নগাঁওৰ নৱম টি জি বৰুৱা সোঁৱৰণী উকা যুৱ বঁটা কাৰাটে প্ৰতিযোগিতা
৫ টা সোণৰ পদক সহ ১৫ পদক অৰ্জন লখিমপুৰ কাৰাটে দলৰ
নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰ : নগাঁও জিলাৰ ৰহাৰ মহেন্দ্ৰ হাজৰিকা ভৱনত যোৱা ৫ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যোৱা নৱম টি জি বৰুৱা সোঁৱৰণী উকা যুৱ বঁটা কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি লখিমপুৰ কাৰাটে দলে পাঁচটাকৈ সোনৰ পদক সহ মুঠ ১৫ টাকৈ পদক অৰ্জন কৰি সাফল্য লাভ কৰিছে।
লখিমপুৰ কাৰাটে এছোচিয়েচনৰ সম্পাদক তথা লখিমপুৰ কাৰাটে দলৰ মুখ্য প্ৰশিক্ষক জগন্নাথ কামান আৰু প্ৰশিক্ষক চৰিতা দৰ্জীৰ নেতৃত্বত অংশগ্ৰহণ কৰা লখিমপুৰ জিলাৰ ২৮ জনীয়া কাৰাটে দলটোৰ ভিতৰত পাঁচগৰাকী খৈলুৱৈ সোণৰ পদক লাভ কৰাৰ লগতে তিনিগৰাকীয়ে ৰূপৰ পদক আৰু সাতগৰাকীৰ ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ১৫ গৰাকী খেলুৱৈ পদক অৰ্জন কৰে।
ইয়াৰে সোনৰ পদক অৰ্জন কৰা খৈলুৱৈ সকল হৈছে ক্ৰমে চাব জুনিয়ৰ ৪৫ কেজিৰ কুমিটে শাখাত সুমনজিৎ চুতীয়া, চাব জুনিয়ৰ – ৫৭ কেজি ল’ৰাৰ কেডেট শাখাত সমীৰণ গগৈ, ২১ বৰ্ষ অনুৰ্ধৰ ৫৭ কেজি ছোৱালীৰ কুমিটে শাখাত মনীষা চুব্বা আৰু ২১ বৰ্ষৰ অনুৰ্ধৰ ৬১ কেজি ল’ৰাৰ কাটা আৰু কুমিটে শাখাত প্ৰাঞ্জল দেউৰী।