মাজুলীত নৱনির্মিত উপায়ুক্তৰ কার্যালয়ৰ আৱাসিক ভৱন মুকলি
নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ মাজুলী–যোৰহাট সংযোগী দলঙৰ প্রথমটো খুঁটাৰ শুভাৰম্ভ কৰিবলৈ অহা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে মাজুলীত আন কেইবাটাও কার্যসূচীত অংশগ্রহণ কৰে৷ মাজুলীৰ উপায়ুক্তৰ সংহত কার্যালয় তথা আৱাসিক গৃহ প্রকল্পৰ অধীনত নির্মাণ কৰা বিষয়াৰ আৱাস (তিনিটা ব্লক, ১২টা ইউনিট) আৰু তৃতীয়বর্গৰ কর্মচাৰীৰ আৱাস (এটা ব্লক, ৮টা ইউনিট)ৰ মুখ্যমন্ত্রী ড০ শর্মাই শুভ উদ্বোধন কৰে৷ অহা কেইটামান বছৰৰ ভিতৰতে মাজুলী পলিটেকনিক, আয়ুস প্রতিষ্ঠান, সাংস্কৃতিক বিশ্ববিদ্যালয় আদিকে ধৰি সকলো নৱনির্মিত শিক্ষা প্রতিষ্ঠানত শিক্ষাৰম্ভ হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ সেইদৰে মিছন বসুন্ধৰাৰ পাছতেই মিছন সদ্ভাৱনা নামৰ আন এক আঁচনি আৰম্ভ কৰাৰ বিষয়ে প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জনতা ভৱনৰ বিভিন্ন বিভাগৰ পুৰণি ফাইলসমূহ নিষ্পত্তি কৰাৰ বাবে এই পদক্ষেপ গ্রহণ কৰিব ওলাইছে৷
ইপিনে, নিয়মীয়াকৈ ঋণৰ কিস্তি পৰিশোধ কৰা মাজুলীৰ ৫৩৩গৰাকী মাইক্র’ ফাইনেঞ্চৰ ঋণ লোৱা মহিলাকো মুখ্যমন্ত্রী ড০ শর্মাই উদগনিমূলক চেক প্রদান কৰে৷ এই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নির্বাচনৰ সময়তে ৰাইজৰ মাজলৈ যাওঁতে ৰাজ্যখনৰ মহিলাসকলক দিয়া প্রতিশ্রুতি অনুসৰি মাইক্র’ ফাইনেঞ্চৰ ঋণৰ কিস্তি দি থকাসকলক এককালীন সাহায্য প্রদানৰ ব্যৱস্থা কৰিছে৷ পৰৱর্তী পর্যায়ত ঋণৰ কিস্তি ওভতাব নোৱাৰাসকলৰ ঋণ ৰেহাইৰ ব্যৱস্থা কৰা হ’ব৷ এইক্ষেত্রত কাকো দালালৰ কাষ নাচাপিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এতিয়াৰে পৰা দালালি সহ্য কৰা নহ’ব৷ দালালসকলক ট্রেক্টৰ, পাৱাৰটিলাৰ দি দিম, তেওঁলোকে কাম কৰি খাব পাৰিব৷ সেইদৰে আন্দোলন, চান্দা নোহোৱা হৈ গ’লে অসমৰ নাম বিদেশৰ মানুহে ল’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷