শ্রীৰামপুৰত জব্দ টেংকাৰত অনা চোৰাং ম’হ
নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ গৰু, ম’হ, ড্রাগ্ছ আদিৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষী প্রশাসনে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে৷ ইয়াৰ বিপৰীতে চোৰাং ব্যৱসায়ীসকলে ন ন কৌশল অৱলম্বন কৰি অবৈধ ব্যৱসায় চলাই যোৱাৰ অহৰহ চেষ্টা অব্যাহত ৰাখিছে৷ চোৰাং বেপাৰীসকলে যে কৌশলী ব্যৱস্থা হাতত লৈছে সেয়া প্রতিপন্ন হ’ল শ্রীৰামপুৰত৷ দেওবাৰে দিনৰ ১১মান বজাত শিমুলটাপু আৰক্ষীয়ে হাৰাপুটাস্থিত ৩১ নম্বৰ (গ) ৰাষ্ট্রীয় পথৰ এন আৰ এল পেড্র’ল পাম্পৰ সন্মুখত তেলৰ টেংকাৰৰ ভিতৰত সৰবৰাহ কৰা চোৰাং ম’হ জব্দ কৰে৷
আৰক্ষীয়ে টেংকাৰখন ৰখোৱাৰ লগে লগে গাডীখনৰ চালক আৰু হেণ্ডিমেন নামি দৌৰি পলাবলৈ চেষ্টা কৰে৷ আৰক্ষীয়ে পিছে পিছে খেদি দুয়োকে আটক কৰে৷ কৌশলেৰে টেংকাৰখনত ১০টা ম’হ আনিছিল৷ বিহাৰৰ কোহিনীৰ পৰা অহা চোৰাং ম’হভর্তি এইচ আৰ–৩৮ ডব্লিউ–০১৯১ নম্বৰ টেংকাৰখন আৰক্ষীয়ে জব্দ কৰে৷ ট্রেংকাৰখনৰ চালক মহাম্মদ বিলাল (২৪) আৰু হেণ্ডিমেন আশু (২৩)ক আটক কৰে শিমুলটাপু আৰক্ষীয়ে৷ ধৃত যুৱকদ্বয়ৰ ঘৰ উত্তৰপ্রদেশৰ গাজিয়াবাদত৷