নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমন্বয়ৰ সেতু গঢ়া ড০ ভূপেন হাজৰিকা

-ড০ সুলেখা ভট্টাচার্য্য

অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াত ১৯২৬ চনৰ ৮ ডিচেম্বৰত ভূপেন হাজৰিকাই নীলকান্ত হাজৰিকাৰ ঔৰসত আৰু শান্তিপ্রিয়া হাজৰিকাৰ গর্ভত জন্মগ্রহণ কৰিছিল৷ দেউতাক কর্মসূত্রে ঘৰৰ পৰা আঁতৰি থকা বাবে মাতৃয়েই ভূপেন হাজৰিকাৰ সংগীতৰ পৃষ্ঠভূমি নির্মাণ কৰি দিছিল৷
১৯৩৫ চনত ভূপেন হাজৰিকাৰ দেউতাকে শিক্ষক, স্কুলৰ ছাব–ইন্সপেক্টৰ ৰূপে কর্ম সম্পাদন কৰি নতুনকৈ মাটিৰ হাকিম পদত যোগদান কৰিবলৈ ধুবুৰীৰ পৰা তেজপুৰলৈ বদলি হৈছিল৷ সেই সময়তে জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণুপ্রসাদ ৰাভা, ফণী শর্মা, লক্ষ্মীনাথ বেজবৰুৱা আদিৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হোৱা ভূপেন হাজৰিকাৰ মনত শিশুকালতে জাতিপ্রেম, দেশপ্রেম, মানৱপ্রেমৰ ভাবনা জাগ্রত হৈছিল বুলি তেখেতে বিভিন্ন লেখাত লিখিছে৷ এগৰাকী শিল্পী হিচাপে ভূপেন হাজৰিকাই জ্যোতিপ্রসাদে কোৱা এষাৰি উক্তি তেখেতৰ ৰচনাৱলীত সন্নিৱিষ্ট কৰিছে৷ কথাষাৰি হৈছে– ‘শিল্পীৰ দূৰবীক্ষণেৰে গৱর্নমেণ্টৰ দূৰৈৰ অভ্যন্তৰৰ অস্পষ্ট ৰূপটো… সি সংস্কৃতি নে দুষৃকতি তাক তন্ন তন্নকৈ চাব লাগিব আৰু চৰকাৰী শাসন নীতিৰ তেজৰ টোপাল আনি তাক শিল্পীৰ সূক্ষ্ম বিশ্লেষণৰ অণুবীক্ষণৰ তলত থৈ দুষৃকতিৰ বীজাণু আছে নে নাই তাক চোৱাটো, দেশৰ সংস্কৃতি প্রতিষ্ঠা কৰিবলৈ ওলোৱা শিল্পীৰ অপৰিহার্য কর্তব্য৷’ এনে কর্তব্যকেই জীৱন কালত ভূপেন হাজৰিকাই সুকলমে সমাপন কৰা দেখিবলৈ পাইছিলোঁ৷
তেজপুৰত হাইস্কুলীয়া শিক্ষা উত্তীর্ণ হৈ ১৯৪০ চনত ভূপেন হাজৰিকাই উচ্চ শিক্ষা আহৰণৰ অর্থে গুৱাহাটীলৈ আহি ঐতিহাসিক কটন কলেজত নামভর্তি কৰিছিল৷ ১৯৪২ চনত ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীর্ণ হয়৷ ১৯৪৩ চনত কটন কলেজত নামভর্তি কৰি ১৯৪৫ চনত স্নাতক ডিগ্রী লাভ কৰাৰ পিছত ভূপেন হাজৰিকাই একে বর্ষতেই বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ত নামভর্তি কৰিছিল৷ এই বিশ্ববিদ্যালয়ৰ পৰাই ১৯৪৬ চনত ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্রী সুখ্যাতিৰে উত্তীর্ণ হৈছিল৷ পিছলৈ আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা তেখেতে সন্মানীয় ডক্টৰেট ডিগ্রী লাভ কৰিবলৈ সক্ষম হৈছিল৷
ইতিহাসলৈ ভুমুকি মাৰিলে দেখা যায় ১৯৪৯ চনত মুখ্যমন্ত্রী গোপীনাথ বৰদলৈ, ১৯৫২ চনত অসমৰ দ্বিতীয়জন মুখ্যমন্ত্রী বিষ্ণুৰাম মেধিয়ে বৰপথাৰ হাইস্কুল পৰিদর্শন কৰিছিল৷ সেই স্কুলখনতেই মোক এসময়ত নামভর্তি কৰাই দিছিল৷ এবাৰ ফখৰুদ্দিন আলি আহমেদ ডাঙৰীয়া আমাৰ স্কুললৈ আহঁোতে মই দশাৱতাৰ নৃত্য কৰাৰ অন্তত মোক কোলাত তুলি লৈ আশীর্বাদ কৰিছিল৷ এনেদৰে বিভিন্ন মনীষাই সময়ে সময়ে আহি বৰপথাৰ হাইস্কুলক ধন্য কৰাৰ লেখীয়াকৈ বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকায়ো সাংস্কৃতিক অনুষ্ঠানত অংশ লৈছিল৷ গোলাঘাট জিলাৰ বৰপথাৰ হাইস্কুলত পঞ্চম শ্রেণীৰ ছাত্রী হিচাপে শিক্ষাগ্রহণ কৰি থকা সময়ত আমাৰ স্কুললৈ অহা বিখ্যাত ব্যক্তি ৰূপে ভূপেন হাজৰিকাক প্রথম লগ পাইছিলোঁ৷ অৱশ্যে সেই স্কুলখন বর্তমান বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হৈছে৷ বহু বিখ্যাত ব্যক্তিৰ সান্নিধ্য জীৱন কালত লাভ কৰিছিলো যদিও ভূপেন হাজৰিকা আমাৰ পৰিয়ালৰ বাবে বা মোৰ বাবে অতি আপোনজন ৰূপে বিবেচিত হোৱাৰ মূল কাৰণ আছিল আমাৰ দেউতা৷ মোৰ দেউতা ডাঃ হৰিপদ চক্রৱর্তী অবিভক্ত শিৱসাগৰ জিলাৰ এজন বিশিষ্ট চিকিৎসক আছিল বাবে পাহাৰে–ভৈয়ামে গৈ বিভিন্ন সময়ত বিনামূলীয়াকৈয়ে চিকিৎসা সেৱা আগবঢ়াইছিল৷ সেইবাবেই চাগৈ ভূপেন হাজৰিকায়ো দেউতাক বহুত ভাল পাইছিল৷ মা কুঞ্জলতা চক্রৱর্তীৰ সংস্কৃত ভাষাত যথেষ্ট দখল আছিল আৰু দুখীয়া ছাত্র–ছাত্রীসকলক বিনামূলীয়াকৈ পাঠদান কৰিছিল৷ বিশিষ্ট চিকিৎসক ডাঃ নৰেন বর্মনে পিছৰ সময়ত এদিন আমাক কৈছিল ভূপেন হাজৰিকাই হেনো আমাৰ মায়ে নিজ হাতেৰে তৈয়াৰ কৰা মুড়ি খায় খুব ভাল পাইছিল৷ আমাৰ ঘৰখন যদিও চিকিৎসা বিজ্ঞানৰ সৈতে জডিত ব্যক্তিৰে ভৰপূৰ আছিল তৎসত্ত্বেও আমাৰ ঘৰত এটা সাংস্কৃতিক পৰিৱেশ আছিল৷ দেউতাই চিকিৎসক ৰূপে নিজৰ দায়িত্ব সুকলমে পালন কৰি সুনাম অর্জন কৰাৰ উপৰি সুদক্ষ খোলবাদক ৰূপেও সুপৰিচিত আছিল৷ তদনুৰূপ ধৰণে দাদাও তবলা বিদ্যাত অতি নিপুণ আছিল৷ সেই সূত্রে ভূপেন হাজৰিকাৰ সৈতে আমাৰ পৰিয়ালৰ এক সু–সম্পর্ক গঢ়ি উঠিছিল৷ মোৰ দাদা ডাঃ দীপক কুমাৰ চক্রৱর্তীয়ে ভূপেন হাজৰিকাৰ গানত তবলাও সংগত কৰিছিল৷ সেইদিনা স্কুলত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰাৰ লগতে ‘ঝণক ঝণক তেৰি পায়েল বাজে’ শীর্ষক এটি গীতত মই নৃত্যও কৰিছিলোঁ৷ তেতিয়া ভূপেন হাজৰিকাই মোক কোলাত তুলি লৈ আশীর্বাদ দিছিল৷ নিশা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত ভূপেন হাজৰিকাই গোৱা এটি গান মোৰ আজিও মনত আছে৷ গানটো আছিল– ‘বোলোঁ অ’ মিচিং ডেকাটি বজালি যে পেম্পাটি/সুৰেৰে সজালি দেখোঁ দিচাংমুখৰ নিশাটি৷/মিবু গালুক চোলাটি/পেৰেৰুম্বং চাদৰখন কিয়নো পিন্ধিলি?/মূৰত দেখোন দুমেৰ দি গামোচা আঁটিলি/আৰু তোৰে পুৰুষ দেহাতে ফুটি ফুটি উঠিছে/সেউজ ৰঙৰ জীয়া জীয়া ঐনিতমটি…৷/বোলোঁ অ’ মিচিং গাভৰু/এগে মেখেলাতে তই এন্ধাৰ সানিলি/অ’ ৰিহাখনিত তামুলি টাকাৰ ৰঙা তৰা বাছিলি৷/ডেকাটিৰ সোণৰ বাঁহীৰ স’তে গুংগাং বজালি/সৰিয়হৰ ফুল যেন ৰিবিগাচেংখনি তই বুকুতে বান্ধিলি/আৰু কঁপি উঠিল দিচাঙৰে মিঠা মিঠা মিঠা ঢ়ৌটি৷/অ’ বোলোঁ ঘুণাসুঁতিৰ পাৰতে/বহু দিনৰ আগতে/অ’ মিৰিৰে জীয়ৰী মোৰ পানেইজনী মৰিলে/পিচে, জঙ্কিৰে চিঞৰটি অসমীৰে ভাষাতে/শ্রীৰজনীকান্তই যুগমীয়া কৰিলে মনত পৰেনে সেই কথাটি?/অ’ দিচাংমুখৰ ডেকাটি৷/আজিৰ পানেই নমৰে/আৰু জঙ্কিয়েও নেকান্দে/এই জঙ্কি–পানেইৰ মিচিং সমাজ/নিজেই দিচাং আবুং হৈ/অসমীৰে বৰ লুইতৰ সোঁতটি বঢ়াব/মৰমৰে এই যুগটি৷৷’
সেই সময়ত ভূপেন হাজৰিকাই আমাৰ ঘৰত প্রায় সাত দিন আছিল৷ মাজু দাদা ডাঃ দীপক চক্রৱর্তীক লগত লৈ বিভিন্ন ঠাই ঘূৰি ফুৰি বৰপথাৰ অঞ্চলৰ পৰিৱেশ, অৱস্থা, ব্যৱস্থাৰ বুজ লৈছিল৷ গধূলি সময়ত আমাৰ ঘৰত জলচা পাতিছিল৷ সকলোধৰণৰ মানুহ আহি আমাৰ ঘৰ ভৰি তেখেতৰ মুখেৰে এটি দুটি গানৰ কলিৰ মূর্ছনা উপভোগ কৰিছিল৷ আজি সেই বৰপথাৰ পৃথিৱীবিখ্যাত৷ বৰপথাৰৰ দীঘলীয়া ইতিহাসক প্রতিনিধিত্ব কৰি বৰপথাৰৰে জীয়ৰী লাভলীনায়ো বিশ্বৰ প্রেক্ষাপটতে সুনাম অর্জন কৰি সেই অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে৷
গুৱাহাটীস্থিত জ্যোতি চিত্রবনলৈ আহ–যাহ কৰিবলগীয়া হোৱা সময়তো সঘনে ভূপেন হাজৰিকাৰ সান্নিধ্য পাবলৈ সক্ষম হৈছিলোঁ৷ বগা চেলোৱাৰ পাঞ্জাবী পৰিহিত ভূপেনদাই নিজৰ জীয়াৰীৰ দৰে মৰম–আদৰ কৰিছিল৷ তেখেতৰ নিজৰ গলৰ গামোচাখন কেইবাবাৰো মোৰ গলত আঁৰি দি পৰিৱেশটো আনন্দময় কৰি তুলিছিল৷
তেখেতক কলিকতাত থকা সময়তো বহুবাৰ লগ পাইছিলো৷ ‘বাঙালীৰ বধু মধু’ বুলি কৈ নিখুঁত বাংলাভাষাৰে বহু সময়ত মোৰ সৈতে কথা পাতিছিল৷ আজি ছেমুৱেল স্মাইলে কৈ যোৱা এষাৰ কথা মনলৈ আহিছে– ‘আমি কৃতকার্যতাতকৈ ব্যর্থতাৰ পৰাহে অধিক জ্ঞান বা অভিজ্ঞতা আহৰণ কৰোঁ৷ যি কেতিয়াও ভুল কৰা নাই তেওঁ কেতিয়াও কোনো বস্তু আৱিষ্কাৰ কৰিব নোৱাৰে৷’ ঐশ্বৰিক গুণসম্পন্ন ৰাম, সীতা, কৃষ্ণৰ পৰা আৰম্ভ কৰি সর্বগুণাকৰ ৰূপে খ্যাত শংকৰদেৱৰ জীৱন পৰিক্রমা অধ্যয়ন কৰিলেও জীৱন সংগ্রামত সাহসেৰে অৱতীর্ণ হ’বলৈ অনুপ্রেৰণা পাওঁ৷ ঠিক তেনেদৰে ড০ ভূপেন হাজৰিকাৰ জীৱন ঘডীৰ প্রতিটো পল সূক্ষ্ণ দৃষ্টিৰে পর্যবেক্ষণ কৰিলেও একেই উৎসাহ লাভ কৰোঁ৷ কথা প্রসংগত ভূপেন হাজৰিকাই অসমৰ অশান্ত পৰিস্থিতি অধ্যয়ন কৰি কৈছিল– ‘বর্তমানৰ ব্রহ্মপুত্র বহ্ণিমান… মেঘৰ আলয়তো এই বহ্ণি শীঘ্রে নুমুৱাৰ সম্ভাৱনা আমি দেখা নাই৷ ভাৰতীয়ৰ মাজত বল প্রয়োগ, হত্যা, মাৰধৰ, জোৰ–জুলুম নেতিবাচক অগণতান্ত্রিক পন্থাই কোনো সুস্থ আন্দোলনক আগুৱাই নিনিয়ে৷’ দিল্লীৰ টালকোটৰা গার্ডেনত ভূপেন হাজৰিকাক এবাৰ লগ পাই একেলগে ওচৰা–উচৰিকৈ বহি অসমৰ সত্রীয়া নৃত্য উপভোগ কৰিছিলোঁ৷ সেইবোৰ স্মৃতিয়ে আজিও মোক স্মৃতিকাতৰ কৰি তোলে৷ পিছৰ সময়তো ভূপেন হাজৰিকাই মোক তেখেতৰ বিভিন্ন গ্রন্থ উপহাৰ দি ‘মোৰ কথা তই কাকতে–পত্রই লিখিবি কিন্তু’ বুলি কৈছিল যদিও অতি দুখেৰে প্রকাশ কৰিবলগীয়া হ’ল যে চৰকাৰী কামৰ দায়িত্ব আৰু বিভিন্ন অসুবিধাত পৰি তেখেতৰ কথা ৰাখিব নোৱাৰিলো৷ বঙালী, হিন্দু, মুছলমান বুলি তেখেতৰ মনত কোনো বিভেদমূলক চিন্তা থকাৰ উমান নেপালো৷ গীতে–মাতে, কথাই–বতৰাই, লিখা–মেলাৰ মাজেৰে তেখেতে সমন্বয়ৰ বাহক ৰূপে যথেষ্ট কাম কৰি থৈ গ’ল৷ এনে প্রসংগত এদিন তেখেতে মোক কৈছিল– ‘সচেতনতা আৰু জাগৰণৰ মাজত পার্থক্য আছে৷ সচেতনতা হৈছে ইন্ধন আৰু জাগৰণ হৈছে একপ্রকাৰৰ অগ্ণি৷ যি অগ্ণিয়ে দুষ্কৃতিক পুৰি ন–সৃষ্টিৰ গজালি গজাত সহায় কৰে৷’ তেখেতৰ উচ্চ চিন্তাৰ উমান পাই শ্রদ্ধানত হৈ পৰিছিলোঁ৷ আজিও সেই শ্রদ্ধা তিলমানো হ্রাস পোৱা নাই৷
এবাৰ কলিকতাৰ অসম ভৱনত তেখেতক লগ পাইছিলোঁ৷ সেই সময়ত তেখেতে মোক কৈছিল– ‘বঙালী মানুহবোৰ খুব ভাল৷ মোক বহুত ভাল পায় সিহঁতে৷ অসমীয়া খাদ্য গ্রহণ কৰোঁ যদিও বঙালীয়ে ৰন্ধা খাদ্য–খানা খাই মই খুব ভাল পাওঁ৷’ সেই সময়ত ভূপেন হাজৰিকাই গোৱা এটি গান আছিল– ‘কে বলে আমারে শুধু একেলা/আমি আর মোর ছায়া/কাছাকাছি সাঁরা বেলা/পৃথিৱী কেন বারে বারে/বলে আমি একেলা/আমি আর মোর ছায়া/কাছাকাছি সাঁরা বেলাঁ৷৷/সংগীহীনতা/আমার সংগীব’লে/কেন কর এত অবহেলা/আমি আঁর মোর ছায়া/কাছাকাছি সাঁরা বেঁলা৷৷/সুদূরের বন্ধু সবাই মিছে/মোর ছায়া থাকে কাছে কাছে৷/আশার বালুচরে/যখন বাঁধি ঘর/আমার ছায়া হয় সহচর/আলোর দিশারী আমারই ছায়া/যখন নেমে আসে আঁধার বেলা/আমি আর মোর ছায়া/কাছা কাছি সারাঁ বেলা৷৷’ এনে গীতবোৰেৰে ভূপেন হাজৰিকাই কলিকতাত বিশেষ শুনাম অর্জন কৰিছিল৷
ভূপেন হাজৰিকাৰ জীৱনবোধ সম্পর্কে এদিন জানিব বিচৰাত মোক কৈছিল– ‘কাল ৰাত্রিৰ বুকুতে যেনেকৈ জোনাক লুকাই থাকে, তেনেকৈ পদে পদে পৰাজয়ৰ পিছতো জয় নিশ্চিত৷ জীৱনৰ তাতেই সার্থকতা৷’ আজিও তেখেতে কোৱা এষাৰ কথা প্রতিটো পলত সুঁৱৰি থাকোঁ৷ সেয়া হৈছে– ‘আনৰ বাবে যিমানেই সময় ব্যয় নকৰা কিয় প্রতিটো দিনতেই নিজৰ বাবেও কিছু সময় কাম কৰিবা৷’ সেই সময়ত এই কথাষাৰিৰ গূঢ়ার্থ অনুধাৱন কৰিবলৈ অসমর্থ হৈছিলোঁ যদিও পিছলৈ কথাষাৰিত অন্তর্নিহত তাত্ত্বিক দিশটোক মর্মে মর্মে বহুদিন বহুবাৰ উপলব্ধি কৰিব পাৰিছেছা৷
ভূপেন হাজৰিকাৰ আত্মজীৱনী ‘মই এটি যাযাবৰ’ৰ প্রথম পৃষ্ঠাতেই তেখেতে লিখা কথাখিনিয়ে প্রতিপলতে মোৰ হূদয়ত অলেখ ভাবনাৰ কল্লোলৰ সৃষ্টি কৰে৷ তেখেতে লিখিছে– ‘মোৰ নিজৰ জীৱনটোলৈ নিজে উভতি চালে, শেষ নোহোৱা সপোন সপোন যেন লাগে৷ কিন্তু ঈশ্বৰক যেন মই ক’ব পাৰোঁ– মই কি নকৰিলোঁ, কি কৰিবলৈ আৰু বাকী থাকিল– তাৰ বাবে যেন আক্ষেপ নাথাকে৷ কি কৰিলোঁ– তাৰ বাবেও ভাবিবলৈ নাই, আক্ষেপো নাই৷– কালিৰ ভুলে, সংকটবিলাকে– ‘অর্থাৎ সংঘাতে আনে মোৰ প্রশান্ত সাগৰত প্রগতিৰ নতুন দিগন্ত৷’ মর্মে মর্মে উপলব্ধি কৰোঁ যে ভূপেন হাজৰিকা কোমল মনৰ মৰম আকলুৱা বিশাল প্রতিভাৰ অধিকাৰী ব্যক্তি৷ ভূপেন হাজৰিকাৰ কর্মলানিৰ মমার্থ পিছলৈ অনুভৱ কৰি আক্ষেপ জন্মিছিল৷ সমন্বয়ৰ সেতু গঢ়িবলৈ অহোপুৰুষার্থ কৰা বিশাল হূদয়ৰ ভূপেন হাজৰিকাক হয়তো উপযুক্ত সময়ত উপযুক্ত সন্মান যাচিবলৈ অসমীয়াই কৃপণালি কৰিছিল৷ প্রতিটো সূর্যোদয় জীৱনৰ আৰম্ভণি, সূর্যাস্ত হৈছে জীৱনৰ শেষ৷ এই কম সময়ৰ ভিতৰতে ড০ ভূপেন হাজৰিকায়ো নিজৰ বাবে জ্ঞান আৰু শক্তি আহৰণ কৰাৰ উপৰি পৰোপকাৰী কামৰ খতিয়ান ৰাখি থৈ গৈছে৷ বিশ্বমুখী সংস্কাৰী মনৰ গৰাকী ভূপেন হাজৰিকাই অসমৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতবর্ষৰ সৈতে বিভিন্ন দেশৰ সমন্বয়ৰ সেতু গঢ়িবলৈ প্রয়াস কৰিছিল৷ যিবোৰ মহৎ আদর্শপূর্ণ কথা আমাৰ বহুতে উপলব্ধি কৰিব নোৱাৰি ভূপেন হাজৰিকাক বিভিন্ন সময়ত সমালোচনাৰে থকা–সৰকা কৰা দেখিছিলোঁ৷ সেইবোৰ দুখ আজিও হূদয়ৰ পৰা মচ খোৱা নাই৷ ভূপেন হাজৰিকাৰ দ্বাৰা সম্পাদিত বিশাল কর্মৰাজিৰ বহু অংশ সংৰক্ষণ, যত্ন কিম্বা অসাৱধানতাৰ বাবে পূর্ণৰূপত আজিও জনসমাজত প্রচাৰিত হোৱা নাই৷ তৎসত্ত্বেও ব্যতিক্রমী চিন্তাশক্তিৰ অধিকাৰী ভূপেন হাজৰিকাক লৈ অসমবাসীয়ে সদায়ে গৌৰৱ কৰি থাকিব পাৰিব বুলি নিশ্চিতভাৱে ক’ব পাৰো৷ ২০১১ চনৰ ৫ নৱেম্বৰ তাৰিখে এইজনা সমন্বয়ৰ সাধকে আমাৰ পৰা চিৰবিদায় লৈছিল৷ আজি ২০২১ চনৰ ৫ নৱেম্বৰ তাৰিখে ভূপেন হাজৰিকাদেৱৰ দশম বার্ষিক মৃত্যু দিৱসত তেখেতলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছেছা৷

You might also like