গভীৰ স্পৰ্শ
আমি স্বতঃসিদ্ধভাৱে ধৰি লওঁ যে সকলো মানুহেই সৃষ্টিশীল নহয় বা হ’ব নোৱাৰে বিশেষ গুণসম্পন্ন কিছুমান মানুহহে সৃষ্টিশীল৷ কিন্তু এতিয়া এই ধাৰণা পৰিত্যক্ত হ’বলৈ আৰম্ভ কৰিছে৷ এই বিষয়ে নতুন দৃষ্টিভংগীৰে চিন্তা–চর্চা কৰা বহুতো পণ্ডিতে ক’ব খোজে যে সকলো মানুহেই যেনেকৈ কথা কোৱাৰ শক্তি লৈ ওপজে, ঠিক তেনেকৈ সকলো মানুহেই কম–বেছি পৰিমাণে সৃষ্টিশীলতাৰ অধিকাৰী হৈ পৃথিৱীলৈ আহে৷ কিন্তু বেছিভাগ মানুহেই নিজৰ সৃষ্টিশীল প্রতিভাৰ বিষয়ে সচেতন নহয় কাৰণে তেওঁলোকে তাৰ বিকাশৰ কাৰণে চেষ্টা নকৰে৷ এনেকৈয়ে মানুহৰ প্রকৃতি–দত্ত প্রতিভাৰ অপচয় হয়৷
লীণ্ডন জনছন আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি হৈ থকাৰ সময়ত (১৯৬৩–৬৯) তেওঁৰ প্রেছ ছেক্রেটেৰী আছিল বিল ময়ার্ছ৷ আমি যিবোৰ মানুহে প্রতিদিনে সমগ্র বিশ্বৰ খবৰ জানিবলৈ চেষ্টা কৰোঁ আৰু সি আমাৰ নিত্য–নৈমিত্তিক অভ্যাসত পৰিণত হয়, তেওঁলোকৰ কাৰণে আমেৰিকা যুক্তৰাষ্ট্রৰ প্রেছ ছেক্রেটেৰীজনৰ নামটো সদায় লগ পাই থকা বন্ধুৰ নিচিনা এটা অতিকৈ চিনাকি নামত পৰিণত হয়৷ বিল ময়ার্ছ আছিল তেনে এটা নাম৷ তদুপৰি সেই সময়তে মোৰ মনত এনে এটা অনুভৱ হৈছিল যে আমেৰিকাৰ আন আন প্রেছ ছেক্রেটেৰীসকলতকৈ বিল ময়ার্ছ যেন অলপ বেলেগ৷ মোৰ অনুভৱ সত্য বুলি প্রমাণিত কৰি ১৯৭১ চনত তেওঁ এজন টেলিভিছন সাংবাদিক ৰূপে আত্মপ্রকাশ কৰিলে, আৰু আমেৰিকাৰ ইমূৰৰ পৰা সিমূৰলৈ প্রায় ২০,০০০ কিলোমিটাৰ ভ্রমণ কৰি লিখাListening to America নামৰ কিতাপখন বেষ্ট ছেলাৰত পৰিণত হ’ল৷
বিল ময়ার্ছে টেলিভিছনৰ কাৰণে কৰা The Creativity Quest নামৰ তথ্যচিত্রখনো সমানেই বিখ্যাত৷ তথ্যচিত্রখন কৰাৰ অভিজ্ঞতা বর্ণনা কৰি তেওঁ লিখা এটা প্রবন্ধThe American Review নামৰ বিখ্যাত আলোচনীখনৰ ১৯৮২ চনৰ গ্রীষ্ম সংখ্যাত প্রকাশ হৈছিল৷ সেই প্রবন্ধটোত তেওঁ কোৱা বহুতো কথাৰ মাজতে মাত্র এটা বিশেষ কথাৰ আলম লৈ মই আপোনালোকক দুআষাৰমান কথা ক’ব খুজিছোঁ৷
কিন্তু তাৰ আগতে কৈ ল’ব খোজোঁ যে বিল ময়ার্ছে উক্ত প্রবন্ধত লিখা অনুযায়ী Creativity শব্দটোOxford English Dictionaryত প্রথমবাৰৰ কাৰণে ঠাই পাইছিল ১৯৩৩ চনতহে৷ ওঠৰ শতিকাৰ আগলৈকে বোলে সৃষ্টিশীলতাৰ বিষয়টো পশ্চিমীয়া বিদ্বৎ–সমাজত আলোচনাৰ যোগ্য বুলিয়েই বিবেচিত নহৈছিল৷
ওপৰত কোৱা হৈছে যে বেছিভাগ মানুহৰে কম–বেছি পৰিমাণে সৃষ্টিশীলতা থাকে কিন্তু তেওঁলোকে নিজেই তাৰ অস্তিত্ব অনুভৱ নকৰে কাৰণে তাৰ বিকাশৰ কাৰণেও চেষ্টা নকৰে৷ ফলত তেওঁলোকে নিজৰ অন্তর্নিহিত প্রতিভা নিজৰ সমাধিলৈ কঢ়িয়াই লৈ যায়৷
কিন্তু ঘটনা–ক্রমে কোনোবা এজন মানুহে যদি অন্তর্দৃষ্টিৰে তেনে এজন মানুহৰ প্রতিভা আৱিষ্কাৰ কৰি তেওঁৰ কান্ধত সস্নেহ হাত এখন থৈ কয়– ‘তোমাৰ প্রতিভা আছে, তুমি ফাল্টু মানুহ নোহোৱা’ –তেন্তে মুহূর্তৰ ভিতৰতে তেওঁৰ জীৱনটো সলনি হৈ যাব পাৰে৷ তেওঁ নিজকে নতুনকৈ আৱিষ্কাৰ কৰিব পাৰে৷ তেওঁ নিজৰ জীৱনৰ এটা লক্ষ্য বিচাৰি পাব পাৰে৷
শংকৰদেৱৰ যাদুস্পর্শত মাধৱদেৱ সাধাৰণ মানুহ গুচি নামঘোষাৰ সন্তকবি মাধৱদেৱ হৈছিল৷ ৰামকৃষ্ণ পৰমহংসৰ যাদুস্পর্শত উন্নাসিক নাস্তিক নৰেন্দ্র নাথ দত্ত হৈছিল বিবেকানন্দ৷
সিমান উচ্চ পর্যায়লৈ নগৈ আমি সাধাৰণ মানুহৰ মাজৰ পৰাও বহুতো উদাহৰণ বিচাৰি উলিয়াব পাৰোঁ৷ বিল ময়ার্ছে তেওঁৰ প্রবন্ধটোত এনেকুৱা কেইটামান উদাহৰণ দিছে৷ ছেমছন ৰাফেলছন নামৰ এজন আমেৰিকান লেখকে এজন সম্পাদকলৈ কেইটামান গল্প পঠিয়াইছিল৷ সম্পাদকজনে গল্পকেইটা প্রকাশ কৰিয়েই ক্ষান্ত থাকিব পাৰিলেহেঁতেন৷ কিন্তু তেওঁ নাথাকিল৷ তেওঁ ৰাফেলছনৰ গল্পৰ প্রশংসা কৰি তেওঁলৈ এখন চিঠি লিখিলে৷ সেই চিঠিয়ে ৰাফেলছনৰ মনত কি প্রতিক্রিয়া কৰিলে? তেওঁৰ সংক্ষিপ্ত মন্তব্য ঃAnd I became a person.
আমেৰিকাৰ বিখ্যাত কৃষ্ণাংগ কবি মায়া এঞ্জেলোৱে বাল্যকালতেই এটা দুর্ঘটনাত পতিত হৈ পাঁচ বছৰৰ কাৰণে নিজৰ বাকশক্তি হেৰুৱাইছিল৷ সকলোৱেই তেওঁৰ ভৱিষ্যতত বিশ্বাস হেৰুৱাই পেলোৱা হ’লে মায়া এঞ্জেলো এসময়ত আমেৰিকাৰ বিখ্যাত কবি নহ’লহেঁতেন তেওঁ হেৰাই গ’লহেঁতেন অখ্যাতি আৰু বিস্মৃতিৰ অন্ধকাৰত৷ কিন্তু তেওঁৰ এগৰাকী আত্মীয়ই আশা নেহেৰুৱাই মায়া এঞ্জেলোক চার্লছ ডিকেঞ্চৰ উপন্যাস চিঞৰি চিঞৰি পঢ়ি শুনাবলৈ ধৰিলে৷ ডিকেঞ্চৰ উপন্যাস শুনি শুনি মায়া এঞ্জেলোৱে এনে এক সুতীব্র আৱেগ অনুভৱ কৰিবলৈ ধৰিলে যে তেওঁৰ যন্ত্রণা ৰূপান্তৰিত হ’ল কবিতালৈ৷She gave me back my voice.
মোৰ এটা অতি প্রিয় কাম হ’ল প্রতিভা আৱিষ্কাৰ কৰা আৰু প্রতিভাক উৎসাহ দিয়া৷ মই কাকো প্রতিভা দিব নোৱাৰোঁ৷ সেইটো কেৱল ঈশ্বৰ বা প্রকৃতিৰ দান৷ কিন্তু বহুত প্রতিভাৱান মানুহে তেওঁলোকৰ যে প্রতিভা আছে সেই কথা নিজেই নাজানে৷ তেনেকুৱা মানুহক তেওঁলোকৰ প্রতিভাৰ বিষয়ে সচেতন কৰি দিবলৈ মই চেষ্টা কৰোঁ৷ তেওঁলোকৰ মনত আত্মবিশ্বাস জগাই তুলিবলৈ মই চেষ্টা কৰোঁ৷
বহুতো উদাহৰণৰ মাজৰ পৰা বাছি বাছি মই মাত্র দুটা বা তিনিটা উদাহৰণ ইয়াত উল্লেখ কৰিম৷
অনুৰাধা শর্মা পূজাৰী আজি অসমৰ আটাইতকৈ বিখ্যাত আৰু জনপ্রিয় ঔপন্যাসিকসকলৰ ভিতৰত অন্যতম৷ মোৰ দ্বাৰা সম্পাদিত ‘অসম বাণী’ত (১৯৯২–৯৬) তেওঁ ‘কলিকতাৰ চিঠি’ লিখি সাহিত্যিক প্রতিষ্ঠা অর্জন কৰিছিল৷ এবাৰ তেওঁক ‘অসম বাণী’ৰ বিহু সংখ্যাৰ কাৰণে এখন উপন্যাস লিখিবলৈ মই অনুৰোধ কৰিলোঁ৷ তেওঁ পোনছাটেই মোৰ অনুৰোধ অগ্রাহ্য কৰি ক’লে যে তেওঁ উপন্যাস লিখাৰ কথা কেতিয়াও সপোনতো ভবা নাই তেনে এটা অসম্ভৱ অনুৰোধ তেওঁ ৰক্ষা কৰিব নোৱাৰে৷ মই নাছোৰবান্দা৷ মই তেওঁক বাৰে বাৰে ক’লোঁ যে উপন্যাস লিখিবলৈকে তেওঁৰ জন্ম হৈছে, আৰু তেওঁ উপন্যাস লিখিবই লাগিব৷ প্রায় এমাহ ধৰি টেলিফোনত এই বিষয়ে তর্ক–বিতর্ক চলিল৷ তাৰ মাজে মাজে কন্দাকটা৷ অৱশেষত তেওঁ উপন্যাস লিখিবলৈ বাধ্য হ’ল, আৰু যথাসময়ত বিহু সংখ্যা অসম বাণীত প্রকাশ হ’ল অনুৰাধা শর্মা পূজাৰীৰ ‘হূদয় এক বিজ্ঞাপন’৷ তাৰ পিছৰ কথাখিনি এতিয়া ইতিহাস৷
সাম্প্রতিক কালৰ এজন অতি বিখ্যাত আৰু জনপ্রিয় লেখক হ’ল নির্মল চাহেৱালা৷ সৰল সুৱদী অসমীয়া ভাষাত দ্রুতগতিৰে বিলীয়মান হোৱা অসমৰ গ্রাম্য জীৱনৰ ছবিবোৰ আঁকি আৰু সেইবোৰক চিৰকাললৈ সংৰক্ষিত কৰি নির্মল চাহেৱালাই অজস্র পাঠকৰ মন মুহিছে৷ কিন্তু জন্মসূত্রে মাৰোৱাৰী নির্মল চাহেৱালাই সপোনতো ভবা নাছিল যে তেওঁ এদিন লিখিবলৈ কলম হাতত তুলি ল’ব৷ মোৰ ধমক খাই এদিন তেওঁ হাতত কলম তুলি ল’লে৷ তাৰ পিছৰখিনি কথা এতিয়া ইতিহাস৷
প্রায় ১৫ বছৰমানৰ আগতে মই এবাৰ দিখৌমুখলৈ ফুৰিবলৈ গৈছিলো৷ উপযাচি মোৰ ভ্রমণ–সংগী হৈছিল ডাঃ প্রণয় ফুকন নামৰ এজন অচিনাকি মানুহ৷ তেওঁৰ ঘৰ দিখৌমুখত৷ ৰ’দত খোজকাঢ়ি কাঢ়ি ভাগৰ লগাত কিছু সময় জিৰণি ল’বলৈ এজন মিচিং বন্ধুৰ চাংঘৰত সোমালোঁ৷ মিচিং গাঁৱলৈ গ’লেই মোৰ মনত আপোনা–আপুনি কাব্যিক আৱেগ জাগি উঠে৷ আপঙৰ বাটিত শোহা এটা মাৰি স্বগতোক্তি কৰাৰ দৰে মই ক’লো– ‘এনে সুন্দৰ কাব্যিক পৰিৱেশ কবিতাৰ আবৃত্তি শুনিলে খুব ভাল লাগিলহেঁতেন৷’
লাজ লাজ কৰি প্রণয় ফুকনে এটা স্বৰচিত কবিতা আবৃত্তি কৰিলে৷ সেই মুহূর্ততে মই আৱিষ্কাৰ কৰিলোঁ যে প্রণয় ফুকন এজন ভাল কবি৷ মোৰ প্রশংসা শুনি প্রণয় ফুকনে সেই মুহূর্ততে আৱিষ্কাৰ কৰিলে যে তেওঁ আচলতে এজন কবি৷ তাৰ পিছৰখিনি কথা এতিয়া ইতিহাস৷
ওপৰত উল্লেখ কৰা বিল ময়ার্ছৰ প্রবন্ধটোৰ এঠাইত তেওঁ লিখিছে–‘For the inner life to flourish, everyone needs to be touched by someone.’