টেটৰ নামত এটকাও নিদিব, বিনাপইচাতে পাব চাকৰি
নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ ছ’চিয়েল মিডিয়াত ধনযোগে টেট উত্তীর্ণ কৰাই দিয়াৰ বাবে প্রৱঞ্চকে শেহতীয়াকৈ একাংশ প্রাথমিক আৰু উচ্চ প্রাথমিক টেট প্রার্থীক মেছেজ কৰাক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ ৰাজ্যজুৰি প্রৱঞ্চকে তৰা এনে জালত ভৰি দিছে অনেকে৷ বিষয়টোৱে সৃষ্টি কৰা বিতর্কৰ মাজতে সোমবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ স্পষ্ট মন্তব্য– টেটৰ নামত পৰীক্ষার্থীয়ে এক টকাও নিদিব৷ মুখ্যমন্ত্রীয়ে কয়– এটা দুষ্টচক্র অনবৰতে সক্রিয় হৈ আছে৷ এই মেছেজসমূহ অসমৰ বাহিৰৰ পৰা অহা৷ তামিলনাডু, বিহাৰ আদি ৰাজ্যৰ পৰা অহা এনে মেছেজক গুৰুত্ব দিয়াৰ প্রয়োজন নাই৷ ছেবাক ইতিমধ্যে নির্দেশ দিয়া হৈছে যে টেটৰ ফলাফল শীঘ্রেই ঘোষণা কৰক৷
উল্লেখ্য যে সদ্য অনুষ্ঠিত টেটৰ পাছতেই প্রৱঞ্চকে টেটত অৱতীর্ণ প্রার্থীৰ পৰা ধন লুণ্ঠনৰ ফন্দি পাতি এচাম লোকৰ মাজত বিয়পাই দিছে এক বিশেষ হোৱাটছএপ মেছেজ৷ টেট সম্পর্কীয় এটা লিংক হঠাতে বহুজনৰ ম’বাইলত শ্বেয়াৰ হয় আৰু এই লিংকৰ জৰিয়তে টেট উত্তীর্ণ হ’বলৈ ধন আদায় দিয়াৰ নির্দেশ দিয়া হৈছে৷ কেন্দ্রীয় শিক্ষা মন্ত্রালয়ৰ এক আভ্যন্তৰীণ ব্যৱস্থা সংযোগ হৈ থকা বুলি উল্লেখ কৰি প্রৱঞ্চকে ইয়াৰ দ্বাৰা টেটত অৱতীর্ণ প্রার্থীক নির্দিষ্ট ধনৰ বিনিময়ত উত্তীর্ণ কৰাই দিব পাৰে৷ ৮৮৭৬৬–৮৪৪৩১ নম্বৰৰ পৰা বিয়পাই দিয়া লিংকৰ জৰিয়তে প্রার্থীৰ সৈতে দাম–দৰ আৰম্ভ কৰিছে প্রৱঞ্চকে৷ কোনো প্রার্থীয়ে যদি ১–৫ পইণ্ট বঢ়াব বিচাৰে, তেন্তে এহেজাৰ টকা, তেনেদৰে ২৬–৩০ পইণ্ট বঢ়াব বিচাৰিলে ২,০০০ টকা আদায় দিব লাগে৷ প্রৱঞ্চকে আৰম্ভ কৰা এই প্রৱঞ্চনাত কেইবাজনো টেট প্রার্থী ইতিমধ্যে ধন আদায় দিয়া বুলিও জানিব পৰা গৈছে৷
বিষয়টোৱে যথেষ্ট চর্চা লাভ কৰাৰ সময়তে মুখ্যমন্ত্রীয়ে সোমবাৰে কয়– অসমৰ ৰাইজক মই অনুৰোধ জনাওঁ যে ক’তো এক টকাও নিদিব৷ এইখন চৰকাৰৰ দিনত টকা–পইচাৰ কাম নহয়, বৰঞ্চ টকা দিলে লোকচানহে হ’ব৷ এইখন চৰকাৰৰ দিনত বিনাপইচাতে মেধাৱীয়ে চাকৰি পাব৷ মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে বহিঃৰাজ্যৰ পৰা অহা এই হোৱাটছএপ লিংকসমূহ ইতিমধ্যে পৰীক্ষা কৰি থকা হৈছে৷