নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিবহণ বিভাগে ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিলে বকেয়া কৰ আদায়ৰ সময়সীমা ; নিৰ্ধাৰিত সময়ৰ ভিতৰত আদায় নিদিলে ভৰিব লাগিব অতিৰিক্ত জৰিমনা 

 নিয়মীয়া বাৰ্তা , ৩ ডিচেম্বৰ : ক’ভিড – ১৯ মহামাৰীত বিধ্বস্ত হোৱা পৰিবহণ খণ্ডটোক কিছু সকাহ দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ পৰিবহণ বিভাগে যান বাহনৰ গৰাকী সকলৰ সুবিধাৰ্থে বকেয়া কৰ বা ৰাজহ ( Arrear Tax ) আদায় দিয়াৰ অন্তিম সময়সীমা শেষবাৰৰ বাবে ৩১ ডিচেম্বৰলৈ পুনৰ বৃদ্ধি কৰিছে । এই সন্দৰ্ভত সহকাৰী পৰিবহণ আয়ুক্ত আৰু কামৰূপৰ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ,( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) গৌতম দাসে জানিবলৈ দিয়া মতে এইবাৰ শেষবাৰৰ বাবে পৰিবহণ বিভাগে বকেয়া কৰ আদায় দিয়াৰ অন্তিম সময়সীমা ৩১ ডিচেম্বৰলৈকে বৃদ্ধি কৰিছে । সকলো যান বাহনৰ গৰাকীক এই নিৰ্ধাৰিত সময়ৰ ভিতৰত বকেয়া কৰ আদায় দিয়াৰ লগতে যান বাহনৰ যাবতীয় নথি পত্ৰ নবীকৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে । ৩১ ডিচেম্বৰৰ অন্তিম সময়সীমাৰ ভিতৰত বকেয়া কৰ আদায় নিদিয়া আৰু ম্যাদ উকলি যোৱা নথিপত্ৰ সমূহ নবীকৰণ নকৰা বাহনৰ বিৰুদ্ধে পহিলা জানুৱাৰীৰ পাছত বিশেষ অভিযান চলোৱা হব । অভিযানত বকেয়া কৰ আদায় নিদিয়াকৈ পথত চলি থকা ধৰা পৰিলে তেনে বাহনৰ পৰা অতিৰিক্ত জৰিমনা আদায় লোৱা হব । মূলত ক’ভিড পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্রণালয়ে যান বাহনৰ গৰাকী সকলক কৰ আদায় দিয়াৰ বাবে সাতবাৰকৈ সময়সীমা বৃদ্ধি কৰিছিল । সেই অন্তিম সময়সীমা ইতিমধ্যে ৩১ অক্টোবৰত উকলি গৈছিল । তাৰ পাছত অসম চৰকাৰৰ পৰিবহণ বিভাগে ৩০ নৱেম্বৰ আৰু শেহতীয়াকৈ ৩১ ডিচেম্বৰলৈকে নথিপত্ৰ নবীকৰণসহ অন্তিম সময়সীমা বৃদ্ধি কৰিলে । সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে ৩০ নৱেম্বৰত প্ৰথম অন্তিম সময়সীমা উকলি যোৱাৰ পূৰ্বতে একাংশ যান বাহনৰ গৰাকীয়ে বিভাগক বকেয়াসহ যাবতীয় কৰ কাটল আদায় দিছে । কিন্তু কেইবাবাৰো সংবাদ মাধ্যমৰ জৰিয়তে আবেদন – নিবেদন জনোৱা স্বত্বেও বহু যান বাহনৰ গৰাকীয়ে অদ্যাপি পৰিবহণ বিভাগক কৰ আদায় দিয়া নাই । যাৰ বাবে বকেয়াসহ যাবতীয় কৰ আদায় নিদিয়া যান বাহনৰ গৰাকী সকলক শেষবাৰৰ বাবে ৩১ ডিচেম্বৰৰ ভিতৰত কৰ আদায় দিবলৈ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে আহ্বান জনাইছে ।

You might also like