নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতাত বৰুণ দাসগুপ্তাৰ বিয়োগ

নিয়মীয়া বাৰ্তা ১ নৱেম্বৰঃ অসমত দীর্ঘদিন সংবাদ সেৱা আগবঢ়োৱা প্রবীণ সাংবাদিক বৰুণ দাসগুপ্তা আৰু নাই৷ শেহতীয়াকৈ বার্ধক্যজনিত কাৰণত শাৰীৰিকভাৱে অসুস্থ হৈ থকা দাসগুপ্তাই আজি কলকাতাৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ৷ উল্লেখ্য যে বহুকেইখন ৰাষ্ট্রীয় পর্যায়ৰ সংবাদ–পত্রত সাংবাদিক হিচাপে কার্যনির্বাহ কৰা দাসগুপ্তাই ‘দ্য হিন্দু’ৰ গুৱাহাটীস্থিত বিশেষ প্রতিনিধি পদৰ পৰা অৱসৰ গ্রহণ কৰিছিল৷ তেওঁ গুৱাহাটীৰ উপৰি পাটনা, নতুন দিল্লী আৰু কলকাতাতো সংবাদ সেৱা আগবঢ়াইছিল৷ সাংবাদিকতাৰ জগতখনৰ পৰা অৱসৰ ল’লেও বিগত সময়ছোৱাত লিখা–মেলাৰে নিজকে জড়িত ৰখা প্রবীণ সাংবাদিকজনে প্রায় পাঁচ বছৰ পূর্বে কবি পত্নী ৰুচিৰা শ্যামৰ বিয়োগৰ পাছত কলকাতাৰ ছল্টলেকস্থিত জার্নেলিষ্ট কো–পাৰেটিভ হাউছিং কমপ্লেক্সত অকলশৰে বাস কৰিছিল৷ প্রবীণ সাংবাদিকজনৰ বিয়োগত দেশৰ সংবাদ জগতত গভীৰ শোকৰ ছাঁ পৰিছে৷ ইণ্ডিয়াৰ জার্নেলিষ্ট এছ’চিয়েচনৰ সভাপতি এছ ছাবানায়কন আৰু শেখৰ সেনগুপ্তাই তেওঁৰ মৃত্যুত শোক প্রকাশ কৰে৷ সেইদৰে গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়েও শোক প্রকাশ কৰিছে দাসগুপ্তাৰ বিয়োগত৷

You might also like