চলন্ত ফেৰিৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে ৬০ বছৰীয়া বৃদ্ধইঃজলপৰিবহন বিভাগৰ যাত্ৰীৰ ঠিকনা লিখা বহিতেই নাই জাপ দিয়া বৃদ্ধৰ নাম ঠিকনা
নাম তালিকা লিখাত চৰম গাফিলতি জলপৰিবহন বিভাগৰ
নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰ : মাজুলী আৰু যোৰহাটৰ ফেৰি সেৱাৰ মাজত সঘন সংঘটিত হ’বলৈ ধৰিছে দুৰ্ভাগ্যজনক ঘটনা ৷ কিন্তু ঘটনা সংঘটিত হোৱাৰ পিছতো গা নলৰে জল পৰিবহন বিভাগৰ ৷ জলপৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ অমনুযোগিতাৰ বাবেই মাজুলীৰ ব্ৰহ্মপুত্ৰত চলন্ত ফেৰিৰ পৰা জপিয়াই পুনৰ এক অঘটন সংঘটিত কৰে আশীৰ উদ্ধৰ এজন বৃদ্ধই ৷ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই মূহুৰ্তলৈকে বৃদ্ধ জনৰ নাম ঠিকনা উলিয়াব পৰা নাই জলপৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে ৷ বাতৰি লিখা পৰলৈকে জলপৰিবহন বিভাগৰ যাত্ৰীৰ ঠিকনা লিখা বহিতেই নাই ব্ৰহ্মপুত্ৰত জাপ দিয়া লোক জনৰ নাম ঠিকনা যাক লৈ এতিয়া বিপাঙত মাজুলীৰ জিলা প্ৰশাসন ৷
উল্লেখ্য যে, নিমাতিঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাট অভিমুখে পুৱা ৯:৪৫ ত আৰ পি এল ডীগাৰু নামৰ ফেৰীখন। নিমাতী ঘাটৰ পৰা ১৫ মিনিত মান অহাৰ পিছত ফেৰীৰ পৰা এজন ব্যক্তিয়ে পানীত জাপ দিয়ে। আৰ পি এল ডিগাৰুত অহা পত্যক্ষ দৰ্শীৰ পৰা জানিব পৰা মতে নাও খনৰ ভিতৰত বাৰে বাৰে অহাযোৱা কৰি আছিল এই বৃদ্ধ লোক জন ৷ কান্ধত গামুছা লৈ থকা এই বৃদ্ধ জনে বাৰে বাৰে নৈ খনলৈ চাই সেৱা কৰি আছিল বুলিও দুই এজন যাত্ৰীয়ে আমাক জানিবলৈ দিয়ে ৷ কিছু সময় এই দৰে ঘুৰি ফুৰি লোক জনে ফেৰি খনৰ পিছ দিশলৈ গৈ লাইফ জেকেটটো খোলি নদীত জাপ দিয়ে ৷ ততাতৈয়াকৈ জল পৰিবহন বিভাগৰ নাৱৰ কৰ্মচাৰী সকলে ততাতৈয়াকৈ লোকজনক উদ্ধাৰ চেষ্টা কৰিছিল যদিও লোক জন পানীৰ তললৈ সুমাই যায় ৷ গাত এখন এৰিয়া কাপোৰ লৈ আছিল ব্যক্তিজনে।
ইফালে ফেৰীত উঠাৰ আগতে যাত্ৰীৰ পঞ্জীয়নৰ ব্যৱস্থা থকাৰ পিছতো এই যাত্ৰী জনৰ নাই নাম তথ্য নথকা বিষয়টোৱে জল পৰিবহন বিভাগৰ হেমাহি আৰু দুৰ্বলতাৰ কথাই পতিপন্ন কৰিছে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে । ৫৭ জন যাত্ৰী লৈ মাজুলী কমলাবাৰী দিশে অহা ফেৰীখনত মাজুলী জিলা প্ৰশাসনে কমলাবাৰী ফেৰিঘাটত ডিগাৰুত অহা যাত্ৰীৰ পঞ্জীয়ন বহি আৰু যাত্ৰী সকলক পৰিক্ষা কৰে যদিও বিভাগে নাম পঞ্জিয়ন কৰা তালিকাৰ লোক সকল নাৱত অহাটো প্ৰমাণিত হোৱাৰ বিপৰিতে নদীত জাপ দিয়া জনৰ তথ্য নাই পঞ্জীয়ন বহিত । বৰ্তমান ঘটনা সংঘটিত হোৱাৰ ছয় ঘন্টা পাৰ হোৱাৰ পিছতো সন্ধান ওলোৱা নাই লোকজনৰ। এছ ডি আৰ এফে ব্ৰহ্মপুত্ৰত অনুসন্ধান চলাই আছে যদিও বাতৰি লিখা পৰলৈকে লোক জনৰ সন্ধান পোৱা নাই ৷ আনহাতে মাজুলী জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ এটা দল লোকজনৰ তথ্য বিচাৰি নিমাটি ঘাটলৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে৷