অন্তর্নিহিত পূর্ণতাৰ প্রকাশেই শিক্ষা
নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰ: যোৱা ২ নৱেম্বৰত নর্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত)ৰ দর্শন বিভাগৰ দ্বাৰা অনুষ্ঠিত হয় ‘ভাৰতীয় শিক্ষাতত্ত্বত এভুমুকি’ শীর্ষক বিশেষ বত্তৃণতানুষ্ঠান৷ মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত অনুষ্ঠিত বত্তৃণতানুষ্ঠানত সভাপতিত্ব কৰি আদৰণী ভাষণ আগবঢ়ায় অধ্যক্ষ ড০ বিমান চন্দ্র চেতিয়াই৷ ভাষণ প্রসংগত তেওঁ মূল্যবোধৰ শিক্ষাৰ প্রয়োজনীয়তা সম্পর্কে অৱগত কৰে৷ অনুষ্ঠানত মূল বত্তৃণতা আগবঢ়ায় শ্রীৰামকৃষ্ণ–বিবেকানন্দ আৰু শ্রীৰবিন্দ দর্শনৰ অনুৰাগী–অনুবাদক তথা সাহিত্য অকাডেমি ২০২০ বর্ষৰ অনুবাদক বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাই৷
বক্তব্যত শর্মাই ভাৰতীয় শিক্ষাতত্ত্বৰ বিভিন্ন দিশ বিশ্লেষণ কৰাৰ উপৰি ভাৰতীয় আধ্যাত্মিকতা, মূল্যবোধৰ শিক্ষা প্রসংগত বেদ–উপনিষদৰ উদ্ধৃতিৰে সাৱলীল ভাষণ আগবঢ়ায়৷ ভাষণ প্রসংগত তেওঁ ছাত্র–ছাত্রীসকলক জীৱন্ত আত্মাৰূপে গঢ় দিয়াৰ প্রয়োজনীয়তা সম্পর্কে উল্লেখ কৰে৷ স্বামী বিবেকানন্দৰ ‘মানুহৰ মাজত অন্তর্নিহিত পূর্ণতাৰ প্রকাশেই হ’ল শিক্ষা’ আৰু ‘শিক্ষাৰ মূল বিষয় হ’ল মনোযোগ’ শীর্ষক বাণীৰ উদ্ধৃতিৰে বিবেকানন্দ আৰু শ্রীৰবিন্দৰ জীৱন দর্শনৰ বিষয়ে মনোগ্রাহী বক্তব্য আগবঢ়ায়৷ ছাত্র–ছাত্রীৰে মত বিনিময় অনুষ্ঠানত অংশগ্রহণ কৰি নৈতিকতা আৰু মূল্যবোধ সম্পর্কীয় কেইবাটাও প্রশ্ণৰ উত্তৰ দিয়াৰ উপৰি নচিকেতাৰ আদর্শৰে অনুপ্রাণিত হ’বলৈ তেওঁলোকক আহ্বান জনায়৷
মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰঞ্জন কুমাৰ বৰা, প্রাক্তন উপাধ্যক্ষ ড০ জিতেন দত্ত, শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক বাণীকান্ত কোঁৱৰ, বিবেকানন্দ কেন্দ্রৰ লখিমপুৰ–ধেমাজি বিভাগৰ বিভাগপ্রমুখ বীৰেন্দ্র কলিতা, অধ্যাপক ড০ ইচমিৰেখা সন্দিকৈ, ৰাতুল লাহন, গ্রন্থাগাৰিক নিজৰা গগৈ আৰু দুই শতাধিক ছাত্র–ছাত্রীৰ উপস্থিতিত অনুষ্ঠিত বত্তৃণতানুষ্ঠানৰ আঁত ধৰে দর্শন বিভাগৰ অধ্যাপক, আহ্বায়ক ড০ বর্ণালী বৰাই আৰু শলাগৰ শৰাই আগবঢ়ায় মুৰব্বী বিনয় কুমাৰ পাটগিৰিয়ে৷