নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খনামুখত নকল সোণ উদ্ধাৰ এজনক আটকঃ বিক্ৰীৰ বাবে আনিছিল নকল সোণৰ যীশুৰ মূৰ্তি

নিয়মীয়া বাৰ্তা ৮ নৱেম্বৰঃ শোণিতপুৰৰ খনামুখত আজি চাৰিদুৱাৰ আৰক্ষীয়ে এটা নকল সোণ ব্যৱসায়ীক আটক কৰাৰ লগতে জব্দ কৰিছে নকল সোণৰ মূৰ্তি । জানিব পৰা মতে, বিহাৰৰ এজন যুৱকক বিহপুৰীয়াৰ দুজন যুৱকে কেইমাহমান পূৰ্বে তেওঁলোকৰ লগত আচল সোণ থকাৰ খবৰ দি ক্ৰয় কৰিব ৰ বাবে উৎসাহিত কৰে । লগতে কেইদিনমান পূৰ্বে যুৱক দুজনে খনামুখত আহি আচল সোণ দেখুৱাই বিহাৰৰ যুৱকজনৰ সৈতে সাত লাখ টকাত প্ৰথমে বন্দৱস্তি কৰে । বিহাৰৰ যুৱকজনে সোণখিনিৰ বিনিময়ত পাঁচ লাখ টকাহে দিবলৈ ৰাজি হয় ।

উক্ত দিনাৰ চুক্তি অনুসৰি আজি খনামুখত বিহপুৰীয়া যুৱক দুজনে প্ৰকৃতাৰ্থত নকল সোণৰহে এটা যীশু খ্ৰীষ্টৰ মূৰ্তি লৈ আহে । তাৰোপৰি নিবলৈ আহে আগধন এক লাখ টকা ।চাৰিদুৱাৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলাই এটা নকল সোণ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ।

আনহাতে পলাই সাৰি আনে এটা নকল সোণ ব্যৱসায়ী । আৰক্ষীয়ে ঘটনাস্থলীৰপৰা নকল সোণৰ যীশু মূৰ্তিও জব্দ কৰে । মূৰ্তিটোৰ ওজন এক পোৱা । আটকাধীন নকল সোণ ব্যৱসায়ীটো লখিমপুৰ বিহপুৰীয়া বঙালমৰাৰ সোণাপুখুৰীৰ বুলি জানিব পৰা গৈছে । পলাতক অভিযুক্তজনৰ সন্ধানত আৰক্ষীয়ে খনামুখ, গুদামঘাট অঞ্চলত বৰ্তমান সময়ত জোৰদাৰ অভিযান অব্যাহত ৰাখিছে ।

You might also like