পৌৰ নির্বাচনত বিজয়ী মহিলা প্রার্থীৰ আসন ১০ বছৰলৈ সংৰক্ষিত থাকিব মহিলাৰ বাবে
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ আগন্তুক পৌৰসভা নির্বাচনত যিসমূহ আসনত এগৰাকী মহিলা প্রার্থী জয়ী হৈ আহিব, পৰৱর্তী ১০ বছৰৰ বাবে সেই আসনসমূহ মহিলাৰ বাবে সংৰক্ষিত হৈ থাকিব৷ এই কথা উল্লেখ কৰিলে ৰাজ্যিক বিজেপিৰ মহিলা মর্চাৰ সভাপতি তথা প্রাক্তন বিধায়িকা আঙুৰলতা ডেকাই৷ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত সংবাদ মেল আয়োজন কৰি সভাপতিগৰাকীয়ে কয়– পৌৰসভা নির্বাচনত দলক বিজয়ী কৰোৱাত মহিলা শক্তিৰ ওপৰত সর্বাধিক গুৰুত্ব দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ যোৱা ৫ ডিচেম্বৰত তেজপুৰত অনুষ্ঠিত হৈ যোৱা মহিলা মর্চাৰ ৰাজ্যিক কার্যনির্বাহক বৈঠকত ইতিমধ্যে মুখ্যমন্ত্রীয়ে মহিলাৰ কাৰণে আসন সংৰক্ষণৰ কথা ঘোষণা কৰিছে৷ সেয়াই নহয়, ২০২৬ত হ’ব লগা বিধানসভা নির্বাচনতো মুখ্যমন্ত্রীয়ে মহিলা নেত্রী সমুখলৈ অহাত গুৰুত্ব দিছে৷ গতিকে আগন্তুক সময়ত ৰাজ্যত নেতৃত্ব দিব পৰাকৈ নাৰীৰ ব্যক্তিত্ব বিকাশৰ বাবে গুৰুদায়িত্ব আহি পৰিছে মহিলা মর্চাৰ ওপৰত৷ সভানেত্রী আঙুৰলতা ডেকাই ইয়াকো কয় যে মহিলা মর্চাই প্রতিটো সমষ্টিলৈ গৈ চৰকাৰী আঁচনি কিদৰে কার্যকৰী হৈছে, তাক পর্যবেক্ষণ কৰাৰ লগতে সেই আঁচনিৰ পৰা কোনো মহিলা বঞ্চিত হৈছে নেকি, সেয়াও পৰীক্ষা কৰিব৷ পৌৰ নিগমৰ নির্বাচনত মহিলাৰ বাবে আসন সংৰক্ষণ কৰাৰ কাৰণে যি ঘোষণা কৰিলে, তাৰ বাবে সভানেত্রীগৰাকীয়ে ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰে৷