নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাং জিলা বন বিভাগৰ জালত বন্দী ৩ বন্য জীৱ-জন্তুৰ চোৰাং ব্যৱসায়ী

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ: চিৰাং জিলা বন বিভাগে আজি অভিযান চলাই ৩ জন বন্য প্ৰাণীৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত লোকক আটক কৰাৰ লগতে এটা দুষ্প্ৰাপ্য বন ৰৌ উদ্ধাৰ কৰে। আটক কৰা লোক তিনিজনক ক্ৰমে শংকু দত্ত, সন্দিপন সাহা আৰু আৰাধন সৰকাৰ বুলি চিনাক্ত কৰিছে।

চিৰাং জিলা বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে আটক কৰা তিনিজনৰ ভিতৰত দুজন চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ আৰু এজন বঙাইগাঁও জিলাৰ অন্তৰ্গত ঢালিগাঁৱৰ নিকটৱৰ্ত্তী চূঙাপোতাৰ বাসিন্দা। সম্প্ৰতি বন্য প্ৰাণীৰ চোৰাং ব্যৱসায়ী তিনিজনক বন বিভাগে নিজৰ জিম্মাত সোধাপোছা অব্যাহত ৰাখিছে।।

input: বিপুল কুমাৰ দাস, কাজলগাঁও 

You might also like