কামৰূপ মহানগৰ জিলাত দুই শতাধিক যুৱক-যুৱতীক গাড়ীচালনাৰ প্ৰশিক্ষণ দিব অসম চৰকাৰৰ পৰিবহণ বিভাগে
নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰ: ক্ৰমবৰ্ধমান পথ-দুৰ্ঘটনা হ্ৰাস কৰাৰ লগতে আত্মসংস্থাপন প্ৰদানৰ লক্ষ্যৰে প্ৰতি বিধানসভা সমষ্টিৰ ৫০জনকৈ যুৱক-যুৱতীক গাড়ী চলোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰি উন্নতমানৰ সেৱা আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা গুৰুত্বপূৰ্ণ আঁচনিখনে ৰাজ্যৰ বহু নিবনুৱা যুৱক-যুৱতীক উৎসাহিত কৰিছে ৷ ৰাজ্যৰ পৰিবহণ খণ্ডলৈ আমুল পৰিবৰ্তনৰ লগতে সুৰক্ষিত যাতায়ত ব্যৱস্থা বাহাল ৰখাৰ উদেশ্যে হাতত লোৱা মুখ্যমন্ত্ৰীৰ সপোনৰ আচনিখনৰ সঠিক আৰু সফল ৰূপায়ণৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে বিশেষ ভূমিকা গ্ৰহণ কৰিছে ৷ জিলাখনৰ বাছনি আৰু পৰীক্ষণ সমিতি গঠনৰ পিছত জিলা উপায়ুক্ত তথা জিলা পৰ্যায়ৰ বাছনি আৰু পৰীক্ষণ সমিতিৰ অধ্যক্ষৰ পৌৰহিত্যত প্ৰথমখন সভা অনুষ্ঠিত হোৱাৰে পৰা জিলাখনৰ ৪টা বিধানসভা সমষ্টি ক্ৰমে জালুকবাৰী, পূৱ গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু দিছপুৰক সামৰি আঁচনিখন বাস্তৱায়িত কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলিছে ৷ এই অভিলাষী আঁচনিৰ জৰিয়তে প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা ৫০ জনকৈ নিৰ্বাচিত যুৱক-যুৱতীক বিনামূলীয়াকৈ ৪৫ দিনীয়া গাড়ীচালনাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। অষ্টম শ্ৰেণী উত্তীৰ্ণ, ১৮ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰৰ যুৱক-যুৱতীসকলে নিজ নিজ বিধানসভা সমষ্টি উল্লেখ কৰি আবেদন কৰিব লাগিব। প্ৰশিক্ষণৰ অন্তত প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক ৩৩৭৫ টকাৰ এককালীন জলপানি প্ৰদানৰ লগতে গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ (লাইচেঞ্চ) প্ৰদান কৰি পৰ্যটনকে ধৰি বিভিন্ন ক্ষেত্ৰত কৰ্মসংস্থাপনৰ উদ্দেশ্যে নিয়োজিত হ’ব পৰাকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। বাছনিৰ ক্ষেত্ৰত দৰিদ্ৰ সীমাৰেখাৰ তলৰ তথা আৰ্থিকভাৱে অনগ্ৰসৰ যুৱক-যুৱতীক প্ৰাধান্য দিয়া হ’ব। সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া তথা সদস্য-সচিব গৌতম দাসে সদৰী কৰা মতে, আঁচনিখন ৰূপায়ণৰ বাবে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তক অধ্যক্ষ আৰু জিলা পৰিবহণ বিষয়াক সদস্য সচিব হিচাপে লৈ জিলা পৰ্যায়ৰ বাছনি সমিটিখন গঠন কৰা হয়। বাছনি সমিটিখনত আছে কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰীৰ দ্বাৰা মনোনীত সদস্য, আৰক্ষী অধীক্ষক, ৰাজহ চক্ৰ বিষয়া, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ বিষয়া, প্ৰশিক্ষণ প্ৰতিষ্ঠান বা আইটিআইৰ অধ্যক্ষ, অসম দক্ষতা বিকাশ অভিযানৰ বিষয়া, পৰিবহণ বিষয়াদ্বয় আদি। অসম দক্ষতা বিকাশ অভিযান চমুকৈ এ এচ ডি এম, আইটিআই তথা অনুমোদনপ্ৰাপ্ত অভিজ্ঞতাসম্পন্ন গাড়ী চালনাৰ প্ৰশিক্ষণ প্ৰদানকাৰী প্ৰতিষ্ঠানৰ জড়িয়তে প্ৰাৰ্থীসকলক এই প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ৫ বছৰৰ অভিজ্ঞতাসম্পন্ন গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ থকা তথা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা মটৰ মেকানিকছৰ পাঠ্যক্ৰম গ্ৰহণ কৰা বা সমপৰ্যায়ৰ অৰ্হতা থকা ব্যক্তিৰ জৰিয়তে প্ৰাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। গাড়ী চালনাৰ উপৰিও প্ৰশিক্ষাৰ্থীসকলক অন্যান্য ক্ষেত্ৰৰ দক্ষতাৰ লগতে ব্যক্তিত্ব বিকাশৰো প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। এই প্ৰশিক্ষণ প্ৰদান কৰিব ছফট স্কিল আৰু ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰখনত দুবছৰৰ অভিজ্ঞতা থকা তথা পৰ্যটন ক্ষেত্ৰৰ অভিজ্ঞ ব্যক্তিয়ে। প্ৰশিক্ষণ গ্ৰহণ কৰিবলগীয়া প্ৰাৰ্থীসকলে ৩ কপি পাছপৰ্ট ফটোসহ বয়স, শিক্ষাগত অৰ্হতা আৰু ঠিকনাৰ প্ৰমাণ পত্ৰ আবেদনপত্ৰৰ সৈতে গাঁঠি দিব লাগিব। বয়সৰ প্ৰমাণপত্ৰ হিচাপে আধাৰ কাৰ্ড, জন্মৰ প্ৰমাণ পত্ৰ, পান কাৰ্ড বা বিদ্যালয়ৰ প্ৰমাণপত্ৰ দিব পাৰিব। আনহাতে ঠিকনাৰ প্ৰমাণ পত্ৰ হিচাপে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আদি গণ্য কৰা হ’ব। কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ বেটকুছিস্থিত কাৰ্যালয়ৰ পৰা আবেদনপত্ৰ সংগ্ৰহ কৰিব পাৰিব ৷ আগ্ৰহী প্ৰাৰ্থীসকলে অতি শীঘ্ৰেই প্ৰয়োজনীয় নথিসহ আবেদন পত্ৰ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ বেটকুছিস্থিত কাৰ্যালয়ত জমা দিব লাগিব।