জালুকবাৰী ছোৱালী হাইস্কুলত ক’ভিড আতংক , কনটেণ্টমেণ্ট জন ঘোষণা
নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰ : গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয় , অসম জাতীয় বিদ্যালয়কে ধৰি কেবাখনো শিক্ষা প্ৰতিষ্ঠানৰ কেবাগৰাকী শিক্ষক – শিক্ষাৰ্থী ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত সেই শিক্ষানুষ্ঠানক প্ৰশাসনে কনটেণ্টমেণ্ট জন ঘোষণা কৰিছে । তাৰ মাজতেই গুৱাহাটীৰ সাতমাইলস্থিত জালুকবাৰী ছোৱালী হাইস্কুলত অধ্যয়ণৰত ৮ গৰাকী ছাত্ৰী ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত শেহতীয়াকৈ হাইস্কুলখনক কনটেণ্টমেণ্ট জন ঘোষণা কৰা হৈছে । ইয়াৰে ৭ জনী ষষ্ঠ আৰু এজনী অষ্টম শ্ৰেণীৰ ছাত্ৰী । প্ৰাপ্ত খবৰ মতে যোৱা সোমবাৰে বিদ্যালয়খনত স্বাস্থ্যকর্মীৰ দল এটা আহি মুঠ ২৮ জনী ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ লেলাউটিৰ নমুনা সংগ্ৰহ কৰিছিল । ইয়াৰে ৮ জনী ছাত্ৰীৰ ফলাফল পজিটিভ অহাত বিদ্যালয়খনক পাছদিনা অৰ্থাৎ মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ মৌখিক নিৰ্দেশ মৰ্মে এক সপ্তাহৰ বাবে কনটেণ্টমেণ্ট জন ঘোষণা কৰা হয় । সম্প্ৰতি আটাই কেইগৰাকী ছাত্ৰীক নিজ গৃহত হোম কোৱাৰেণ্টতামত ৰখা হৈছে আৰু গাড়ীগাঁও নগৰীয়া স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসা কৰ্মীৰ দলে তেওঁলোকক নিৰীক্ষণত ৰাখিছে । ইফালে সোমবাৰে বিদ্যালয়খন খোলাৰ পাছত বাকী থকা সকলো শিক্ষক – শিক্ষাৰ্থীকে পুনৰ ক’ভিড পৰীক্ষা কৰা হব বুলি জানিব পৰা গৈছে ।