নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বার্তা’ৰ জ্যেষ্ঠ কর্মচাৰী বর্ণালী দেৱীৰ বিয়োগ

নিয়মীয়া বার্তা, ৭ নৱেম্বৰ: ‘নিয়মীয়া বার্তা’ কাকতৰ জ্যেষ্ঠ ডিটিপি অপাৰেটৰ বর্ণালী দেৱীয়ে কালি নিশা ৯.৪৮ বজাত গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে৷ দীর্ঘদিন ধৰি জটিল ৰোগত আক্রান্ত হৈ থকা বর্ণালী দেৱীৰ যোৱা বুধবাৰে স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ হেল্থ চিটী হাস্পতালত ভর্তি কৰিছিল৷

উল্লেখ্য যে ১৯৭৬ চনৰ ৮ নৱেম্বৰত জন্মগ্রহণ কৰা বর্ণালী দেৱীৰ মৃত্যুৰ সময়ত বয়স আছিল ৪৫ বছৰ৷ গুৱাহাটীৰ ঘোঁৰামাৰাৰ চন্দন নগৰ নিৱাসী প্রয়াত ৰমেশ চন্দ্র শর্মা আৰু তৰুলতা দেৱীৰ জ্যেষ্ঠ কন্যা বর্ণালী দেৱীয়ে ‘আজি’ কাকতত এগৰাকী ডিটিপি অপাৰেটৰ হিচাপে কর্মজীৱন আৰম্ভ কৰিছিল৷ তেতিয়াৰে পৰা বিগত প্রায় দুটা দশক ধৰি ‘আজিৰ দৈনিক বাতৰি’, ‘নিয়মীয়া বার্তা’ আদিত তেওঁ ডিটিপি অপাৰেটৰ হিচাপে কার্যনির্বাহ কৰি অসমৰ সংবাদ জগতলৈ অৰিহণা আগবঢ়াইছিল৷

‘নিয়মীয়া বার্তা’ৰ জ্যেষ্ঠ ডিটিপি অপাৰেটৰ বর্ণালী দেৱী এগৰাকী সুদক্ষ লে–আউট ডিজাইনাৰো আছিল৷ ‘নিয়মীয়া বার্তা’ কাকতত জন্মলগ্নৰে পৰা ডিটিপি অপাৰেটৰ হিচাপে কর্মৰত অমায়িক আৰু বিনয়ী স্বভাৱৰ বর্ণালী দেৱীৰ বিয়োগত ৰাজ্যৰ সংবাদ জগতত গভীৰ শোকৰ ছাঁ পৰিছে৷ শনিবাৰে পুৱা হেল্থ চিটী হাস্পতালৰ পৰা বর্ণালী দেৱীৰ নশ্বৰ দেহ ঘোঁৰামাৰাৰ চন্দন নগৰৰ নিজা বাসভৱনলৈ নিয়া হয়৷ তাত পৰিয়ালৰ লোক, আত্মীয়–স্বজন আৰু গুণমুগ্ধই বর্ণালী দেৱীৰ নশ্বৰ দেহত শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰ পাছতে তেওঁৰ নশ্বৰ দেহ ‘নিয়মীয়া বার্তা’ৰ খ্রীষ্টানবস্তিস্থিত কার্যালয়লৈ অনা হয়৷ কার্যালয়ত ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতা, কার্যবাহী সম্পাদক অমল দাস, ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনকে ধৰি ‘নিয়মীয়া বার্তা’ৰ সতীর্থ কর্মচাৰীসকলে বর্ণালী দেৱীৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অর্পণ কৰি অন্তিম শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

‘নিয়মীয়া বার্তা’ৰ কার্যালয়ৰ পৰা নৱগ্রহ শ্মশানলৈ তেওঁৰ নশ্বৰ দেহ নিয়া হয়৷ নৱগ্রহ শ্মশানত পৰিয়ালৰ লোক আৰু সতীর্থ কর্মচাৰীৰ উপস্থিতিত স্বামী কুলেন শর্মাই মুখাগ্নি কৰি বর্ণালী দেৱীৰ শেষকৃত্য সম্পন্ন কৰে৷ ‘নিয়মীয়া বার্তা’ৰ জ্যেষ্ঠ ডিটিপি অপাৰেটৰ বর্ণালী দেৱীৰ মৃত্যুত গুৱাহাটী প্রেছ ক্লাব, দিছপুৰ প্রেছ ক্লাব, সদৌ অসম সংবাদকর্মী সন্থাকে ধৰি বিভিন্ন দল–সংগঠনে গভীৰ শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷ মৃত্যুৰ সময়ত তেওঁ দুই ভগ্নী ক্রমে মেঘালী দেৱী, চন্দ্রালী দেৱী, ভনী–জোঁৱাই মানৱেন্দ্র শর্মা, দয়ানন্দ বেজবৰুৱাৰ লগতে বহু আত্মীয়–স্বজনক ইহসংসাৰত এৰি থৈ গৈছে৷

You might also like