সপ্তমবাৰলৈ বেলন ডি অ’ৰ বঁটা জয় মেছিৰ
নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ পর্তুগালৰ ছুপাৰ ষ্টাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোক চেৰ পেলাই আর্জেণ্টিনাৰ ফুটবল তাৰকা লি’নেল মেছিয়ে সপ্তমবাৰৰ বাবে সন্মানীয় বেলন ডি অ’ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ সোমবাৰে নিশা পেৰিছত অনুষ্ঠিত এক আটকধুনীয়া অনুষ্ঠানত পেৰিছ ছেইণ্ট জার্মেইনৰ ছুপাৰ ষ্টাৰগৰাকীক এই বঁটা আগবঢ়োৱা হয়৷ ৩৪ বছৰীয়া মেছিয়ে ইয়াৰ পূর্বে ২০০৯, ২০১০, ২০১১, ২০১২, ২০১৫ আৰু ২০১৯ত এই সন্মান অর্জন কৰিছিল৷ মেছিয়ে ৬১৩ পইণ্ট অর্জন কৰি এই সন্মানীয় বঁটা লাভ কৰাৰ বিপৰীতে বেয়ার্ন মিউনিখ আৰু পোলেণ্ডৰ ষ্ট্রাইকাৰ ৰবার্ট লেৱানডস্কিয়ে ৫৮০ পইণ্টেৰে দ্বিতীয় স্থানত থাকে৷ অৱশ্যে লেৱানডস্কিয়ে বর্ষশ্রেষ্ঠ ষ্ট্রাইকাৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ মন কৰিবলগীয়া যে ফ্রান্সৰ প্রখ্যাত ফুটবল মেগাজিন বেলন ডি অ’ৰে ১৯৫৬ চনৰ পৰা এই বঁটা আগবঢ়াই আহিছে৷