নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত স্বাভাৱিক ক’ভিড পৰিস্থিতি, বৃদ্ধি হোৱা নাই সংক্রমণ

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ বর্তমানলৈকে ৰাজ্যৰ ক’ভিড পৰিস্থিতি স্বাভাৱিক৷ অসমৰ ক’ভিড পৰিস্থিতিক লৈ এতিয়ালৈ উদ্বিগ্ণ হোৱাৰ কাৰণ নাই৷ বৃহস্পতিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সেই বিষয়ে প্রৱেশ কৰি কয় যে প্রতিদিনে তেওঁ টুইটাৰযোগে ৰাজ্যৰ ক’ভিড পৰিস্থিতি প্রকাশ কৰি আহিছে৷ এই মুহূর্তলৈ তেওঁৰ ক’ভিড পৰিস্থিতিক লৈ কোনো চিন্তা হোৱা নাই৷ সেইদৰে ক’ভিড ভেকচিনৰ প্রসংগত তেওঁ কয় যে প্রথম ড’জ ভেকচিন লোৱাৰ নির্দিষ্ট সময়ৰ পাছতহে দ্বিতীয় ড’জ ভেকচিন ল’ব পাৰিব৷ সেয়ে এতিয়া প্রথম ড’জ ভেকচিন লোৱাসকলৰ কিমানে দ্বিতীয় ড’জ ভেকচিন ল’লে, সেই উত্তৰ তিনি মাহ পাছতহে দিব পৰা যাব৷

ইপিনে, ক’ভিডৰ সংক্রমণ বৃদ্ধি হোৱাৰ পৰিপ্রেক্ষিতত কামৰূপ মহানগৰ জিলা প্রশাসনে গাড়ীগাঁও বালিকা মোক্তাব বিদ্যালয় আৰু মালিগাঁৱৰ কামাখ্যা হাইস্কুলক মাইক্র’ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে৷ বিদ্যালয় দুখন ইতিমধ্যে সাত দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে৷ শিক্ষানুষ্ঠান দুখনৰ শিক্ষক ক’ভিডত আক্রান্ত হোৱা বাবেই প্রশাসনে এই ব্যৱস্থা কৰে৷ সেইদৰে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাকে ধৰি কার্যালয়টোৰ ১১গৰাকী কর্মচাৰী ক’ভিডত আক্রান্ত হোৱাৰ পৰিপ্রেক্ষিতত ৰূপনগৰৰ স্বতন্ত্র সেনানী ভৱনত থকা কার্যালয়টোও কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি সাত দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে৷
বৃহস্পতিবাৰে আক্রান্ত ৩২২, মৃত্যু ২
অসমত ক’ভিডৰ সংক্রমণ অব্যাহত আছে৷ বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনত নতুনকৈ ৩২২জন লোক ক’ভিডত আক্রান্ত হয়৷ সেইদৰে আজিৰ দিনটোত ক’ভিডত আক্রান্ত হৈ ২জন লোকৰ মৃত্যু হয়৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে জনোৱা অনুসৰি আজি ৰাজ্যখনত মুঠ ৩৯,৬২৯জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয়৷ ইয়াৰে ৩২২জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ আজি আক্রান্ত হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাত ১৪১জন, বৰপেটাত ৩০জন, লখিমপুৰত ২৩জন, যোৰহাটত ২০জন লোক আক্রান্ত হয়৷ দিনটোত আক্রান্তৰ হাৰ ০.৮১ শতাংশ৷ আনহাতে, বৃহস্পতিবাৰে ক’ভিডত আক্রান্ত হৈ গোৱালপাৰা আৰু কামৰূপ মহানগৰ জিলাৰ এজনকৈ মুঠ ২জন লোকৰ মৃত্যু হয়৷ ৰাজ্যখনত সুস্থতাৰ হাৰ ৯৮.৪০ শতাংশ৷
ৰাজ্যত নহয় লকডাউনঃ কেশৱ মহন্ত
ক’ভিড আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পালেও অসমত পুনৰ লকডাউন দিয়া নহয়৷ এই অভয়বাণী প্রদান কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ ক’ভিড–১৯ অতিমাৰীক লৈ নতুন দিল্লীত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডাভিয়াৰ সৈতে হোৱা বৈঠকৰ পাছত মহন্তৰ স্পষ্ট বক্তব্য– লকডাউন দিয়া নহয়৷ পিছে উৎসৱৰ বতৰত ক’ভিড আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাই আছে৷ সেয়েহে সংক্রমণৰ হাৰৰ কথা বিবেচনা কৰি ৰাজ্যৰ বিভিন্ন স্থান কণ্টেইনমেণ্ট জ’ন কৰি দিয়া হ’ব বুলি স্বাস্থ্যমন্ত্রীয়ে লগতে স্পষ্ট কৰি দিয়ে৷

মন কৰিবলগীয়া যে কেশৱ মহন্তকে ধৰি দেশৰ অন্যান্য ৰাজ্যৰ স্বাস্থ্যমন্ত্রীসকলৰ্ সৈতে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মাণ্ডাভিয়াই দেশৰ ক’ভিড–১৯ পৰিস্থিতিক লৈ এখন পর্যালোচনা বৈঠকত মিলিত হৈছিল৷ সমগ্র দেশত ইতিমধ্যে ১০০ কোটি ক’ভিড টিকা দিয়া হৈছে৷ মন্ত্রী কেশৱ মহন্তই  প্রকাশ কৰা মতে, অসমত এতিয়ালৈকে প্রায় ২ কোটি লোকে এপালি টিকা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ ভিতৰত ৭৬ লাখ লোকে ইতিমধ্যে দ্বিতীয় পালি টিকা গ্রহণ কৰিছে৷ প্রয়োজনত ঘৰে ঘৰে গৈ হ’লেও অসমৰ ১০০ শতাংশ লোকক দুই পালি টিকা প্রদান কৰা হ’ব বুলি মন্ত্রী কেশৱ মহন্তই সাংবাদিকৰ আগত মত ব্যক্ত কৰে৷

মন কৰিবলগীয়া যে দিল্লী ভ্রমণৰ কালছোৱাত ৰাজ্যৰ স্বাস্থ্যমন্ত্রীজনে ৰাম মনোহৰ লোহিয়া হাস্পতাল আৰু গুৰুগ্রামস্থিত মেডাণ্টা মেডাচিটী নামৰ ব্যক্তিগত খণ্ডৰ হাস্পতালখন পৰিদর্শন কৰে৷ পাছত সাংবাদিকৰ আগত মহন্তই কয় যে অসমত নির্মীয়মাণ চিকিৎসা মহাবিদ্যালয়সমূহক্ সর্বাংগসুন্দৰ কৰি গঢ়ি তোলাৰ ক্ষেত্রত এই চিকিৎসালয়সমূহক মডেল হিচাপে গ্রহণ কৰা হ’ব৷

You might also like