জীৱিত ব্যক্তিক মৃত সজাই মাটি বিক্ৰী কাছাৰত গ্ৰেপ্তাৰ লাট মণ্ডল
নিয়মীয়া বাৰ্তা ২২ অক্টোবৰ : এইবাৰ কাছাৰ জিলাত এগৰাকী লাট মণ্ডলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ জীৱিত ব্যক্তিক মৃত সজাই মাটি বিক্ৰি কৰি দিয়াৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে প্ৰণয় নাথ নামৰ লাট মণ্ডল জনক গ্ৰেপ্তাৰ কৰে ৷কাছাৰৰ উধাৰবন্দ ৰাজহ চক্ৰ কাৰ্যালয়ত পৰা আৰক্ষীয়ে আটক কৰা লাট মণ্ডল জনৰ নাম প্ৰণয় নাথ ৷ ইয়াৰ পিছত তেওঁক শিলচৰ সদৰ থানালৈ লৈ অহা হয় । ধৃত মণ্ডলক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
উল্লেখ্য, শিলচৰ ভূ বাসন কাৰ্যালয়ৰ অধীনস্থ ভকতপুৰ এলেকাৰ জনৈক ব্যক্তিক মৃত সজাই ১৭ কাঠা মাটি বিক্ৰিৰ ঘটনা ঘটিছিল ৷ প্ৰণয়ৰ সহযোগত এটা দালাল চক্ৰ ই কাণ্ডটো সংঘটিত কৰিছিল ৷ ব্যক্তিজনৰ পৰিয়ালৰ সদস্যই নামজাৰি কৰিবলৈ যাওঁতেই ঘটনাটো পোহৰলৈ আহে ৷ তাৰ পাছত সুবিচাৰ বিচাৰি আৰক্ষীৰ কাষ চাপে পৰিয়ালৰ সদস্যই ৷ তদুপৰি আৰক্ষীয়ে তদন্তত নামি প্ৰণয় নাথক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য,কাছাৰৰ উধাৰবন্দ ৰাজহ চক্ৰ কাৰ্যালয়ত কৰ্মৰত আছিল লাট মন্ডল প্ৰনয় নাথ ৷ ইপিনে ঘটনাৰ সৈতে জড়িত আন অভিযুক্ত পলাতক ৷