নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলা-গড়াজান উপ ক্ৰীড়া সন্থাৰ পদক্ষেপঃ দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰে বৰহোলাত ক্ৰীড়া সমাৰোহ

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰ: তিতাবৰ মহকুমাৰ গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক খেলৰ ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ উদ্দেশ্যে এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে বৰহোলাত। বৰহোলা-গড়াজান উপক্ৰীড়া সন্থাৰ উদ্যোগত গড়াজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ২২ অক্টোবৰৰ পৰা অনুষ্ঠিত হৈছে তিনিদিনীয়া ক্ৰীড়া সমাৰোহ। সমাৰোহত প্ৰায় দুই শতাধিক ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।

বিগত প্ৰায় ১৭ দিন ধৰি অভিজ্ঞ খেলুৱৈৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ পিছতে আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সমাৰোহ। এই সমাৰোহত বাচনি হোৱা প্ৰতিভাধাৰী খেলুৱৈসকলক আগন্তুক দিনক জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত বৰহোলা উপ ক্ৰীড়া সন্থাৰ সম্পাদক অমল সোণোৱালে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে তিতাবৰ মহকুমাৰ বৃহত্তৰ বৰহোলা অঞ্চলতো বহু সংখ্যক প্ৰতিভাৱান খেলুৱৈ আছে। এখন উচিত মঞ্চ পালে এইসকল খেলুৱৈ এদিন নিশ্চিতভাৱে আগবাঢ়ি যাব। গতিকে বৰহোলাৰ অঞ্চলৰ প্ৰতিগৰাকী খেলুৱৈক আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে আমি এই ক্ৰীয়া সমাৰোহখন অনুষ্ঠিত কৰিছোঁ।

উল্লেখ্য যে বৰহোলাৰ সচেতন ব্যক্তি বানেশ্বৰ সোণোৱাল, নিত্যানন্দ শইকীয়া, মঃ ইমৰান হুছেইন, তিতাবৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক তৰুণ দত্ত আদিৰ সম্পূৰ্ণ সহযোগিতাত সফল ৰূপ পাইছে ক্ৰীড়া সমাৰোহখনে।

Input: অজয় শইকীয়া, নগাবাট

You might also like