নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঠঘৰীয়াত নৱজাতকক নলাত দলিয়াই হত্যা পাষাণ মাতৃৰ

নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ  ভূলুণ্ঠিত মানৱতা গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক নৃশংস হত্যাকাণ্ড৷ মুখলজ্জা ঢ়াকিবলৈ পাষাণ মাতৃয়ে নলাত দলিয়াই হত্যা কৰিলে নৱজাতকক৷ গুৱাহাটী ২নং মঠঘৰীয়াৰ স্বামীহাৰা জামিৰন বেগম নামৰ পাষাণ মাতৃগৰাকীয়ে যোৱা ১০ নৱেম্বৰৰ নিশা সংঘটিত কৰে এই পাশৱিক হত্যাকাণ্ড৷ আজি নলাত মৃত নৱজাতক উদ্ধাৰ হোৱাৰ পাছতে এই নাৰকীয় হত্যাকাণ্ডৰ কথা পোহৰলৈ আহে৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, স্বামীহাৰা জামিৰনে দিন হাজিৰা কৰি দুটি সন্তানক পোহপাল দি আছিল৷ বিগত ছমাহ ধৰি জামিৰনৰ শাৰীৰিক গঠনক লৈ স্থানীয় ৰাইজৰ সন্দেহ উপজিছিল৷ যোৱা ১০ নৱেম্বৰৰ নিশা জামিৰনৰ বাসগৃহত সন্তানৰ কান্দোন শুনি প্রতিবেশী ৰহিমা বেগমে জামিৰনে সন্তান প্রসৱ কৰা বুলি নিশ্চিত হয়৷ ইয়াৰ প্রায় দুঘণ্টামান পাছত ৰহিমা বেগমে নলাত কিবা পেলাই দিয়াৰ শব্দ শুনা পায়৷ শব্দ শুনি ৰহিমা বেগমে টর্ছ মাৰি নলাত চাইছিল যদিও একো দেখা নাপালে৷ আজি দুপৰীয়া নলাত নৱজাত শিশুৰ মৃতদেহ ওপঙি থকা প্রত্যক্ষ কৰি স্থানীয় ৰাইজে নিজাববীয়াকৈ তদন্ত কৰি পুত্র সন্তানটি জামিৰন বেগমৰ বুলি নিশ্চিত হয়৷ ৰাইজৰ জেৰাত জামিৰনে মৃত শিশুটি তেওঁৰ বুলি স্বীকাৰ কৰে৷ অৱশ্যে সন্তানটোৰ পিতৃৰ নাম প্রকাশ কৰাৰ পৰা বিৰত থাকে৷ স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্রেৰণ কৰে৷ আৰক্ষীয়ে ৰাইজৰ অভিযোগৰ ভিত্তিত পাষাণ মাতৃ জামিৰন বেগমক আটক কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ স্থানীয় ৰাইজে জামিৰনে জীৱন্তে পুত্র সন্তানটি নলাত পেলাই দিয়া বুলি অভিযোগ উত্থাপন কৰিছে৷

You might also like