আগৰতলাত সুস্মিতা দেৱক আক্ৰমণ থানাত গোচৰ ৰুজু
নিয়মীয়া বাৰ্তা ২২ অক্টোবৰ : আগৰতলাত দলীয় কাৰ্যসূচীত যোগদান কৰা তৃণমূল সাংসদ সুস্মিতা দেৱ বিজেপি কৰ্মীৰ আক্ৰমণৰ সন্মুখীন হৈছে। তেওঁৰ সৈতে প্ৰচাৰত অংশগ্ৰহণ কৰা এগৰাকী দলীয় কৰ্মীক গুৰুতৰভাৱে প্ৰহাৰ কৰিছে বিজেপি সদস্যই। তেতিয়া প্ৰাণৰ ভয়ত তৃণমূল কৰ্মী সাংসদ সুস্মিতা দেৱৰ গাড়ীত উঠাৰ চেষ্টা কৰে যদিও গাড়ীখনলৈ লক্ষ্য কৰি শিল নিক্ষেপ কৰে বিজেপি কৰ্মীয়ে । ইয়াৰ ফলত সুস্মিতা সহ গাড়ীখনত থকা কেইবাজনো আঘাতপ্ৰাপ্ত হয় । পিছত তেওঁলোকে আমতলী আৰক্ষী থানালৈ গৈ এক গোচৰ ৰুজু কৰে । সাংবাদিকৰ সন্মুখত সুস্মিতাই কয় , তেওঁ আমতলী বজাৰত দলীয় প্ৰচাৰ সভাত অংশগ্ৰহন কৰিবলৈ গৈছিল। আমতলীৰ স্থানীয় ৰাইজে তৃণমূল কংগ্ৰেছত যোগদান কৰিবলৈ বিচাৰিছিল। কিন্তু হঠাতে বিজেপি কৰ্মীৰ এটা দলে তেওঁলোকক লক্ষ্য কৰি আক্ৰমণ চলায়। তেতিয়া তেওঁৰ সৈতে থকা তৃণমূল কৰ্মী এগৰাকীক মাৰপিট কৰে। তদুপৰি তেওঁ গাড়ীত বহি থকা অৱস্থাত তেওঁৰ গাড়ীলৈ শিল নিক্ষেপ কৰে।
ইপিনে সাংসদ দেৱৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা জনাইছে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে। সুস্মিতা দেৱে কয়, ত্ৰিপুৰাত আইনৰ শাসন যে নাই, পুনৰ প্ৰমাণিত হৈছে । ৰাইজে যথা সময়ত ইয়াৰ যোগ্য উত্তৰ দিব।