নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপাৱলীত মাটিৰ চাকিৰে উজলাবলৈ সাজু গৌৰীপুৰৰ আশাৰীকান্দীৰ মৃৎ শিল্পীসকল

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: কালীপূজা আৰু দীপাৱলীৰ আগমূহুৰ্তত ধুবুৰী জিলাৰ এখন গাওঁত এতিয়া তুমুল কৰ্মব্যস্ততা৷ জিলাখনৰ গৌৰীপুৰৰ সমীপৰ টেৰাকোটা গাঁওখ্যাত আশাৰীকান্দীৰ মৃৎ শিল্পীসকল বৰ্তমান দিনা–নিশাই ব্যস্ত মাটিৰ চাকি নিৰ্মাণত।

উল্লেখ্য যে, আশাৰীকান্দী গাঁৱৰ প্ৰায় ১৫০/১৬০ ঘৰ পাল পৰিয়ালে বংশানুক্ৰমিক ভাবে জড়িত হৈ আছে টেৰাকোটা আৰু মৃৎ শিল্পৰ সৈতে। সেই পৰিয়ালবোৰৰ অধিকাংশ পুৰুষ-মহিলাৰ এতিয়া নাই আহৰি। সকলোৱে ব্যস্ত সৰ–বৰ আকাৰৰ আটকধুনীয়া চাকি নিৰ্মাণত। কেৱল ধুবুৰী জিলাতেই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যতো আছে আশাৰীকান্দী মাটিৰ চাকিৰ বিশেষ সমাদৰ। ৰাজ্যৰ বিভিন্ন স্থানৰ উপৰিও যোৰহাট, তেজপুৰকে ধৰি দীপাৱলীৰ সময়ত চুবুৰীয়া মেঘালয়ৰ শ্বিলংৰো মাটিৰ চাকিৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ীসকলে আশাৰীকান্দীৰ পৰা মাটিৰ চাকি ক্ৰয় কৰি লৈ যায়।’’ এইদৰেই আজি আশাৰীকান্দীৰ মাটিৰ চাকিৰ চাহিদাৰ বিষয়টো দাঙি ধৰে স্থানীয় এগৰাকী মৃৎ শিল্পী মধুসূধন পালে।

উল্লেখ্য যে, পালৰ পৰিয়ালে এইবেলি এতিয়ালৈকে নিৰ্মাণ কৰিছে প্ৰায় ৪০ হাজাৰ মাটিৰ চাকি। ইপিনে যোৱা বছৰ ক’ৰোনা মহামাৰীৰ বাবে সৃষ্ট পৰিৱেশৰ বাবে উদ্ভৱ পৰিৱেশৰ বাবে জীৱন–জীৱিকাক লৈ তীব্ৰ সংকটত পৰা আশাৰীকান্দীৰ মৃৎ শিল্পীসকলে এইবছৰ কিছু সকাহ পাব বুলি আশা কৰিছিল। পিছে অবতৰীয়া অজাক বৰষুণৰ বাবে সন্মুখীন হোৱা অসুবিধাৰ বাবে এইবছৰো আশা কৰা মতে চাকি নিৰ্মাণ কৰিব পৰা নাই তেওঁলোক। এইদৰেই আজি এই প্ৰতিবেদকৰ সন্মুখত আক্ষেপ কৰে আশাৰীকান্দীৰ মৃৎশিল্পী মধুসূধন পালে।

লগতে দীপাৱলীৰ সময়ত চাইনিজ সামগ্ৰীৰ ব্যৱহাৰ প্ৰচলিত হ’বলৈ লোৱাৰ পিছৰ পৰাই মাটিৰ চাকিৰ চাহিদা তুলনামূলক ভাৱে কিছু হ্ৰাস পাবলৈ লোৱা বুলিও খেদ প্ৰকাশ পোৱা যায় শিল্পীগৰাকীয়ে। ইয়াতে উল্লেখনীয় এয়াও যে, দীৰ্ঘ বহু বছৰৰ পৰাই আশাৰীকান্দীৰ মৃৎশিল্পীসকলে বিভিন্ন ধৰণৰ দৃষ্টি নন্দন মাটিৰ চাকিৰে ৰাইজৰ মন মুহি অহাৰ সমান্তৰালকৈ চাইনিজ সামগ্ৰীৰ পৰিবৰ্তে থলুৱা সামগ্ৰীৰে দীপাৱলী উদযাপন কৰাৰ বাৰ্তাক বাস্তবায়িত কৰিবলৈ বিশেষ অৰিহণা যোগাই আহিছে৷

Inpu: অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like