বগীনদীৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে গোৰ্খা জনগোষ্ঠীৰ পৱিত্ৰ উৎসৱ ভাতৃ দ্বিতীয়া পালন
নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ : গোৰ্খা জনগোষ্ঠীয় লোকসকলৰ অতিকে আপোন তথা পৱিত্ৰ বুলি গণ্য কৰা ভাতৃ দ্বিতীয়া আজি বগীনদীৰ প্ৰান্তে প্ৰান্তে গোৰ্খা জনগোষ্ঠীয় লোক অধ্যুষিত গাঁওসমুহত পালন কৰা পৰিলক্ষিত হয়। কাতিমাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশীৰ দিনা কাউৰী পূজাৰে আৰম্ভ হোৱা গোৰ্খা জনগোষ্ঠীৰ পাঁচদিনীয়া তিহাৰ উৎসৱৰ আজি অন্তিম তিহাৰ । শুক্লপক্ষৰ দ্বিতীয়া তিথিৰ দিনা পালন কৰা ভাতৃ দ্বিতীয়া বা ভাই দোজ উৎসৱক ভাতৃ ভগ্নীৰ মাজত থকা মৰমৰ এনাজৰীডাল সুদৃঢ় কৰি ৰাখে এই উৎসৱে। ভগ্নীৰ হাতৰ পৰা ৰক্ষা কৱচ স্বৰূপ এটা ফোট লবলৈ দুৰ দুৰণিত থকা ভগ্নীৰ গৃহলৈ যোৱা ভাতৃৰ আৱেগ অথবা ভাতৃৰ কপালত এটা সামান্য ফোট দিবলৈ ভগ্নীয়ে ঢাপলি মেলি যোৱাত, ভাতৃ ভগ্নীৰ মাজত মৰম চেনেহৰ যি আৱেগ অনুভূতি জড়িত হৈ আছে, সেই আৱেগ অনুভূতিৰ বাবে এই উৎসৱে বিশেষ তাৎপৰ্য বহন কৰিছে জনগোষ্ঠীটোৰ লোক সংস্কৃতিত। এই মহানতাৰ বাবেই ভাতৃ দ্বিতীয়াৰ দিনা প্ৰতিজন গোৰ্খা লোকসকলৰ গৃহত এই উৎসৱৰ আয়োজন কৰা হয় উলহ মালহেৰে। সেইবাবেই আজিৰ দিনটোত লখিমপুৰ জিলাৰ বগীনদী অঞ্চলৰ চিয়াজুলী, বগীনদী, ওখমাটি, চাউলধোৱা আদি গোৰ্খা লোক অধ্যুষিত অঞ্চলত পুৱাৰে পৰা ভাতৃ দ্বিতীয়াক লৈ উলহ মালহ পৰিৱেশৰ সৃষ্টি হয়। প্ৰায় প্ৰতি ঘৰতে ভগ্নী সকলে ভাতৃক মৰমেৰে আসনত বহুৱাই পূজা কৰি কপালত ফোট দি, নাৰ্জি ফুলেৰে গঁথা মালা পিন্ধাই, সুমিষ্ট খাদ্য খুৱাই ভাতৃৰ দীৰ্ঘায়ুৰ কামনা কৰি আশীৰ্বাদ দিয়ে। তেনেদৰে ভাতৃসকলেও ভগ্নীৰ মৰম চেনেহৰ বিনিময়ত ভগ্নীৰ কপালতো ফোট দি, সেৱা জনাই, মৰমৰ উপহাৰ প্ৰদান কৰি এই উৎসৱ পালন কৰে।
প্ৰেৰক: ভূবন গৌতম