নগাঁও আৰক্ষীৰ বৃহৎ সফলতাঃ কেৰেলাত উদ্ধাৰ ৫ যুৱতী
মহিলা সহ তিনি গৰাকী নাৰী সৰবৰাহকাৰী গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰ: নগাঁও আৰক্ষীৰ অভিযানত বহি: ৰাজ্য কেৰেলাত উৎখাত হয় এটা নাৰী সৰবৰাহকাৰী চক্ৰ। নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কেৰেলাৰ ত্ৰিবান্দ্ৰম জিলাৰ পৰা নাৰী সৰবৰাহকাৰী চক্ৰৰ পৰা ৫ গৰাকী যুৱতী উদ্ধাৰ কৰাৰ লগতে এগৰাকী মহিলা সহ ৩ গৰাকী নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে উদ্ধাৰ কৰা যুৱতী কেইগৰাকী নগাঁও, মৰিগাঁও, হোজাই আৰু শোনিতপুৰ জিলাৰ বুলি জানিব পৰা গৈছে।
নগাঁৱৰ আৰক্ষী সূত্ৰই জনোৱা মতে নগাঁও সদৰ থানাত এই সন্দৰ্ভত ৰুজু হোৱা ১৯৮৭/২০২১ নম্বৰৰ গোচৰৰ আত ধৰি নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত যোৱা নগাঁও আৰক্ষীৰ দলে কেৰেলাৰ ত্ৰিবান্দ্ৰম জিলাৰ আৰক্ষীৰ ডি চি পি বৈভৱ চাক্সেনা সহযোগত নগাঁও আৰক্ষীয়ে এই সফলতা লাভ কৰে।
আৰক্ষীয়ে নাৰী সৰবৰাহকাৰী চক্ৰৰ ৩ জন ক্ৰমে নগাঁৱৰ ৰৌমাৰীৰ আলী আকবৰ (৩২) , কচুৱাৰ আইনা বিবি ওৰফে দিদি (৪১) আৰু হোজাইৰ দিলোৱাৰ হুছেইনক(২৪) গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । নগাঁও আৰক্ষী সুত্ৰই জনোৱা মতে এই নাৰী সৰবৰাহকাৰী চক্ৰৰ মূল নায়িকা হল আইনা বিবি । এই গৰাকী মহিলাই অসমৰ বিভিন্ন জিলাৰ পৰা চাকৰি আৰু কাম দিয়াৰ প্ৰলোভনৰে কেৰেলাকে ধৰি বিভিন্ন ৰাজ্যলৈ যুৱতী মহিলা সৰবৰাহ কৰি আহিছে। আলী আকবৰ আৰু দিলোৱাৰ হুছেইনৰ সহযোগত আইনা বিবিয়ে বহি: ৰাজ্যত কেইদিনমান কাম দিয়াৰ পিছত যুৱতী আৰু মহিলাক নাৰী দেহৰ ব্যবসায়ত জৰিত কৰাই। ইয়াৰ বিনিময়ত এই চক্ৰটোৱে বুজন পৰিমানৰ ধন সংগ্ৰহ কৰি আহিছে । আৰক্ষীয়ে এই চক্ৰটোৰ কবলৰ পৰা উদ্ধাৰ কৰা যুৱতী কেইগৰাকী হল শোনিতপুৰ জিলাৰ ভোমোৰাগুৰিৰ ৰাচিনা বেগম (২৭) , হোজাই জিলাৰ লংকাৰ আখতাৰা বেগম (২০) , মৰিগাঁও জিলাৰ ধোপগুৰীৰ জৰিনা বেগম (২১) , নগাঁও জিলাৰ চোত ৰূপহীৰ চাবিনা খাতুন (২০) আৰু জুৰীয়াৰ ধিং গাৱৰ হুছনাৰা বেগম (২২)।
আৰক্ষীয়ে নাৰী সৰবৰাহকাৰী চক্ৰটোৰ গ্ৰেপ্তাৰ কৰা তিনি জন লোকক অধিক তথ্য আহৰনৰ বাবে জেৰা অব্যাহত ৰাখিছে । এই সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সংবাদ মাধ্যমৰ আগত কয় আমি এক খবৰ লাভ কৰি অনুসন্ধান আৰম্ভ কৰো । এই অনুসন্ধানৰ ভিত্তিতেই উপ আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে কেৰেলা আৰক্ষীৰ সহযোগত এই চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম হয় । আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে আলী আকবৰ, দিলোৱাৰ হুছেইন আৰু আইনা বিবিয়ে মিলি অসমৰ বিভিন্ন জিলাৰ পৰা যুৱতী মহিলা বহি ৰাজ্যলৈ সৰবৰাহ কৰি আহিছে । এই চক্ৰটোৰ হাতত অসমৰ বিভিন্ন জিলাৰ যুৱতী মহিলাৰ ফটো আছে । এই ফটো গ্ৰাহকক দেখুৱাই নাৰী দেহৰ ব্যবসায় চলাই আহিছে । এই চক্ৰটোৰ লগত স্বামী স্ত্ৰী জৰিত আছে । এই চক্ৰটোৰ লগত কোন কোন জৰিত আছে আমি সেই সম্পৰ্কত অনুসন্ধান কৰি আছো । অচিৰেই ইয়াৰ লগত জৰিত সকল আৰক্ষীৰ জালত পৰিব ।