নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্যহস্তীৰ আতংক নহয়! নগাঁৱৰ ডিমৰুগুৰিত সন্ত্ৰাস চলাইছে বান্দৰে

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ: ৰাজ্যৰ বিভিন্ন স্থানত বন্যহস্তীৰ উপদ্ৰৱৰ ঘটনা আপোনালোকে দেখিছে বা শুনিছে ৷ পিছে এইবাৰ বান্দৰৰ ত্ৰাসত ত্ৰস্তমান একাংশ লোক ৷ নগাঁৱৰ ডিমৰুগুৰিত বান্দৰৰ সন্ত্ৰাসত সন্ত্ৰাসিত একাংশ লোকে এতিয়া দিন দুপৰতে ঘৰৰ দুৱাৰ খিৰকি বন্ধ কৰি নিজকে আবদ্ধ কৰি ৰাখিবলৈ বাধ্য হৈছে ৷

ইতিমধ্যে বান্দৰে কামুৰি আহত কৰিছে ডিমৰুগুৰিৰ একাশ মহিলা আৰু শিশুক ৷ বান্দৰৰ উপদ্ৰৱ ইমানেই বাঢ়িছে যে,খাদ্য বস্তুও ভিতৰত ৰাখিব নোৱাৰে এইসকল লোকে ৷ বনাইথোৱা ভাত পৰ্যন্ত ভিতৰৰ পৰা লৈ যায় বান্দৰে ৷ অঞ্চলটোৰ লোকসকল অতিষ্ঠ হৈ পৰিছে বান্দৰৰ উপদ্ৰৱত ৷ বান্দৰৰ উপদ্ৰৱৰ পৰা এইসকল লোকক শীঘ্ৰে পৰিত্ৰাণ দিবলৈ বন বিভাগলৈ অনুৰুধ লোকসকলৰ ৷ এতিয়া বনবিভাগে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷

input: কনক হাজৰিকা, নগাঁও

You might also like