আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল টীম ইণ্ডিয়াৰ
শুভমন গিল নেতৃত্বাধীন টীম ইণ্ডিয়াই দ্বিতীয়খন এদিনীয়া মেচতো আফগানিস্তানক ১৭০ ৰানত পৰাস্ত কৰে৷ মেচখনত বিজয় সাব্যস্ত কৰি ঘৰুৱা দল ভাৰতে ২–০ৰ অগ্রগতিৰে তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো দখল কৰে৷
লক্ষ্ণৌত অনুষ্ঠিত মেচখনত ভাৰতীয় দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ৪০৩ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি আফগানিস্তানে ৪৪.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৩২ ৰানহে কৰে৷
দলটোৰ হৈ সর্বাধিক ৭৯ ৰান কৰে ৰহমত শ্বাহে৷ ছেডিকুল্লাহ অটলে ৪২ আৰু ৰহমানউল্লাহ গুৰবাজে ৪১ ৰানৰ অৱদান আগবঢ়ায়৷
ভাৰতীয় দলটোৰ হৈ অর্শদীপ সিং আৰু গুৰনুৰ ব্রাৰ উভয়ে তিনিটাকৈ তথা এদিনীয়াত অভিষেক ঘটা প্রিন্স যাদৱে দুটা আৰু ৱাশ্বিংটনে এটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অধিনায়ক গিলৰ ১৫৪ আৰু ঈশান কিশনৰ ১২৫ ৰানৰ সহায়ত ভাৰতে ৪৯.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৪০২ ৰান সংগ্রহ কৰে৷
৯৬ ৰানতে যশস্বী জয়ছোৱাল আৰু ৰোহিত শর্মাক হেৰুৱাইছিল যদিও গিল আৰু ঈশানে তৃতীয় উইকেটত ২২৪ ৰান সংগ্রহ কৰি দলক শক্তিশালী স্থিতিত উপনীত কৰায়৷ জয়ছোৱালে ৪ আৰু ৰোহিতে ৪৮ ৰান কৰে৷ গিলৰ ১১০টা বলৰ ইনিংছটোত আছিল ২২টা চাৰি আৰু দুটা ছয়৷ আনহাতে, ঈশানৰ ৭৯টা বলৰ ইনিংছটোত আছিল ১৪টা চাৰি আৰু সাতটা ছয়৷
ডিজিটেল জেস্ক, ১৮ জুন