নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজাৰাত ২৫ টন চোৰাং চাডল জব্দ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ চৰকাৰে দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি অৱলম্বন কৰি থকাৰ সময়তে দক্ষিণ কামৰূপৰ চৰাঞ্চলসমূহৰ পৰা প্রশাসনক ধূলি দি চোৰাংকৈ সৰবৰাহ হৈ আহিছে বৃহৎ পৰিমাণৰ অবৈধ চাডল৷ আজি এক গোপন খবৰৰ ভিত্তিত মহানগৰীৰ আজাৰা আৰক্ষীয়ে অভিযান চলাহ জব্দ কৰিলে ২৫ টন চাডলভর্তি এখন ট্ৰাক৷ উল্লেখ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাহ দুর্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰি আহিলেও দক্ষিণ কামৰূপৰ চৰাঞ্চলসমূহৰ পৰা নিতৌ সৰবৰাহ হৈ আহিছে চোৰাং চাডল৷

জানিব পৰা মতে, বিশেষকৈ দক্ষিণ কামৰূপৰ গৰৈমাৰী, কালাতলী, সোণতলী আদি অঞ্চলৰ পৰা সদায় সৰবৰাহ হয় চোৰাং চাডল৷ উল্লেখনীয় যে শনিবাৰে সোণতলীৰ পৰা আগৰতলালৈ কঢ়িয়াহ লৈ গৈ থকা অৱস্থাত ২৫ টন চাডলসহ এ এছ–০১ এইচ চি–৩৬৩৪ নম্বৰৰ এখন চাডলভর্তি ট্ৰাক আজাৰা আৰক্ষীয়ে অভিযান চলাহ জব্দ কৰে৷ চাউলভর্তি ট্ৰাকখন জব্দ কৰিছে যদিও চাউলৰ গৰাকীক বর্তমানলৈ আটক কৰিব পৰা নাই আৰক্ষীয়ে৷ কিন্তু আজাৰা আৰক্ষীয়ে তদন্ত প্রক্রিয়া অব্যাহত ৰাখিছে বুলি সাংবাদিকক জানিবলৈ দিয়ে৷

আন এক বিশেষ সূত্রৰ পৰা জানিব পৰা মতে চৰকাৰে দুখীয়া লোকৰ বাবে বিনামূলীয়াকৈ দি অহা অন্ন সুৰক্ষা যোজনাৰ চাউল একাংশ সুলভ মূল্যৰ দোকানীয়ে হিতাধিকাৰীক ৰামঠগন দি অবৈধ ব্যৱসায়ত লিপ্ত হৈ আহিছে৷ বিশেষকৈ দক্ষিণ কামৰূপৰ চৰ অঞ্চলসমূহত এহ ব্যৱসায় একাংশ অসাধু ব্যৱসায়ীয়ে ৰমৰমীয়াকৈ চলাহ আছে৷ জব্দ কৰা ট্ৰাকখনৰ চালকে চাউলৰ গৰাকী আইনুল নামৰ এজন ব্যক্তি বুলি প্রকাশ কৰিছে যদিও বাতৰি যুগুত কৰা সময়ত এহ আইনুল নামৰ ব্যক্তিগৰাকীৰ কোনো শুংসূত্র ডলিয়াবলৈ সক্ষম হোৱা নাহ আৰক্ষীয়ে৷ আজাৰা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব কোন এইজন আইনুল৷

You might also like