নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজধানী এক্সপ্রেছত বিধায়ক তেৰছ গোৱালাসহ পত্নীক অপদস্থ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ ৰাজধানী এক্সপ্রেছেৰে যাত্রাকালত দুর্ব্যৱহাৰৰ সন্মুখীন হ’ল দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাসহ তেওঁৰ পত্নী৷ প্রাপ্ত বাতৰি অনুসৰি  গুৱাহাটীৰ পৰা পত্নীৰ সৈতে বিধায়ক গোৱালাই যাত্রা কৰিছিল ডিব্রুগড় অভিমুখে৷ যাত্রাপথত বিধায়ক গোৱালাৰ পত্নীয়ে কথা পাতি থকাৰ সময়তে এজন সহযাত্রীয়ে দুর্ব্যৱহাৰ কৰে৷ বিধায়ক গোৱালা আৰু তেওঁৰ পত্নীয়ে ২০৫০৪ নম্বৰৰ ৰাজধানী এক্সপ্রেছখনৰ এ–৩ দবাৰ ৩৭ আৰু ৩৯ নম্বৰ আসনত পূর্বে সংৰক্ষিত অনুসৰি আসন লৈছিল৷ তেনে সময়তে বিধায়ক গোৱালাৰ পত্নীয়ে গুৱাহাটীত থকা তেওঁলোকৰ কন্যাৰ সৈতে ম’বাইল ফোনযোগে বার্তালাপ কৰি আছিল৷ ইয়াৰ মাজতে দবাটোত থকা এজন সহযাত্রীয়ে বিধায়ক গোৱালাৰ পত্নীক অপদস্থ কৰে৷ ইয়াক কেন্দ্র কৰি চলন্ত ৰাজধানী এক্সপ্রেছখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ মাজতে বিষয়টো ৰে’লৱে আৰক্ষীক অৱগত কৰোৱাত অপদস্থ কৰা ৰমাকান্ত ৰয়ক কৰায়ত্ত কৰে৷

You might also like