মানাহৰ শৰ পহুৰ আক্রমণত বৃদ্ধৰ কৰুণ মৃত্যু
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ বিগত কেইবাদিন ধৰি মানাহ ৰাষ্ট্রীয় উদ্যানৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা শৰ পহুৰ আক্রমণত মৃত্যু হয় এজন বৃদ্ধৰ৷ মৃত লোকজন বাক্সা জিলাৰ শালবাৰী মহকুমা তথা বাঁহবাৰী আৰক্ষী চকীৰ অন্তর্গত জ্ঞাতি গাঁৱৰ বীৰছা খাডীয়া (৭০)৷ প্রায় এমাহ ধৰি মানাহৰ বাঁহবাৰী বনাঞ্চলৰ ফ্ল’ৰিকেন ক’টেজৰ লগতে জ্ঞাতি গাঁৱৰ অঞ্চলত মুক্তভাৱে ঘূৰি ফুৰিছিল প্রাপ্তবয়স্ক শৰ পহুটোৱে৷ পুৱতিনিশা প্রায় চাৰি বজাত জ্ঞাতি গাঁৱৰ বীৰছা খাডীয়াই প্রসৱ কৰাৰ বাবে বাহিৰলৈ ওলাই অহা সময়তে পূর্বৰে পৰা ৰৈ থকা পহুটোৱে উপর্যপৰি আক্রমণ কৰে বীৰছা খাডীয়াক৷ পহুটোৱে বুকু, হাত, ভৰি আদি কেইবাটাও স্থানত আক্রমণ কৰাৰ ফলত থিতাতে মৃত্যু হয় বীৰছা খাডীয়াৰ৷ ঘটনাৰ খবৰ পাই আজি পুৱা ঘটনাস্থলীত বাঁহবাৰী বনাঞ্চলিক কার্যালয়ৰ সহকাৰী বন বিষয়া অলকেশ দাসৰ লগতে আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে৷ ইয়াৰ পিছতে শালবাৰী মহকুমাৰ মহকুমাধিপতি লক্ষ্যজ্যোতি দাস, বাহবাৰী বন বিষয়া বাবুল ব্রহ্ম, বিশেষ কর্তব্যৰত বিষয়া ধৰণীধৰ বডোৰ উপস্থিতিত ফ্ল’ৰিকেন ক’টেজত আশ্রয় লৈ থকা পহুটোক ড্রেংকুইলাইজ কৰাৰ ব্যৱস্থা কৰে৷ বন বিভাগৰ জ্যেষ্ঠ চিকিৎসক প্রভাত বসুমতাৰীয়ে পহুটোক তিনিবাৰকৈ ড্রেংকুইলাইজ কৰে যদিও কৰায়ত্ত কৰাত ব্যর্থ হয়৷ পিছত চতুর্থবাৰ ট্ৰেংকুইলাইজ কৰাৰ পিছতহে কৰায়ত্ত কৰিবলৈ সক্ষম হয় পহুটো৷ পিছত মানাহৰ গভীৰ অৰণ্যত পহুটো মুকলি কৰি দিয়া হয়৷ ইফালে পহুৰ আক্রমণত মৃত্যু হোৱা বীৰছা খাডীয়াৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ দাবী তোলে আছাৰ কেন্দ্রীয় প্রচাৰ সম্পাদক মানছুখ ছাঙখাৰিকাই৷