নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিতেশ্বৰ শইকীয়াৰ পুত্র অশোক শইকীয়াৰ জামিন মঞ্জুৰ

এছকার্ড বেংকৰ ঋণ কেলেংকাৰি

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ এছকার্ড বেংকৰ ঋণ কেলেংকাৰিত জড়িত থকাৰ অভিযোগত কালি চি বি আয়ে গ্রেপ্তাৰ কৰা প্রাক্তন মুখ্যমন্ত্রী প্রয়াত হিতেশ্বৰ শইকীয়াৰ পুত্র অশোক শইকীয়াৰ জামিন আজি মঞ্জুৰ কৰে চি বি আইৰ বিশেষ আদালতে৷ যাৱতীয় নথি–পত্র দাখিল কৰাৰ পাছতে চানমাৰিস্থিত চি বি আইৰ আদালতে জামিন মঞ্জুৰ কৰে শইকীয়াৰ৷ কালি চি বি আয়ে সন্ধিয়াৰ ভাগত প্রয়াত মুখ্যমন্ত্রীগৰাকীৰ সৰুমটৰীয়াস্থিত বাসগৃহত অভিযান চলোৱাৰ লগতে তেওঁৰ পুত্র অশোক শইকীয়াক গ্রেপ্তাৰ কৰিছিল৷ আজি জামিন লাভ কৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি অশোক শইকীয়াই কয় যে এই গোচৰটোৰ শুনানিত উপস্থিত থকাৰ বাবে যোৱা ৯ অক্টোবৰ শেষ সময়সীমা ধার্য কৰি তেওঁলৈ চি বি আইৰ বিশেষ আদালতে জাননী প্রেৰণ কৰিছিল৷ কিন্তু বিশেষ কাৰণত তেওঁ এই জাননী লাভ নকৰাত চি বি আইৰ বিশেষ আদালতত হাজিৰ হোৱা নাছিল৷

যাৰ বাবে চি বি আইৰ আদালতে শইকীয়াৰ বিৰুদ্ধে জাৰি কৰিছিল জামিনবিহীন গ্রেপ্তাৰী পৰোৱানা৷ ইয়াৰ ভিত্তিতে কালি চি বি আয়ে সৰুমটৰীয়াস্থিত বাসগৃহৰ পৰা তেওঁক গ্রেপ্তাৰ কৰিছিল৷ ইফালে, সংবাদ মাধ্যমৰ আগত অশোক শইকীয়াৰ অধিবক্তাই প্রকাশ কৰে যে এছকার্ড বেংকৰ পৰা লোৱা ঋণ ইতিমধ্যে সুদসহ ওভতাই দিছে শইকীয়াই৷ এই প্রসংগত অধিবক্তাজনে কয়– ২০০০ চনত অশোক শইকীয়াই এছকার্ড বেংকৰ পৰা প্রায় এক লাখ ৭০ হাজাৰ টকাৰ ঋণ লৈছিল৷ ২০০৬ চনত এই সন্দর্ভত এটা গোচৰ ৰুজু হৈছিল৷ ২০১৫ চনত ৯,৩৭,৭০১ টকা শইকীয়াই বেংকক ওভতাই দিছিল৷ ইতিমধ্যে বেংকে ইয়াৰ প্রমাণ–পত্রও শইকীয়াক প্রদান কৰিছে৷

You might also like