নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অচিৰেই অনলাইনৰ বজাৰত উপলব্ধ হ’ব পিঠাগুড়ি-সান্দহগুৰি

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ লগে লগে হেৰাই গৈছে গ্ৰাম্য সমাজৰ এপদ এপদ অংগ । গ্ৰাম্য সমাজৰ অবিচ্ছেদ্য অংগ ঢেঁকী, তাঁতশাল, নাঙল-জুৱলী আদি বিভিন্ন সামগ্ৰী ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে । পূৰ্বতে ঢেঁকীত খুন্দা পিঠাগুড়ি, সান্দহ গুৰি, ওখোৱা চাউল গাঁৱৰ সমাজত উভৈনদী থাকে যদিও সাম্প্ৰতিক কালত ঢেঁকীশালৰ অভাৱত এনে সামগ্ৰীৰ সোৱাদৰ পৰা বঞ্চিত হৈ আছে আজিৰ প্ৰজন্ম। এনে সময়তে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাত যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত গঢ়ি তোলা ঢেঁকীশালৰ পৰা উৎপাদিত পিঠাগুড়ি সান্দহ গুৰিৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰাৰ পাছত আদিৰে পৰা মুকলি কৰে ঢেঁকীশালৰ জলপান ।

ঢেঁকীত প্ৰস্তুত কৰা সান্দহ গুৰি আৰু পিঠাগুৰিৰ জলপান Instant Food Package কৰি বজাৰত বিক্ৰীৰ বাবে মুকলি কৰি দিয়ে বিধায়ক মৃণাল শইকীয়াই। যোগীবাৰী গ্ৰাম্য মহিলা সংগঠনৰ মহিলা সকলে প্ৰস্তুত কৰা এই পেকেটিং জলপান মাৰ্কেটিঙৰ দায়িত্বত আছে All in one digital solutions নামৰ এটি সংস্থা। সম্পূৰ্ণ স্বাস্থ্য সন্মতভাৱে পেকেজিং কৰা এই দুবিধ খাদ্য সামগ্ৰীৰ লগত আছে ঢেকিয়ালৰ গুৰ, গাখীৰ আৰু ঘিউ। শিশুৰ পৰা বয়োজ্যেষ্ঠ লোকৰ বাবে উপযোগী হোৱাকৈ প্ৰস্তুত কৰা Instant Food Packageৰ দৰ মাত্ৰ ৪০/ টকা নিৰ্ধাৰণ কৰিছে ।

এই সামগ্ৰীসমূহ ৰেল-বিমান আদি দীঘলীয়া যাত্ৰাত যাত্ৰী সকলে খাব পাৰিব । খুমটাই সমষ্টিৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত প্ৰস্তুত কৰা “ঢেঁকীশালৰ জলপান” অচিৰেই অনলাইন বজাৰত উপলব্ধ হ’ব বুলিও জানিবলৈ দিছে বিধায়ক গৰাকীয়ে। আজি বিধায়ক গৰাকীয়ে শুভাৰম্ভ কৰি সাংবাদিকৰ আগত কয় যে, গ্ৰাম্য অৰ্থনীতি বিকাশৰ লক্ষ্যৰে এই পদক্ষেপ হাতত লোৱাৰ ওপৰিও পিঠাগুড়ি সান্দহ গুৰি সু-স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে।

প্ৰেৰক: ভৰত দত্ত গোলাঘাট

You might also like