নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাৰ কপিলী দুগ্ধ উৎপাদক সমবায় সমিতিৰ পদক্ষেপ : দুগ্ধ উৎপাদেনেৰে স্বাৱলম্বী বহুজন

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ : গো-পালনেৰে দুগ্ধ উৎপাদন কৰি গ্ৰামাঞ্চলৰ ৰাইজক স্বাৱলম্বী কৰাৰ এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে বৰহোলাৰ কপিলী দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডে।

উল্লেখ্য যে যি সময়ত কৰ্ম সংস্থাপন বিচাৰি একাংশ লোকে বহিঃৰাজ্যত গৈ হাবাথুৰি খাই ফুৰিছে তেনে সময়ত গ্ৰামাঞ্চলৰ বহুকেইজন লোকক দুগ্ধ উৎপাদন আৰু উচিত দামত বিক্ৰীৰে উপাৰ্জনৰ এক সুন্দৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে এই কপিলী দুগ্ধ সমবায় সমিতিখনে। ২০১৭ বৰ্ষতে বৰহোলাত জন্ম গ্ৰহণ কৰা সমিতিখনত বৰ্তমান পোন্ধৰজন সদস্য সংযুক্ত হৈছে। এইসকলে মিলি বিগত বৰ্ষত প্ৰায় ছয় লক্ষাধিক টকাৰ গাখীৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছে। আৰু আগন্তুক বৰ্ষবোৰতো বিক্ৰীৰ পৰিমান অধিক বৃদ্ধিৰ পৰিকল্পনা হাতত হৈছে সমিতিখনে।

উল্লেখ্য যে প্ৰথম বৰ্ষত দৈনিক মাত্ৰ ১৫ লিটাৰ গাখীৰ উৎপাদন কৰা সমিতিখনে বৰ্তমান প্ৰতিদিনে ডেৰ শতাধিক লিটাৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে। এনেদৰে কপিলী দুগ্ধ উৎপাদক সমবায় সমিতিখনে সমাজলৈ স্বাৱলম্বীতাৰ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। ইয়াৰ লগতে গো-পালন আৰু দুগ্ধ উৎপাদনেৰে উপাৰ্জনমুখি হোৱা কাৰ্যত একাংশ শিক্ষিত নিবনুৱা যুৱক-যুৱতীও আকৰ্ষিত হোৱা দেখা গৈছে। উল্লেখ্য যে শনিবাৰে কপিলী দুগ্ধ উৎপাদক সমবায় সমিতিয়ে বৰহোলাৰ ৰাংচালি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰিছিল এখন বিশেষ সাধাৰণ সভা। সমবায় সমিতিখনৰ কাৰ্যবাহী বিষয়া হেমন্ত কুমাৰ দাসৰ সভপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে সভাপতি সৰ্বেশ্বৰ শইকীয়াই। সভাত কাৰ্যবাহী বিষয়া হেমন্ত কুমাৰ দাসে গো-পালনেৰে দুগ্ধ উৎপাদন কৰি গ্ৰাম্য অৰ্থনীতি সুদৃঢ় কৰাৰ বিভিন্ন পদ্ধতি, লাভালাভ, ভৱিষ্যত পৰিকল্পনা আদিৰ সম্পৰ্কত ভাষণ প্ৰদান কৰে। সভাতে বৰহোলা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাঃ দীপক দৰৱধৰাই গো-পালকসকলে লৱ লগা বিভিন্ন চিকিৎসা, সাৱধানতা আদিৰ বিষয়ে সজাগতামূলক বক্তব্য প্ৰদান কৰে।

সভাত অৱসৰপ্ৰাপ্ত শিক্ষক পৰাগ ভাগৱতীয়ে দুগ্ধ উৎপাদন আৰু উৎযুক্ত চিকিৎসাৰে উপকৃত হোৱা সম্পৰ্কত চমু বক্তব্য আগবঢ়ায়। সভাতে আগন্তুক দিনত অধিক উদ্যমেৰে আৰু ৰাইজৰ উপাৰ্জন বৃদ্ধি লক্ষ্যৰে ন ন পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লয় এই কপিলী দুগ্ধ উৎপাদক সমবায় সমিতিয়ে। উল্লেখ্য যে , আজিকোপতি কোনো চৰকাৰী সা-সুবিধা লাভ নকৰাৰ অভিযোগ সমবায় সমিতিখনৰ। লকডাউনৰ সময়ত একপ্ৰকাৰ জুৰুলা হৈ পৰা সমিতিখন বৰ্তমান অধিক উত্তোৰণৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সু-দৃষ্টিৰ আহ্বান জনাইছে বিষয়ববীয়া সকলে।

প্ৰেৰক: অজয় শইকীয়া, নগাবাট

You might also like