নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ বিধ আচৰিত ময়ূৰৰ প্রজাতি

- দীপজ্যোতি খনিকৰ

আমাৰ পৃথিৱীখন বহুতো মনোমোহা, আচৰিত আৰু কৌতূহল পশু–পক্ষীৰে পৰিপূর্ণ৷ আমাৰ পৃথিৱীখনত বিভিন্ন প্রজাতিৰ চৰাই– চিৰিকটি আছে৷ যিবোৰৰ ভিতৰত খুব কমসংখ্যক চৰাই আমাৰ পৃথিৱী প্রজাতিৰ বিষয়েহে জানো৷ তাৰ ভিতৰত কিছুমান এনে চৰাই আছে, যিবোৰ দেখাত ধুনীয়া হোৱাৰ লগতে আকর্ষণীয় গুণৰ বাবেও পৰিচিত৷ আজি আমি আলোচনা কৰিম দহ প্রকাৰৰ ময়ূৰ চৰাই প্রজাতিৰ বিষয়ে৷
ময়ূৰ চৰাই প্রজাতিৰ ভিতৰত প্রথমে আমি কংগো পিফাউলৰ নাম ল’ব লাগিব৷ কংগো পিফাউল ময়ূৰ দেখিবলৈ ধুনীয়া প্রজাতিৰ ভিতৰত এবিধ৷ যাক আফ্রিকান পিফাউল বুলিও কোৱা হয়৷ আফ্রিকাত পোৱা এই ময়ূৰ বাকী ময়ূৰ প্রজাতিবোৰতকৈ দেখিবলৈ অলপ বেলেগ হয়৷কিয়নো কংগো পিফাউল পক্ষীবোৰ চুটি আৰু সৰু৷ কংগো পিফাউল আকাৰত সৰু, সেয়েহে মতা কংগো পিফাউলৰ দীঘ ৬৪–৭০ চেণ্টিমিটাৰ আৰু মাইকী কংগো পিফাউলৰ দীঘ ৬০–৬৩ চেণ্টিমিটাৰ হয়৷
দ্বিতীয়তে, আমি নাম ল’ব লাগিব ৱাইল্ড পালাৱান পিফাউলৰ৷ এই প্রজাতিৰ ময়ূৰক পৃথিৱীৰ আকর্ষণীয় ময়ূৰ বুলি জনা যায়৷ এই প্রজাতিৰ ময়ূৰৰ গাৰ ৰং আৰু পাখিৰ ৰং বাকীবিলাক ময়ূৰতকৈ বহুগুণেই বেলেগ৷ফিলিপাইনৰ ফেলেৱেন আইলেণ্ডত এইবিধ প্রজাতিৰ ময়ূৰ পোৱা যায়৷ ৱাইল্ড পালাৱান পিফাউলৰ ৬১ পৰা ২০ ইঞ্চি ডাঙৰ হয়৷ এই প্রজাতিৰ ময়ূৰ খুব কমসংখ্যক দেখিবলৈ পোৱা যায়৷
তৃতীয়তে, আমি নাম ল’ব পাৰো গ্রেট আর্গছ পেজেনৰ৷ গ্রেট আর্গছ পেজেন ময়ূৰ এনে এবিধ প্রজাতি, যাৰ আকাৰ বাকী ময়ূৰ প্রজাতিবোৰতকৈ বহুগুণেই ডাঙৰ আৰু ইয়াৰ পাখিবোৰ বাকী ময়ূৰবোৰতকৈ বেলেগ৷ এইবিধ ময়ূৰৰ পাখিৰ ৰং সোণালী হয়, ঠেঙৰ ৰং গুলপীয়া হয় আৰু ইয়াৰ ডিঙি আৰু মুখৰ ৰং নীলা ৰঙৰ হয়৷ যদি ইয়াৰ আকাৰৰ কথা কওঁ, তেন্তে ইয়াৰ আকাৰ ৬৩ৰ পৰা ৭৯ ইঞ্চি হয়৷
চতুর্থতে, আমি নাম ল’ব লাগিব গ্রীন পিফাউলৰ৷ নাম শুনিয়েই গম পোৱা যায় যে এই ময়ূৰ বিধৰ ৮০ শতাংশ ৰং সেউজীয়া হয়৷ ই দেখিবলৈ ভাৰতীয় ময়ূৰৰ দৰেই হয়৷ অকল ৰং আৰু প্রজাতিৰ পার্থক্য৷ গ্রীন পিফাউল দক্ষিণ–পূব এছিয়াত পোৱা যায়৷ এইবিধ ময়ূৰ প্রজাতি ১১ পৰা ৩ মিটাৰ দীঘল হয়৷
পঞ্চমতে, আমি আছিলেটেড টার্কিৰ নাম ল’ব পাৰো৷ এই প্রজাতিৰ ময়ূৰক পিকক অৱ টার্কি বুলিও কোৱা হয়৷ আছিলেটেড টার্কিৰ গাটোৰ বৰণ বিভিন্ন ধৰণৰ ৰঙেৰে পৰিপূর্ণ৷ সেই বাবে সকলোৰে বাবে এই ময়ূৰ আকর্ষণীয়৷ এইবিধ ময়ূৰ প্রজাতি ৭০ৰ পৰা ১২০ চেণ্টিমিটাৰ ডাঙৰ হয়৷
ষষ্ঠতে আমি ম্যানমাৰৰ ৰাষ্ট্রীয় পখী গ্রে পিকক পেজেনৰ নাম ল’ব পাৰো৷ এই প্রজাতিৰ ময়ূৰক সবাতোকৈ ধুনীয়া পখীৰ তালিকাত অন্তর্ভুক্ত কৰা হৈছে৷ এইবিধ ময়ূৰ ৭৬ চেণ্টিমিটাৰ ডাঙৰ হয়৷
সপ্তমতে, আমি মালায়ান পিকক পেজেনৰ নাম ল’ব পাৰো৷ মালায়ান পিকক পেজেনক মালয়েছিয়া পিকক পেজেন বুলিও কোৱা হয়৷এইবিধ ময়ূৰ ৫০ চেণ্টিমিটাৰ ডাঙৰ হয়৷
অষ্টমতে, আমি নাম ল’ব পাৰো হোৱাট পিফাউলৰ৷ হোৱাট পিফাউলক যদি কোনোবাই এবাৰো চায়, তেতিয়া তেওঁ থৰ হৈ লাগি থাকিবলগীয়া হয়৷ কিয়নো হোৱাট পিফাউলে দর্শকক নিজৰ সুন্দৰতাৰ বাবে তৎক্ষণাৎ আকর্ষণ কৰি ল’ব পাৰে৷
নৱমতে, আমি গোল্ডেন পিফাউলৰ নাম ল’ব পাৰো৷ এইবিধ প্রজাতিৰ ময়ূৰ সাধাৰণতে দুটা ৰঙৰহে পোৱা যায়৷ সেই দুটা হ’ল নীলা আৰু সেউজীয়া৷ গোল্ডেন পিফাউলৰ গাৰ ৰং নীলা আৰু সেউজীয়া হয়, পাখিৰ ৰং সোণালী হয়৷ এইবিধ ময়ূৰৰ কণীৰ ৰঙো সোণালী হয়৷
দশমতে, আমি আমাৰ ৰাষ্ট্রীয় পখী এছিয়ান পিককৰ নাম ল’ব পাৰো৷ এইবিধ ময়ূৰৰ প্রজাতিৰ বেছিভাগ ভাৰততেই পোৱা যায়৷ এইবিধ ময়ূৰ পখী আনবিলাক ময়ূৰতকৈ বহুগুণেই বেলেগ আৰু ডাঙৰ হয়৷ এছিয়ান পিককৰ দীঘ ১০০ৰ পৰা ১১৫ চেণ্টিমিটাৰ৷

You might also like