নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰৰ ৰঙতিত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

নিয়মীয়া বাৰ্তা  ১১ নৱেম্বৰঃ লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৰঙতিত বুধবাৰে এক পথ দূৰ্ঘটনা সংঘটিত হয় ৷ উক্ত পথ দূৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয় ৷ জানিব পৰা মতে উক্ত পথ দূৰ্ঘটনাত ২ নং ৰঙতিৰ নিবাসী হেমন্ত দুৱৰা(৩২)ৰ মৃত্যু হয় ৷ উল্লেখ্য, পোনা দুৱৰাৰ পুত্ৰ হেমন্তই তিনিআলি সন্দিকৈৰ গাঁৱৰ ফালৰ পৰা ২ নং ৰঙতিৰ নিজা বাসগৃহলৈ নতুনকৈ কিনা বাজাজ কোম্পানীৰ, চি টি ১০০ মটৰ চাইকেলখনেৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা চাহপাত কঢ়িওৱা এ এচ ০৭ বি চি ১৯০১ নম্বৰৰ এখন টাটা মবাইলৰ লগত মুখামুখি সংঘৰ্ষ হয় ৷ যাৰ ফলত বাইক আৰোহী হেমন্ত গুৰুতৰভাৱে আহত হয় ৷ ইয়াৰ পিছত হেমন্তৰ পৰিয়ালে তাৎক্ষনিকভাবে উন্নত চিকিৎসাৰ বাবে হেমন্তক লখিমপুৰলৈ নিয়ে যদিও বাটতে মৃত্যু ঘটে ৷ টাটা ম’বাইল গাড়ীখনৰ চালক ৰুপ কোঁৱৰ বুলি জানিব পৰা গৈছে ৷ হেমন্তৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ৷ হেমন্তই মৃত্যুৰ সময়ত পিতৃ-মাতৃসহ পত্নী, এগৰাকী কণ্যা, পৰিয়ালবৰ্গৰ লগতে অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় ৷

You might also like