গোসাঁইগাৱঁত প্ৰমোদ বড়োৰ এলানি নিৰ্বাচনী প্ৰচাৰ সভা
নিয়মীয়া বাৰ্তা ২২ অক্টোবৰ: বিপিএফ’ৰ বহু নেতা বিজেপি গৈছে ৷ বহুতে ইউ পি পি এল’ত যোগদান কৰাৰ বাবে অপেক্ষা কৰি আছে ৷ বিপিএফ’ৰ নাঙল ভাঙি গৈছে ।উপনিৰ্বাচনৰ পিছত বিপিএফ’ৰ দোকান বন্ধ হৈ যাব ৷ এই ভাষ্য ইউ পি পি এল’ৰ সভাপতি তথা বিটিআৰ’ৰ মূখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৰ ৷ ২৮ নং গোসাঁইগাওঁ বিধান সভা সমষ্টিৰ মিত্ৰজোঁট ইউ পি পি এল’ৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ হৈ আজি কেইবাখনো নিৰ্বাচনি সভাত বিটিআৰ’ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো অংশ গ্ৰহণ কৰি বিপিএফ’ৰ বিৰুদ্ধে তীব্ৰ সমালোচনা মূখৰ হৈ পৰে ৷ ইউ পি পি এল’ৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ হৈ আজি গোসাঁইগাৱঁৰ জলেশ্বৰীত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত প্ৰমোদ বড়োৱে আৰু কয় যে, ১৭ বছৰে বিপিএফে ৰাইজক একো কৰি দিয়া নাই ৷ সুতা আৰু কম্বলৰ ৰাজনীতি আমি কৰিব বিচৰা নাই ৷ আমি ৰাইজক জীৱিকা দিব বিচাৰিছোঁ, সন্মান দিব বিচাৰিছোঁ ৷ ভাষা সংস্কৃতিৰ অস্তিত্ব ৰক্ষা কৰিব বিচাৰিছোঁ ৷ ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ দি সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা দিব বিচাৰিছোঁ বুলি কয় ৷ বড়োৱে বিটিআৰ’ত এতিয়া কোনো ভয় কৰিবলগীয়া পৰিৱেশ নাই বুলি উল্লেখ কৰি কয় যে, এটা সময়ত বিটিচি’ত হত্যা হিংসা অপহৰন ধনদাবীৰে ৰাইজক আতংকিত কৰি ৰাখিছিল ৷ কিন্তু বিটিআৰ’ৰ ইউ পি পি এল আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠণ হোৱাৰ পিছত এনে হিংসাজৰ্জৰ পৰিৱেশ আতৰি শান্তি আহিছে বুলি দাবী কৰে ৷
২৮ নং গোসাঁইগাওঁ বিধান সভা সমষ্টিৰ জলেশ্বৰী ৰাজহুৱা মুকলি সমূহীয়া সভাস্থলীত আয়োজিত নিৰ্বাচনী সভা খনত বিটিআৰ’ৰ কাৰ্য্যবাহী সদস্য উকীল মুছাহাৰী, ইউ পি পি এল’ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী, বি জে পি’ৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দেৱৰাজ পাল, ইউ পি পি এল’ৰ যুৱ মৰ্চাৰ সভাপতি সোমনাথ নাৰ্জাৰী প্ৰমূখ্যে কেইবাগৰাকীও দলীয় নেতা কৰ্মী উপস্থিত থাকে ৷
উল্লেখনীয় যে বিধান সভাৰ উপনিৰ্বাচনত বিজেপি ইউোপি পি এল মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ আজি প্ৰমোদ বড়োৱে গোসাঁইগাওঁ বিধান সভা সমষ্টিৰ অন্তৰ্গত নিলাইঝোৰা, জলেশ্বৰী, সাপকাটা, বাঘদোগ্ৰাত নিৰ্বাচনী সভাত অংশ লোৱাৰ লগতে গোসাঁইগাওঁ সদৰ চহৰ স্থিত এছ এছ মাৰ্কেট কমপ্লেক্সৰ সভাগৃত গোসাঁইগাওঁ মহকুমা টটো কৰ্মী সন্থাৰ উদ্যোগত আয়োজিত এখন সভাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ হৈ ভোট প্ৰদানৰ আহ্বান জনায় ৷