অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে শাসকীয় মিত্ৰজোঁটে ডাঃ হাব্বে টেৰণক প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰি কয় যে ডাঃ টেৰণৰ দীৰ্ঘ ৰাজনৈতিক আৰু সামাজিক অভিজ্ঞতাই বিধানসভাৰ কাৰ্য পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
উল্লেখ্য যে, নৱগঠিত আমৰি সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ডাঃ হাব্বে টেৰণে এতিয়া উপাধ্যক্ষ পদৰ দৌৰত নামি নতুন দায়িত্ব গ্ৰহণৰ দিশে আগবাঢ়িছে। তেওঁৰ নাম ঘোষণা হোৱাৰ পিছতে কাৰ্বি আংলংকে ধৰি বিভিন্ন মহলত আনন্দৰ পৰিৱেশ সৃষ্টি হৈছে।
ডিজিটেল ডেস্ক, ১৮ জুন