ৰাহুল, ৰশ্বিদলৈ ধনৰ টোপ লক্ষ্ণৌৰঃ বি চি চি আইক অভিযোগ পঞ্জাব কিংছ–ছানৰাইজার্ছ হায়দৰাবাদৰ
নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ আই পি এলত নতুনকৈ অন্তর্ভুক্ত হোৱা লক্ষ্ণৌ ফ্রেনচাইজীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে পঞ্জাব কিংছ আৰু ছানৰাইজার্ছ হায়দৰাবাদে৷ আৰ পি এছ জি মালিকানাধীন নতুন ফ্রেনচাইজীটোৱে পঞ্জাব কিংছৰ অধিনায়ক লোকেশ ৰাহুল আৰু ছানৰাইজার্ছ হায়দৰাবাদৰ তাৰকা লেগ স্পিনাৰ ৰশ্বিদ খানক বৃহৎ ধনৰ লোভ দেখুৱাই তেওঁলোকৰ দললৈ নিব বিচাৰিছে বুলি বি চি চি আইক অভিযোগ দাখিল কৰিছে পঞ্জাব আৰু হায়দৰাবাদে৷ মন কৰিবলগীয়া যে বিগত দুটা ছিজনত পঞ্জাব কিংছক নেতৃত্ব দিয়া তাৰকা বেটছমেন ৰাহুলে এইবাৰ দলটো ত্যাগ কৰি অন্য দলত যোগ দিব বুলি বাতৰি প্রকাশ পাই আহিছে৷
শেহতীয়াকৈ জানিব পৰা অনুসৰি লক্ষ্ণৌৰ ফ্রেনচাইজীয়ে ৰাহুলক ২০ কোটি টকাৰ বৃহৎ ধনৰ লোভ দেখুৱাই পঞ্জাব কিংছ ত্যাগ কৰিবলৈ বাধ্য কৰাইছে৷ দলটোৱে তেওঁক অধিনায়কৰো প্রস্তাৱ আগবঢ়াইছে৷ ইফালে, ছানৰাইজার্ছে আফগানিস্তানৰ তাৰকা স্পিনাৰ ৰশ্বিদ খানক আগন্তুক আই পি এলৰ বাবেও ৰিটেইন কৰিব বিচাৰিছে যদিও লক্ষ্ণৌৱে তেওঁক ১৬ কোটি টকাৰ প্রস্তাৱ আগবঢ়াইছে৷ সম্প্রতি ছানৰাইজার্ছৰ পৰা তাৰকাগৰাকীয়ে ৯ কোটি টকা লাভ কৰি আছে আৰু আগন্তুক ছিজনত তেওঁক ১২ কোটি টকা দিবলৈ দলটো সাজু আছে৷ একেদৰে ৰাহুলে পঞ্জাব কিংছৰ পৰা সম্প্রতি ১১ কোটি লাভ কৰি আছে আৰু নতুন দল লক্ষ্ণৌৱে তেওঁক ২০ কোটিৰ মোটা অংকৰ প্রস্তাৱ আগবঢ়াইছে৷ পঞ্জাব আৰু হায়দৰাবাদৰ অভিযোগ অনুসৰি বি চি চি আয়ে বিষয়টোৰ অনুসন্ধান আৰম্ভ কৰিছে৷
ইফালে, চুক্তিত আবদ্ধ হৈ থকাৰ পিছতো আন দলৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলাৰ অভিযোগত ৰাহুল আৰু ৰশ্বিদ খান এবছৰৰ বাবে নিলম্বিত হোৱাৰো সম্ভাৱনাৰ সৃষ্টি হৈছে৷ ইয়াৰ পূর্বে ২০১০ত ৰাজস্থান ৰয়েলছৰ হৈ খেলি থকা সময়ত ৰবীন্দ্র জাদেজাই অন্য দলৰ সৈতে সম্পর্ক ৰক্ষাৰ অভিযোগত এবছৰৰ বাবে আই পি এলৰ পৰা নিলম্বিত হৈছিল৷