ধুবুৰীত আৰক্ষী শ্বহীদ দিৱস পালন
নিয়মীয়া বাৰ্তা ২১ অক্টোবৰঃ আজি আৰক্ষী শ্বহীদ দিৱস। সেই উপলক্ষে আজি ৰাতিপুৱা ধুবুৰী আৰক্ষী ছাউনীত দেশৰ বাবে প্ৰাণ আহুতি দিয়া আৰক্ষী সেই লোকসকলৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক পুষ্পাঞ্জলিৰে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
বিগত এবছৰত দেশৰ বাবে শ্বহীদ হোৱা তিনিশ গৰাকীকৈ আৰক্ষীৰ সেই লোকসকলৰ নাম গাই শুনোৱা হয় অনুষ্ঠানটোত। তদুপৰি নৱ প্ৰজন্মক প্ৰেৰণা দিবলৈ সেই শ্বহীদ সকলৰ আলোকচিত্ৰ ফটোফ্ৰেমত সহ তেওঁলোকে পঢ়া বিদ্যালয়সমূহত উপহাৰ ৰূপে দিয়াৰ বাবে ধুবুৰী আৰক্ষীয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে। উল্লেখ্য যে, ১৯৫৯ চনত লাডাখত চীনৰ সেনাৰ এটি দলৰ অপ্ৰৰোচিত গুলীচালনাত মৃত্যু হোৱা দহগৰাকীকৈ লাডাখ আৰক্ষীৰ স্মৃতিত প্ৰতি বছৰে আজিৰ দিনটো শ্বহীদ দিৱসৰূপে পালন কৰা হয়।