ণ হৈছে৷ এনে অৱস্থাত কংগ্রেছৰ বিজেপি প্রতিৰোধ অভিযান কিমান সফল হয়, সেয়া লক্ষণীয় হ’ব৷